• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট অসমীয়া সাহিত্যিকৰ নেতৃত্বতে গুৱাহাটীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে সমৰ্থন গোটোৱাৰ কূটকৌশল

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 15, 2018 8:09 pm
আলোচনা চক্ৰত ভাষণ দি থকা অৱস্থাত ‘সাহিত্য ভাৰতী’ৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা। ফটো : য়ু বি।

আলোচনা চক্ৰত ভাষণ দি থকা অৱস্থাত ‘সাহিত্য ভাৰতী’ৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন আৰু সাধাৰণ নাগৰিকে ব্যাপক আন্দোলন চলাই থকাৰ সময়তে অসমৰেই কেইগৰাকীমান সাহিত্যিক, লেখক আৰু বিশিষ্ট ব্যক্তিক আজি দেখা গ’ল বিধেয়কখনৰ সপক্ষে। কেৱল সেয়ে নহয়, এইসকল বিশিষ্ট লোকক বিধেয়কখনৰ বিষয়ে অসমৰ ৰাইজক প্ৰবোধ দিয়াৰ চেষ্টা কৰিব বুলি সংকল্প লোৱা দেখা গ’ল।

আজি, ১৫ জুলাইত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতী প্ৰেক্ষাগৃহত ‘সাহিত্য ভাৰতী’ নামৰ সংগঠনটোৰ উদ্যোগত অনুষ্ঠিত হয় নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত এখন আলোচনা চক্ৰ। তাৎপৰ্যপূৰ্ণ যে, ‘সাহিত্য ভাৰতী’ৰ সভাপতি হ’ল বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা। মন কৰিব কনকসেন ডেকাই সভাপতিত্ব কৰা আলোচনা চক্ৰখনত উপস্থিতসকলক ‘জাতিধ্বংসী’ নাগৰিকত্ব (সংশোধনী) বিধেয়কখনক আওপকীয়াকৈ সমৰ্থ কৰা পৰিলক্ষিত হয়। ইমানেই নহয় বিধেয়কখনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰো তীব্ৰ বিৰোধিতা কৰা হয় আলোচনা চক্ৰত।

Apply Now

এই অনুষ্ঠান চলি থকাৰ মাজতেই সাংবাদিকক সম্বোধন কৰি সাহিত্য ভাৰতীৰ সভাপতি কনকসেন ডেকাই কয়, “লোকসভাত এই বিলখন তিনিবাৰ গৃহীত হ’ব লাগে, কিন্তু এবাৰহে মাত্ৰ উত্থাপন কৰা হৈছে আৰু সেইখন যিহেতু যুটীয়া সংসদীয় সমিতিয়ে চৰজমিন কৰি আছে, গতিকে চৰজমিনৰ পাছতহে লোকসভাত সেইখন গৃহীত হ’ব পাৰে। লোকসভাত গৃহীত হ’লে ৰাজ্যসভালৈ যাব, কিন্তু ৰাজ্যসভাত এন ডি এ সংখ্যলঘিষ্ঠ। গতিকে বিধেয়কখন লোকসভাত গৃহীত হ’লেও ৰাজ্যসভাত গৃহীত হৈ আইনত পৰিণত হ’ব বুলি নাভাবো।”

তেওঁ লগতে এই বিধেয়কখনৰ বিৰুদ্ধে চলা আন্দোলনৰ সম্পূৰ্ণ বিৰোধিতা কৰে।

উল্লেখযোগ্য যে আজিৰ আলোচনাচক্ৰখন উদ্বোধন কৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই। মুখ্য অতিথি হিচাপে উপস্থিত আছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা সংবিধান বিশেষজ্ঞ ৰবীন্দ্ৰকুমাৰ ৰায়জাদা। উপস্থিত থাকে লেখক অৰুণ গোস্বামী, ড০ দয়ানন্দ পাঠক দৰে লেখক-সাহিত্যক।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে চলি থকা আন্দোলনৰ বিপৰীতে অৰুণ গোস্বামীয়ে কয়, “অনিশ্চিত বিষয় এটাক লৈ আন্দোলনৰ প্ৰয়োজনীয়তা এক বিন্দুও নাই। বিধেয়কখন গৃহীত হোৱাৰ পাছত যদি অসমৰ অনিষ্ট হয়, তেতিয়া আন্দোলন কৰিম।”

তেওঁ লগতে ‘এন আৰ চি প্ৰকাশ হোৱাৰ পাছত এজনা বিদেশী অসমৰ পৰা খেদিব নোৱাৰে’ বুলি মন্তব্য কৰে।

নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬-ৰ পৰ্যালোচনাৰ নামত অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ বিধেয়কখন সমৰ্থন কৰা লোকক গোটাই লৈ এনে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰে যিসমূহৰ জৰিয়তে ‘সাহিত্য ভাৰতীয়ে’ বিধেয়কখনক এক প্ৰকাৰ আদৰণিহে জনোৱাটো স্পষ্ট হৈ পৰিল।

আজিৰ এই আলোচনা চক্ৰত গৃহীত কৰা প্ৰথম প্ৰস্তাৱ অনুসৰি নাগৰিকত্ব সংশোধনী বিধেয়কত সন্নিৱিষ্ট বিভিন্ন ধাৰা সন্দৰ্ভত তথ্যভিত্তিক বাখ্যা প্ৰচাৰ কৰাৰ পোষকতা কৰে সাহিত্য ভাৰতীয়ে।

দ্বিতীয়তে বিধেয়কখন সন্দৰ্ভত অসমৰ মানুহৰ মনৰ পৰা সন্দেহ দূৰীকৰণৰ যথোচিত ব্যৱস্থা লোৱাৰো প্ৰস্তাৱ গ্ৰহণ কৰে সংগঠনটোৱে। লগতে ‘বিধেয়কখন কেৱল হিন্দু শৰণাৰ্থীক ৰক্ষণাবেক্ষণ দিবলৈ নহয়, বৰং পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ নিৰ্যাতিত সংখ্যালঘুসকলক সকাহ দিয়াৰ বাবেহে সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব’ বুলি অসমৰ ৰাইজক বুজনি দিয়াৰ চেষ্টা চলোৱাৰো প্ৰস্তাৱ লয়।

তৃতীয়তে বিধেয়কখনক লৈ সৃষ্টি হোৱা আন্দোলনৰ ফলত যাতে গোষ্ঠী, সম্প্ৰদায়ৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ বাবে সচেতনতা অভিযান চলোৱা আৰু আন্দোলনৰ জৰিয়তে ৰাজ্যৰ আৰ্থ-সামাজিক আৰু বিদ্যায়তনিক পৰিৱেশ বিনষ্ট নকৰাৰ বাবে জনসাধাৰণক অৱগত কৰোৱাৰ সিদ্ধান্ত লয় সাহিত্য ভাৰতীয়ে।

শেষত, চতুৰ্থ প্ৰস্তাৱ অনুসৰি পৰ্যালোচনাৰ ভিত্তিত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ কাৰ্যকৰীকৰণৰ বাবে এই আলোচনা চক্ৰৰ উদ্যোক্তাসকলক চৰকাৰ, বিভিন্ন সামাজিক সংগঠন আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মন কৰিব লগীয়া যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই আলোচনা চক্ৰত অসমৰ বিশিষ্ট লেখক-সাহিত্যিকৰ সন্মুখতেই বৰাক উপত্যকাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ পৰা অহা বহুকেইজন অংশগ্ৰহণকাৰীয়ে ভাষণ আগ বঢ়াই বিধেয়কখনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনোৱা দেখা গ’ল।

সমান্তৰালভাৱে এই আলোচনা চক্ৰত একাংশই মুছলমানৰ আগ্ৰাসনৰ বিষয়েও বক্তব্য দাঙি ধৰাৰ লগতে মুছলমানৰ আগ্ৰাসন ৰুধিবলৈ এই বিধেয়ক আইনত পৰিণত হোৱাৰ পোষকতা কৰে।

তাৎপৰ্যপূৰ্ণভাৱে নামত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬-ৰ পৰ্যালোচনা সভা যদিও আলোচনা চক্ৰখনত দেখা নগ’ল বিধেয়কৰ বিৰোধিতা কৰা কোনো দল-সংগঠনৰ প্ৰতিনিধিক। দৰাচলতে গোটেই আলোচনা চক্ৰখন একপক্ষীয় মতেৰে পৰিকল্পিতভাৱে চলাই নিয়া হ’ল।

যি সময়ত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বক লৈ ভাবুকিৰ সৃষ্টি হৈছে, অসমতে অসমীয়াভাষী মানুহৰ সংখ্যা হ্ৰাস পাইছে তেনে সময়তে অসমৰে একাংশ বিশিষ্ট নাগৰিকৰ তৎপৰতাত ‘খিলঞ্জীয়া বিৰোধী’ বিধেয়কখনক লৈ এনেধৰণৰ তৎপৰতা অৱশ্যেই চিন্তনীয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd