নগাঁও জিলাৰ ৰহাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্থাপন কৰা ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদমুখৰ হৈ পৰাৰ পিছতো বিষয়টো নিষ্পত্তিকৰণৰ বাবে চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই।
এই কথা প্ৰমাণ কৰে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত ততাতৈয়াকৈ এখন সভা আহ্বান কৰি সময়ত মূৰ পুলুকা মৰা কাৰ্যই।
উল্লেখযোগ্য যে ২২ জুলাইত সংগঠনকেইটাই ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২৪ ঘন্টাৰ বাবে টোল গেট বন্ধ ঘোষণা কৰি প্ৰাধিকৰণ আৰু নগাঁও জিলা প্ৰশাসনে এই সম্পৰ্কত সংগঠন কেইটাৰ লগত অসম চৰকাৰ, ঘাইপথ প্ৰাধিকৰণৰ সৰ্বোচ্চ পদাধিকাৰীৰ লগত আলোচনাত বহোৱাৰ প্ৰতিশ্ৰুতি দিছিল।
আৰু প্ৰতিশ্ৰুতি অনুসৰি মঙলবাৰে ঘাইপথ প্ৰাধিকৰণে বিয়লি ৪ বজাত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সংগঠন কেইটাৰ নেতৃত্বৰ সৈতে এখন সভাৰ আহ্বান কৰি মংগলবাৰে পুৱাবেলা সংগঠনকেইটাৰ ৰাজ্যিক নেতৃত্বলৈ ই-মেইলৰ জৰিয়তে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰে।
ইফালে অসমৰ বিভিন্ন জিলাত থকা বিভিন্ন সংগঠনৰ কেইবাগৰাকী নেতাই এই পত্ৰ লাভ কৰি বিয়লি নগাঁৱত উপস্থিত হোৱা অসম্ভৱ যদিও কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু নগাঁও জিলা সমিতিৰ কেইবাজনো নেতা নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপস্থিত হয়হি।
কিন্তু মন কৰিব লগীয়া যে প্ৰশাসনে পূৰ্বসূচী অবিহনে এনে এখন সভা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি সংগঠনকেইটাৰ নেতা সকলক জানিবলৈ দিয়ে। কাৰণ পূৰ্বসূচী অনুসৰি উপায়ুক্ত সভাকক্ষত বিয়লি পাঁচ বজা পৰ্যন্ত আন এখন সভা চলি আছিল।
উল্লেখযোগ্য যে এনে এটা স্পৰ্শকাতৰ বিষয়ত অসমৰ কেইবাটাও জাতীয় সংগঠনক আলোচনালৈ মাতি আনি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এনেদৰে চৌঠেঙীয়া কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে সংগঠন কেইটা।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু উপদেষ্টা বেদান্ত লস্কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দি ১ আগষ্টৰ ভিতৰত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনায়।
ইফালে ‘ইউনাইটেড ফৰাম অব অল জাতীয় এণ্ড এথেনিক অৰ্গেনাইজেচন আছাম’ৰ হৈ যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপ মণি বড়া, সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি খগেন গায়ন সম্পাদক জীতেন বৰাই ৰহাৰ টোলগেট সন্দৰ্ভত শীঘ্ৰে ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাই এখন স্মাৰকপত্ৰ নগাঁও জিলা উপায়ুক্তক প্ৰদান কৰে। লগতে ত্ৰিপাক্ষিক বৈঠকত টোলগেট সম্পৰ্কত কোনো সিদ্ধান্ত নোহোৱা পৰ্যন্ত ৰহাৰ টোলগেট বন্ধ ৰাখিবলৈও স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনায়।