• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহাৰ টোল গেট সন্দৰ্ভত আলোচনাৰ নামত ঘাইপথ প্ৰাধিকৰণৰ ভেকোভাওনা

মিণ্টু দাস by মিণ্টু দাস
July 25, 2018 7:06 pm
ৰহা টোলগেট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ ৰহাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্থাপন কৰা ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি  কেইবাটাও সংগঠনে প্ৰতিবাদমুখৰ হৈ পৰাৰ পিছতো  বিষয়টো নিষ্পত্তিকৰণৰ বাবে চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হোৱা নাই।

এই কথা প্ৰমাণ কৰে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত ততাতৈয়াকৈ এখন সভা আহ্বান কৰি সময়ত মূৰ পুলুকা মৰা কাৰ্যই।

Apply Now

উল্লেখযোগ্য যে ২২ জুলাইত সংগঠনকেইটাই ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ২৪ ঘন্টাৰ বাবে টোল গেট বন্ধ ঘোষণা কৰি প্ৰাধিকৰণ আৰু নগাঁও জিলা প্ৰশাসনে এই সম্পৰ্কত সংগঠন কেইটাৰ লগত অসম চৰকাৰ, ঘাইপথ প্ৰাধিকৰণৰ সৰ্বোচ্চ পদাধিকাৰীৰ লগত আলোচনাত বহোৱাৰ প্ৰতিশ্ৰুতি দিছিল।

আৰু প্ৰতিশ্ৰুতি অনুসৰি মঙলবাৰে ঘাইপথ প্ৰাধিকৰণে বিয়লি ৪ বজাত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সংগঠন কেইটাৰ নেতৃত্বৰ সৈতে এখন সভাৰ আহ্বান কৰি মংগলবাৰে পুৱাবেলা সংগঠনকেইটাৰ ৰাজ্যিক নেতৃত্বলৈ ই-মেইলৰ জৰিয়তে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰে।

ইফালে অসমৰ বিভিন্ন জিলাত থকা বিভিন্ন সংগঠনৰ কেইবাগৰাকী নেতাই এই পত্ৰ লাভ কৰি বিয়লি নগাঁৱত উপস্থিত হোৱা অসম্ভৱ যদিও কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় আৰু নগাঁও জিলা সমিতিৰ কেইবাজনো নেতা নগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপস্থিত হয়হি।

কিন্তু মন কৰিব লগীয়া যে প্ৰশাসনে পূৰ্বসূচী অবিহনে এনে এখন সভা অনুষ্ঠিত কৰাটো সম্ভৱ নহয় বুলি সংগঠনকেইটাৰ নেতা সকলক জানিবলৈ দিয়ে। কাৰণ পূৰ্বসূচী অনুসৰি উপায়ুক্ত সভাকক্ষত বিয়লি পাঁচ বজা পৰ্যন্ত আন এখন সভা চলি আছিল।

উল্লেখযোগ্য যে এনে এটা স্পৰ্শকাতৰ বিষয়ত অসমৰ কেইবাটাও জাতীয় সংগঠনক আলোচনালৈ মাতি আনি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এনেদৰে চৌঠেঙীয়া কৰা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে সংগঠন কেইটা।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা আৰু উপদেষ্টা বেদান্ত লস্কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এনে কাৰ্যক তীব্ৰ গৰিহণা দি ১ আগষ্টৰ ভিতৰত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনায়।

ইফালে ‘ইউনাইটেড ফৰাম অব অল জাতীয় এণ্ড এথেনিক অৰ্গেনাইজেচন আছাম’ৰ হৈ যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপ মণি বড়া, সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সভাপতি খগেন গায়ন সম্পাদক জীতেন বৰাই ৰহাৰ টোলগেট সন্দৰ্ভত শীঘ্ৰে ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাই এখন স্মাৰকপত্ৰ নগাঁও জিলা উপায়ুক্তক প্ৰদান কৰে। লগতে ত্ৰিপাক্ষিক বৈঠকত টোলগেট সম্পৰ্কত কোনো সিদ্ধান্ত নোহোৱা পৰ্যন্ত ৰহাৰ টোলগেট বন্ধ ৰাখিবলৈও স্মাৰকপত্ৰখনৰ জৰিয়তে দাবী জনায়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd