• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰক্ষকেই ভক্ষক : প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হ’ল দিচপুৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক প্ৰেমলতা শইকীয়া

মুকুট দাস by মুকুট দাস
July 15, 2018 9:05 pm
Sub-Inspector Premalata Saikia

গ্ৰেপ্তাৰ হোৱা দিচপুৰ থানাৰ উপ-পৰিদৰ্শক প্ৰেমলতা শইকীয়া।

116
VIEWS
Share on FacebookShare on Twitter

ৰক্ষকেই ভক্ষকত পৰিণত হোৱা এগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শকক আজি ক্ষেত্ৰীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পি কে নাথৰ নেতৃত্বৰ এটা অভিযানকাৰী দলে নুনমাটি থানাৰ সহযোগত প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। নাৰেংগীৰ শান্তিনগৰৰ তেওঁৰ ঘৰৰ পৰা দিনৰ প্ৰায় ১ বজাত গ্ৰেপ্তাৰ কৰা এই আৰক্ষী উপ-পৰিদৰ্শকগৰাকী হ’ল দিচপুৰ থানাৰ প্ৰেমলতা শইকীয়া।

ক্ষেত্ৰী আৰক্ষীয়ে জনোৱামতে, ৪৯ বছৰীয়া মহিলা আৰক্ষী বিষয়াগৰাকীক মাটি-বাৰী সম্পৰ্কীয় এটা প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰটোৱে জনোৱা মতে, শইকীয়াই ছয়মাইলৰ হেমলতা ভাটী নামৰ এগৰাকী মহিলাৰ পৰা তেওঁৰ নামত ক্ষেত্ৰীত থকা এডোখৰ মাটি বিক্ৰী কৰি দিম বুলি লৈছিল। কিন্তু তাৰ পিছৰ পৰাই তেওঁ পলাতক হৈ থাকে।

“ক্ষেত্ৰীৰ ৩.৫ কঠা পৰিমাণৰ মাটিডোখৰ বিক্ৰী কৰি দিম বুলি বৃহৎ পৰিমাণৰ টকা লোৱাৰ পিছৰ পৰাই তেওঁ পলাতক হৈ আছিল।” আৰক্ষী আয়ুক্ত হীৰেন নাথে এইদৰে কয়।

তেওঁ লগতে কয় যে অভিযুক্ত মহিলা আৰক্ষী বিষয়াগৰাকীক ছমাহ পূৰ্বে নলবাৰীলৈ বদলি কৰা হৈছিল যদিও তেওঁ যোগদান কৰা নাছিল।

তেওঁ আন কেইবাটাও প্ৰৱঞ্চনাৰ ঘটনাত জড়িত বুলি আৰক্ষী আয়ুক্ত হীৰেন নাথে নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

ক্ষেত্ৰী থানাই জনোৱামতে, এই মাটি-বাৰীৰ প্ৰৱঞ্চনাৰ গোচৰটো সন্দৰ্ভত মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ক্ষেত্ৰী থানাত 27/16 নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল।

জানিব পৰা মতে, অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক কাইলৈ কামৰূপ মহানগৰ জিলা ছেছন আদালতত হাজিৰ কৰোৱা হ’ব।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd