নগাঁৱৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান নৱৰূপ শিল্পী সমাজৰ ব্যৱস্থাপনাত যোৱা ৯ জুলাইৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰত অনুষ্ঠিত গ্ৰীষ্মকালীন নাট কৰ্মশালাখনি এক সাংস্কৃতিক কাৰ্য্যসূচীৰ মাজেৰে যোৱা ১৯ জুলাইত সামৰণি পৰে।
নাট কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা কবিতা আবৃতি, একক অভিনয়, ৪ খনকৈ মঞ্চ নাটক, ২ খন মুকা অভিনয়, একক নৃত্য, দলীয় নৃত্য, আধুনিক নৃত্য আদি অনুষ্ঠিত হয়।
দহদিনীয়াকৈ অনুষ্ঠিত নাট কৰ্মশালাখনিত আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটা প্ৰাপক বিশিষ্ট চলচ্চিত্র পৰিচালক অৰূপ মান্না, নাট্যকাৰ-পৰিচালক দীপক বৰা, নাট্যকাৰ-পৰিচালক মৃনাল কুমাৰ বৰা, পৰিচালক-চিত্রনাট্যকাৰ নৱজ্যোতি বৰা, অভিনেতা-পৰিচালক সোণমনি বেজবৰুৱা, নৃত্য প্ৰশিক্ষক গৌৰৱ হাজৰিকা, জনপ্ৰিয় অসমীয়া ধাৰাবাহিক বেহাৰবাৰী আউটপ’ষ্টৰ জনপ্ৰিয় অভিনেতা কে.কে নামেৰে জনাজাত সিদ্ধাৰ্থ শৰ্ম্মা আৰু ৰাকেশ নামেৰে খ্যাত ৰিন্টুমনি বৰা, অভিনেতা-মুকাভিনয় প্ৰশিক্ষক শোনিত বৰা, অভিনেতা ৰংঙ্গম কাশ্যপ শৰ্ম্মা, অভিনেত্রী চুস্মিতা শইকীয়া, অভিনেতা উৎপল কলিতা আদিয়ে প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়ে।
নৱৰূপ শিল্পী সমাজে সুন্দৰভাৱে আয়োজন কৰা নাট কৰ্মশালাখনিত সৰ্বমুঠ ২৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে সামৰণি অনুষ্ঠানত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক-ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতি, নেহৰু যুৱ কেন্দ্ৰ উত্তৰ-পূৱৰ প্ৰাক্তন সমন্বয়ক ঘনশ্যাম হাজৰিকা, শিক্ষাবিদ হৰেশ্বৰ শইকীয়া, জ্যেষ্ঠ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, অসম যোগ সন্থাৰ সম্পাদক প্ৰভাত বৰা, যুৱ সংগঠক ৰনদ্বীপ নন্দী, নাট পৰিচালক-প্ৰশিক্ষক সোণমনি বেজবৰুৱা, অভিনেতা-মুকাভিনয় প্ৰশিক্ষক শোণিত বৰা, উদিয়মান অভিনেত্রী চুস্মিতা শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।





