• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ নিৰ্বাচনৰ আগৰ পৰিৱৰ্তন আৰু শৰাইঘাটৰ ৰণ এতিয়া হ’লগৈ হিন্দু বাংলাদেশীক আমন্ত্ৰণ : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 18, 2018 9:23 am
Assam NRC employees' pen will determine fate of indigenous people, says AASU advisor Samujjal Bhatta

সমুজ্জ্বল ভট্টাচাৰ্য্যৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“নিৰ্বাচনৰ সময়ত বিজেপিৰ শ্ল’গান আছিল পৰিৱৰ্তন। কিন্তু এতিয়া কি হৈছে, পৰিৱৰ্তন নে আমন্ত্ৰণ? অসমত খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষা হ’ব বুলি বিজেপি চৰকাৰে কৈছিল, দ্বিতীয় শৰাইঘাটৰ ৰণ বুলিও কোৱা হৈছিল। এতিয়া ৰণৰ পৰিৱৰ্তে চলিছে বাংলাদেশীক আমন্ত্ৰণ।”

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ দ্বাৰা ৰচিত তথা অসম বুক হাইভৰ দ্বাৰা প্ৰকাশিত ‘অসমলৈ বিদেশীৰ প্ৰব্ৰজন : নেহৰুৰ পৰা মোদীলৈ’ শীৰ্ষক গ্ৰন্থখনৰ উন্মোচক হিচাপে উপস্থিত থাকি ভাষণ প্ৰসংগত এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

Apply Now

আনহাতে, শৰাইঘাটৰ দ্বিতীয় ৰণ বুলি কৈছিল যদিও খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবে বিজেপি চৰকাৰে কোনো পদক্ষেপ লোৱা নাই বুলিও পৰিৱৰ্তনকামী বিজেপি চৰকাৰক সমালোচনা কৰে ড০ ভট্টাচাৰ্য্যই। তেওঁ লগতে কয়, “১৯৭১ চনৰ পাছত অহা বিদেশীৰ বোজা অসমত জাপি দিব বিচাৰিছে।”

লেখক জিতেন্দ্ৰ নাথ চৌধুৰীক অভিনন্দন জ্ঞাপন কৰি ভট্টাচাৰ্য্যই কয় যে এইখন তথ্য সম্বলিত তথা ধাৰাবাহিকতা থকা গ্ৰন্থ।

ইয়াৰোপৰি, অসমৰ বিভিন্ন সমস্যাক লৈ ইতিমধ্যে বহু গ্ৰন্থ প্ৰকাশ পাইছে যদিও বহু ভুল তথ্য প্ৰকাশ পাইছে বুলিও তেওঁ গ্ৰন্থ উন্মোচনী সভাত সদৰী কৰে।

উক্ত গ্ৰন্থ উন্মোচনী সভাৰ জৰিয়তে তেওঁ অসম আন্দোলন আৰু অসমৰ বিদেশী সমস্যাৰ বিষয়ত এখন গ্ৰন্থ লিখি উলিয়াবলৈ লেখক জিতেন্দ্ৰ নাথ চৌধুৰীক অনুৰোধ জনায়।

আনহাতে, নেহৰুৰ শাসনকালতে অসমক কেন্দ্ৰ কৰি প্ৰথম ৰাজনৈতিক অবিচাৰ হৈছিল বুলি উল্লেখ কৰি সমুজ্জ্বল ভট্টাচাৰ্য্যই কয়, “দেশ বিভাজনৰ সময়ত নেহৰুৱে অসমক পাকিস্তানৰ সৈতে ৰখাৰ পৰিকল্পনা কৰিছিল যদিও মহাত্মা গান্ধীৰ সমৰ্থন তথা গোপীনাথ বৰদলৈৰ সহযোগিতা আৰু সেইসময়ৰ স্বাধীনতা আন্দোলনত ওতপ্ৰোতভাৱে জড়িত অসমৰ নেতাকেইগৰাকীমানৰ প্ৰচেষ্টাত অসম ভাৰতৰ হাততে থাকিল।”

তদুপৰি, গোপীনাথ বৰদলৈয়ে ১৯৪৯ চনত অসমৰ বাবে ধনৰ আবণ্টন বিচাৰি তথা অসমৰ হিন্দু-মুছলমান শৰণাৰ্থীসকলক ঘূৰাই পথাবৰ বাবে সেইসময়ৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুলৈ চিঠি লিখিছিল বুলি তেওঁ ভাষণ প্ৰসংগতে উল্লেখ কৰে। “কিন্তু নেহৰুৱে চিঠিৰ উত্তৰত কৈছিল অসমৰ মানুহৰ মনোবৃত্তি ঠেক আৰু যদি শৰণাৰ্থীসকলক থাকিবৰ বাবে মাটি নিদিয়ে তেন্তে অসমলৈ পুজিৰ আবণ্টন বন্ধ কৰি দিয়া হ’ব। এইটো আছিল নেহৰুৰ গোপীনাথ বৰদলৈৰ প্ৰতি এক প্ৰকাৰৰ ধমকি।” ভট্টাচাৰ্যই কয়।

আনহাতে গোপীনাথ বৰদলৈয়ে প্ৰধান মন্ত্ৰী নেহৰুৰ ওচৰত সেও মনা নাছিল বুলিও তেওঁ মত প্ৰকাশ কৰাৰ লগতে কয় যে সেই সময়ত গোপীনাথ বৰদলৈয়ে শৰণাৰ্থীসকলক বসবাসৰ বাবে মাটি দিয়া নাছিল ।

“সেই সময়ৰ গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেল সমগ্ৰ ভাৰতৰ বাবে লৌহ মানৱ আছিল যদিও অসমৰ বাবে লৌহ মানৱ নাছিল।” এইদৰে মন্তব্য কৰি তেওঁ লগতে কয়,  “জৱাহৰলাল নেহৰুৰ বাৰম্বাৰ হেঁচাৰ পাছতো গোপীনাথ বৰদলৈয়ে শৰণাৰ্থীক মাটি দিয়া নাছিল। সেই সময়তে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী অজিত প্ৰসাদ জৈন ১৯৫০ চনত অসমলৈ আহি গোপীনাথ বৰদলৈ আৰু ৰাজহ মন্ত্ৰী বিষ্ণুৰাম মেধিক খিলঞ্জীয়া আৰু শৰণাৰ্থীসকলৰ বাবে ৫০ শতাংশকৈ মাটি ভগাই লোৱাৰ পৰামৰ্শ দিছিল। কিন্তু মুখ্য মন্ত্ৰী আৰু ৰাজহ মন্ত্ৰীয়ে এই পৰামৰ্শ মানি নোলোৱাত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলে বিষ্ণুৰাম মেধিক ধমকি দিছিল। সেয়াই আছিল লৌহ মানৱৰ অসমৰ প্ৰতি সেইসময়তে প্ৰদৰ্শন কৰা আচৰণ আৰু অবিচাৰ।”

আনহাতে, স্বাধীনতাৰ পিছৰ পৰা কোনো এগৰাকী প্ৰধান মন্ত্ৰীৰে অসমৰ প্ৰতি থকা দৃষ্টিৰ আজি পৰ্য্যন্ত সলনি নহ’ল বুলি তেওঁ কয়। ইয়াৰোপৰি নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধান মন্ত্ৰী হৈ ৰাজনৈতিক পৰিৱৰ্তন হ’ল যদিও দিল্লীৰ অসমৰ প্ৰতি থকা দৃষ্টিৰ পৰিৱৰ্তন নহ’ল বুলি প্ৰধান মন্ত্ৰীক তেওঁ সমালোচনা কৰে।

“যোৱা চাৰি বছৰে শাসনত থাকিও ২৬৮ কিঃ মিঃ সীমা ছীল কৰিব নোৱাৰিলে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা ঘণ্টাও অসম চুক্তিখনৰ সম্পৰ্কে আলোচনা কৰাৰ বাবে সময় উলিয়াব নোৱাৰিলে।” ড০ ভট্টাচাৰ্য্যই এইদৰে কয়।

আনহাতে, খিলঞ্জীয়া মানুহে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰি তথা সুৰক্ষাৰ স্বাৰ্থত বিজেপি-অগপ-বিপিএফৰ চৰকাৰখনক হিল-দ’ল ভাঙি ভোট দিবৰ বাবে ওলাই আহিছিল যদিও অসমৰ জনসাধাৰণে কোনো সুফল নাপালে বুলি অভিযোগ কৰে আছুৰ নেতাগৰাকীয়ে।

আনহাতে উক্ত সভাত উপস্থিত থকা প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ গ্ৰন্থখনক এখন জীৱন্ত দলিল আখ্যা দিয়াৰ লগতে কয় “এই গ্ৰন্থখনত তেওঁ জাতীয় অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত নিজৰ বিচাৰ-বুদ্ধিৰ বিষয়ে উল্লেখ আছে। তেওঁ কোনো আবেগৰ বশৱৰ্তী হৈ গ্ৰন্থখন লিখা নাই।”

উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা আমাৰ অসম কাকতৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে জিতেন্দ্ৰ কুমাৰ চৌধুৰীক গ্ৰন্থখন লিখি উলিওৱা বাবে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সাংবাদিকসকলৰ বাবে এইখন এখন গুৰুত্বপূৰ্ণ আৰু লাগতিয়াল হাতপুথি বুলিও উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd