• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্তিম মুহূৰ্তলৈ পিতৃ মাতৃক শুশ্রূষা কৰিব পৰাটোৱেই প্ৰকৃত শিক্ষা : উৎপল হৰ্ষবৰ্ধন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 17, 2018 7:13 am
তামুলপুৰ শিশু বিদ্যা নিকেতন
162
VIEWS
Share on FacebookShare on Twitter

‘নিজৰ পিতৃ মাতৃক ভগৱানৰ পিছতে স্থান দি জীৱনৰ অন্তিম মুহুৰ্তলৈকে যথোচিত  শুশ্ৰূষা কৰিব পৰাটোৱেই দৰাচলতে প্ৰকৃত  শিক্ষা।‘ এই ভাষ্য মাদাৰ ওল্ড এজ হোমৰ সঞ্চালক উৎপল হৰ্ষবৰ্ধনৰ।

শিশু শিক্ষা সমিতি ,অসমৰ দ্বাৰা পৰিচালিত  শংকৰদেৱ বিদ্যা নিকেতন , তামুলপুৰৰ প্ৰাক্তন ছাত্ৰ ভাৰতীৰ নৱম বৰ্ষপূতি উপলক্ষে আয়োজিত ‘অতীতৰ সোণসেৰীয়া বাটেৰে’  শীৰ্ষক অন্তৰংগ আড্ডা  অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি তেওঁ এই মন্তব্য আগবঢ়ায়।

তেওঁ কয়, ‘’কোৱা হয় মানুহ জীৱ শ্ৰেষ্ঠ। কিন্তু এই জীৱ শ্ৰেষ্ঠ মানুহৰ মাজৰে একাংশৰ মানৱতাৰ চূড়ান্ত অৱক্ষয় ঘটিছে এইখন অসমত। এইখন অসমত একাংশ ল’ৰা ছোৱালীয়ে নিজৰ পিতৃ মাতৃক হেয় জ্ঞান কৰি আহিছে। ফলত কেইবাজনো ককা- আইতাই সন্মুখীন হ’ব লগা হৈছে এক অবৰ্ণনীয় পৰিস্থিতিৰ। উচ্চ শিক্ষাৰে শিক্ষিত হৈয়ো এই সকল ব্যক্তিয়ে পিতৃ মাতৃক উচিত সময়ত অৱহেলা কৰা কাৰ্যই স্বাভাবিকতেই জোকাৰি গৈছে প্ৰতিজন হৃদয়বান মানুহৰ অন্তৰ।‘’

প্ৰসংগক্ৰমে তেওঁ কয় যে মানৱতাক ভূ লুণ্ঠিত কৰি একাংশ ব্যক্তিয়ে নিজ পিতৃ মাতৃক ৰাস্তা ঘাট , ফূটপাঠ আদিত পেলাই থৈ যোৱা ঘটনাও ইতিমধ্যে সংঘটিত হৈছে। তেওঁলোকে নিজ পুত্ৰ বোৱাৰীৰ পৰা অৱজ্ঞাৰ সন্মুখীন হৈ দিকভ্ৰান্ত হৈ পৰে। ফলত তেওঁলোকৰ শেষ আশ্ৰয়স্থল হৈ পৰে বৃদ্ধাশ্ৰম।

মাদাৰ ওল্ড এজ হোমত শতাধিক  ককা আইতাক চোৱা চিতা কৰি থকাৰ কথা উল্লেখ কৰি হৰ্ষবৰ্ধনে কয় যে এই পৰ্যন্ত কেইবাগৰাকীও ককা আইতাই মাদাৰ ওল্ড এজ হোমত শেষ নিশ্বাস ত্যাগ কৰিছে। তেওঁলোকৰ অন্ত্যষ্টিক্ৰিয়া সমাপন কৰিবলৈ তেওঁলোকৰ সন্তানক খবৰ দিয়াৰ পিছতো তেওঁলোকে অন্ত্যষ্টিক্ৰিয়া কৰিবলৈ নহাৰ কথাও দোহাৰে উৎপল হৰ্ষবৰ্ধনে।

প্ৰাক্তন ছাত্র ভূপেন দাস , বেদান্ত দাস আৰু প্ৰাক্তন ছাত্ৰী পল্লৱী ওজাই আঁত ধৰা উক্ত অনুষ্ঠানত ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি মুকুন্দ দাস , সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়ো , নিকেতন পৰিচালনা সমিতিৰ সম্পাদক সৰ্বেশ্বৰ ওজা , সাংবাদিক তীৰ্থ ৰঞ্জন মহন্ত , বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা , প্ৰধানাচাৰ্য সুৰেন্দ্ৰ নাথ কলিতা , উপ প্ৰধানাচাৰ্য জীৱন কলিতা , জ্যেষ্ঠ আচাৰ্য বানেশ্বৰ দাস , বিশিষ্ট কবি লেখক দ্বিজেন কুমাৰ দাস , আছু নেতা ডুলুজিৎ দাস আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

বন্তি প্ৰজ্বলনেৰে উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নিকেতনৰ প্ৰধানাচাৰ্য সুৰেন্দ্ৰ নাথ কলিতাই। প্ৰাক্তন ছাত্র ভাৰতীৰ প্ৰাচীৰ পত্ৰিকা বোধিদ্ৰুম উন্মোচন কৰে বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাই। ইফালে অতীতৰ সোনসেৰীয়া বাটেৰে শীৰ্ষক অন্তৰংগ আড্ডাত নিকেতনৰ কেইবাগৰাকীও প্ৰাক্তন আচাৰ্য- আচাৰ্যাই অংশগ্ৰহণ কৰে। প্ৰাক্তন ছাত্ৰ ধনজিত দাস , বিতোপন ৰাজবংশী আৰু নন্দিতা ডেকাই আঁত ধৰা উক্ত অন্তৰংগ আড্ডাত আচাৰ্য আচাৰ্যা সকলে তেওঁলোকৰ মধুৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।

অনুষ্ঠানত বিষ্ণু জ্যোতি জাতীয় বিদ্যালয় , তামুলপুৰৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থী কৰিনা চিদ্দিকাই কবিতা আবৃত্তি কৰি উপস্থিত সকলোকে আপ্লুত কৰি তোলে। বিয়লিৰ ভাগত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহো ৰাম বড়োৱে উদ্বোধন কৰা উক্ত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী গৌৰাঙ্গ ৰাগৰ লগতে কৰিশ্মা শৰ্মা , দীনেশ কলিতা আদিকে ধৰি কেইবাজনো কণ্ঠ শিল্পী আৰু নৃত্য শিল্পীৰ গীত নৃত্যৰ লগতে তুষাৰ ৰঞ্জন শৰ্মাৰ বাঁহী বাদনে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ ডেকাই । স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ন কৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি মুকুন্দ দাস আৰু নিকেতন পৰিচালনা সমিতিৰ সম্পাদক সৰ্বেশ্বৰ ওজাই। সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই দিনজোৰা কাৰ্যসূচীৰে   অনুষ্ঠিত অনুষ্ঠানৰ সামৰণি পৰে ।

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd