• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰএছএছৰ নিৰ্দেশত চলিছে এনআৰচিৰ কাম, সেয়ে কৰ্তন হৈছে অসমীয়া মুছলমানৰ নাম : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 19, 2018 8:20 am
ea382a85-6b9b-40c7-8d23-c561e678bc07

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰণ গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আৰ এছ এছৰ নিৰ্দেশত চলি আছে এন আৰ চি উন্নীতকৰণৰ কাম । সেয়ে বেছিকৈ কৰ্তন হৈছে অসমীযা মুছলমান লোকৰ নাম’। এই মন্তব্য প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ।

বুধবাৰে কইনাধৰাস্থিত বাসগৃহত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি আৰএছএছৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয়, ‘ন্যায়ালয়ৰ নিৰ্দেশ মতে হ’ব লাগিছিল এন আৰ চিৰ কাম। কিন্তু হৈ আছে আৰএছএছৰ নিৰ্দেশত। সেয়া হ’লে দেশ ক’ত চলিব?’

Apply Now

তদুপৰি সীমা সুৰক্ষা বাহিনীয়ে ভাৰতীয় নাগৰিকক ডি-ভোটাৰ সজোৱা বুলি অভিযোগ আনি গগৈয়ে কয়, ‘সীমা সুৰক্ষা বাহিনীয়ে যাকে-তাকে কোনো চিন্তা নকৰাকৈ প্ৰকৃত ভাৰতীয় নাগৰিকক ডি-ভোটাৰ কৰি তেওঁলোকক বিদেশী ন্যায়াধীকৰণলৈ পঠাই দিছে’।

ডি-ভোটাৰ সজোৱা লোকসকলৰ নথি-পত্ৰত নাম নাথাকিলে তেওঁলোকক বিদেশী সজোৱাত কোনো আপত্তি নাই। কিন্তু যি ধৰ্ম বা ভাষাৰ নহওঁক ভাৰতীয় নাগৰিকৰ নাম কৰ্তন হ’ব নালাগে বুলি স্পষ্ট ৰূপত তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় ‘সীমা সুৰক্ষা বাহিনীয়ে অলপো চিন্তা নকৰাকৈ আইনৰ অৱমাননা কৰিছে। সেয়ে আইন অৱমাননা কৰাৰ অপৰাধত নিয়মমতে তেওঁলোকৰ ওপৰত গোচৰ ৰুজু কৰিব লাগে’।

আনহাতে, ১৯৩৭ চনৰ পৰা ১৯৪৬ চনলৈকে অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা মৌলৱী মহম্মদ আমিৰুদ্দিনৰ নাতিনীয়েকসকল অসমত জন্ম হোৱাৰ পাছতো তথা ২০০৫ চনৰ পৰা ২০১৮ চনৰ ভোটাৰ তালিকাত নাম থকা স্বত্বেও তেওঁলোকক ডি-ভোটাৰ সজোৱা হোৱাটো দুৰ্ভাগ্যজনক বুলি গগৈয়ে সংবাদমেলত কয়।

উল্লেখ্য যে এন আৰ চিৰ পৰা নাম কাট খোৱা বেছিভাগেই দৰিদ্ৰ আৰু অশিক্ষিত। এন আৰচিৰ জৰিয়তে বিদেশী সমস্যা সমাধান কৰিব বিচৰাতকৈ নতুন সমস্যাৰহে সৃষ্টি কৰিব বিচাৰিছে এই চৰকাৰখনে।

গগৈয়ে কয় ‘এফালে সীমা সুৰক্ষা বাহিনীৰ অত্যাচাৰ, আনফালে বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশসকলে যিধৰণে ন্যায় বিচাৰ কৰিব লাগিছে  সেই ধৰণে কৰা নাই। যাৰ ফলত ভাৰতীয় নাগৰিকেই ডিটেনশ্যন কেম্পত থাকিবলগীয়া হৈছে’।

ডি-ভোটাৰ সজাই ডিটেনশ্বন কেম্পলৈ পঠোৱাৰ ফলত  ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব হৈছে সেয়েহে ন্যায়াধীশ কেইজনকো দোষাৰোপ কৰিব লাগে বুলি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

‘প্ৰকৃত ভাৰতীয় নাগৰিকসকলে এনআৰচিৰ নামত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে সেয়ে এই বিষয় সমূহ লৈ মই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিম’। তৰুণ গগৈৰ মন্তব্য।

হিন্দু ধৰ্ম প্ৰতিষ্ঠাৰ নামত অসমীয়াক সংখ্যালঘু কৰাৰ চেষ্টা চলাইছে বিজেপিয়ে। এইদৰে কটাক্ষ কৰি তেওঁ লগতে বিজেপি চৰকাৰক প্ৰশ্ন কৰি কয় ‘আমাৰ মতে আমি অসমীয়াও হৈ থাকিম, হিন্দুও হৈ থাকিম, সেইবুলিয়ে নেপাল, আফগানিস্থানৰ পৰা হিন্দু আনি অসমৰ জাতি-মাটি-ভেটি বিক্ৰী কৰি দিম নেকি?’

আনহাতে মৰিগাওঁ জিলাৰ মৈৰাবাৰীৰ মাজিদা খাতুন নামৰ মৈৰাবাৰীৰ মহিলাগৰাকীৰ গিৰিয়েক গাওঁবুঢ়া, তেওঁৰ ককা স্বাধীনতা সংগ্ৰামী হোৱাৰ পিছতো তেওঁক কিয় বিদেশী বুলি ঘোষণা কৰা হ’ল বুলি গগৈয়ে সংবাদমেলত প্ৰশ্ন কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd