নগাঁও জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ ব্যৱস্থাপনাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট কথাশিল্পী তথা ‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱাৰ স্মৃতিত কমলাদেৱী তোদী ভৱনত শনিবাৰে ”কবিতাৰ দিন” শীৰ্ষক এটা অনুষ্ঠান সম্পন্ন হয়।
জিলা সাহিত্য সভাৰ উপ-সভাপতি নিত্যানন্দ বৰাৰ সভাপতিত্বত আৰু বিশিষ্ট কবি তথা অসম সাহিত্য সভাৰ কবি সন্মিলনৰ উপ-সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ‘কবিতাৰ এদিন’ শীৰ্ষক অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট কবি তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে।
উদ্বোধনী ভাষণত তেওঁ কবিতা সাধনাৰ ফল বুলি উল্লেখ কৰি কয় সাধনা নকৰাকৈ আজি কালি বহু লোকে কবিতা লিখিবলৈ আৰম্ভ কৰিছে। ই কবিতাৰ সাৰমৰ্ম হেৰুৱাই পেলাব যে খাটাং। আজিৰ প্ৰজন্মই আমি যেন নিজৰ মাজতে নিসংগ হৈ পৰিছো। ইয়াক গ্ৰাস কৰিছে বহুজাতিক কোম্পানীয়ে তৈয়াৰ কৰা স্মাৰ্ট ফোন জাতীয় বস্তুবোৰে। নৱকান্ত বৰুৱাৰ কবিতাত আধুনিকতাৰ প্ৰভাৱ সুস্পষ্ট বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁৰ কবিতাত সমাজৰ প্ৰতিটো কথাই ফুটি উঠে।
অনুষ্ঠানত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতী আৰু অধ্যাপক মোহিনী মোহন ডেকাই ভাষণ প্ৰদান কৰে। আনহাতে এই অনুষ্ঠানটোত ললিত চন্দ্ৰ দত্ত, থগিত মহন্ত, মৃদুপৱন বৰা, জ্যোতিপ্ৰসাদ বৰা, ৰজত বৰা, শিৱপ্ৰসাদ বৰা, ছামাদ চৌধুৰী, স্মৃতা কলিতা, গুণধৰ নাথ, আৰতি মজুমদাৰ, অপূৰ্ব হাজৰিকা, নৱ ৰাজন, বিচিত্ৰ নাৰায়ণ বৰা, ৰঞ্জনা বৰা, দিলীপ নাথ, পণ্ডিত প্ৰভা সূত, জেউতি হাজৰিকা, তপন কুমাৰ নগঞা, ময়ূৰ কুমাৰ বৰা, কন্দৰ্প কলিতা, মিণ্টু দাস, চিনু কাকতি শইকীয়া, মোলান লস্কৰ, নিৰু লস্কৰ, অপূৰ্ব কুমাৰ দাস, ধন মেধি, চায়েৰা চুলতানা, নিৰলা শইকীয়া দাস, অমিয়া গোস্বামী, গোপীকান্ত বৰা, দেৱযানী দেৱী, মালা কাকতী, কাৰুণ্য ভট্টাচাৰ্য, শিৱানন্দ কাকতী প্ৰমুখ্যে প্ৰায় অৰ্ধ শতাধিক নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰে।
অনুষ্ঠানৰ প্ৰাৰম্ভতে এখুদ ককাইদেউৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰে শুভাৰম্ভ কৰে জিলা উপ-সভাপতি নিত্যানন্দ বৰাই। আনহাতে, এই অনুষ্ঠানত নগাঁৱৰ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক-কবিৰ উপস্থিতিত কেইবাগৰাকী কবিয়ে কবিতা আবৃত্তি কৰে আৰু পৰাণ চন্দ্ৰ দাসৰ বাঁহীৰ সুৰে অনুষ্ঠানটো জীপাল কৰি তোলে।