• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশবাসীক অন্ধকাৰত ৰাখি মোদী চৰকাৰে ৪১,২০৫ কোটিৰ লোকচানত ক্ৰয় কৰিলে ৰাফেল বিমান : কংগ্ৰেছ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 26, 2018 3:28 pm
Modi-Hollande-Re
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ জনসাধাৰণক সম্পূৰ্ণ অজ্ঞাতে ৰাখি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ফ্ৰান্সৰ পৰা পূৰ্বতে হোৱা চুক্তিৰ বিপৰীতে ৪১,২০৫ কোটি টকা অধিক দামত ক্ৰয় কৰিলে ৰাফেল বিমান। কংগ্ৰেছে ফাদিল কৰিছে এই তথ্য।

আজি ২৬ জুলাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মতে ভাৰতৰ আন আন ৰাজ্যৰ লগতে অসমতো গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই তথ্য প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

Apply Now

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ Cabinet Committee on Security ৰ সৈতে আলোচনা নকৰাককৈ ফ্ৰান্সলৈ গৈ সম্পূৰ্ণ একপক্ষীয়ভাৱে ফ্ৰান্স চৰকাৰৰ  সৈতে আলোচনা কৰি কংগ্ৰেছৰ দিনত হোৱা ৰাফেল বিমান ক্ৰয়ৰ চুক্তিক সলনি কৰি পেলালে।’

ইয়াৰ ফলত ভাৰতে ৰাফেল বিমান ক্ৰয় কৰাৰ বাবে পূৰ্বৰ চুক্তিমতে নিৰ্ধাৰিত দামতকৈ ৪১,২০৫ কোটি টকা অধিক দৰত ক্ৰয় কৰিবলগীয়া হৈছে বুলি তেওঁ অভিযোগ কৰে। লগতে এই কথা সম্পূৰ্ণ গোপনে ৰখা বুলিও সংবাদ মেলত ৰিপুন বৰাই জানিবলৈ দিয়ে।

Rafale-deal-BJP-hits-back-at-Congress’-allegations

আনকি সদনত এই বিষয়ত প্ৰশ্ন উত্থাপন হোৱাত বিজেপিৰ ফালৰ পৰা অহা উত্তৰত কেবাবাৰো এই দাম প্ৰকাশৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰো অভিযোগ আনে।

‘দেশৰ নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ লগত বিজেপিয়ে আপোচ কৰিছে। তেওঁলোকে দেশবাসীক এটা সাংঘাতিক মিছা কথা কৈছে। তেওঁলোকে সত্যৰ অপলাপ কৰিছে আৰু মিছা কথা কৈ দেশবাসীৰ মনোযোগ অন্য পিনে লৈ গৈছে’- ৰিপুন বৰাই কয়।

কংগ্ৰেছে এই ঘটনাৰ চিবিআই তদন্তৰ দাবী জনাইছে। লগতে দেশবাসীক বিপথে পৰিচালিত কৰাৰ অভিযোগত প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে বিশেষাধিকাৰ ভংগৰো অভিযোগ অনাৰ প্ৰস্তাৱ লোৱা বুলি প্ৰকাশ কৰে।

বৰাই সংবাদমেলত কয় যে ২০০৮ চনৰ ২৫ জানুৱাৰীত কংগ্ৰেছ চৰকাৰৰ দিনত ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা Indo French Confidentiality Agreement, 2008 মতে ভাৰতে ফ্ৰান্সৰ পৰা ১২৬ খন ৰাফেল বিমান ক্ৰয় কৰাৰ চুক্তি হৈছিল। এই চুক্তি অনুসৰি ভাৰতে ফ্ৰান্সৰ পৰা ৩৬ খন ‘ৰেডিমেট’ বিমান ক্ৰয় কৰি বাকী কেইখনৰ বাবে ফ্ৰান্সৰ প্ৰযুক্তি ব্যৱহাৰ কৰি ‘হিন্দুস্তান এৰ’নটিকেল লিমিটেড’ নামৰ সংস্থাৰ দ্বাৰা ভাৰততে নিৰ্মাণ কৰাৰ কথা আছিল বুলি তেওঁ জানিবলৈ দিয়ে।

‘এই চুক্তিৰ পাছত ২০১২ চনৰ ১২ ডিচেম্বৰত ‘ইন্টাৰনেশ্যনেল বীড’ হয় আৰু সেইমতে এই ৰাফেল বিমানৰ দাম প্ৰতিখনত (ভাৰতীয় মূল্যত) ৫২৬.১০ টকা নিৰ্ধাৰিত হয়। তেনেকৈ ৩৬ খনত দাম হয়গৈ ১৮,৯৪০ কোটি টকা। কিন্তু নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ লগত হোৱা চুক্তি সলনি কৰি পেলোৱাৰ ফলত ভাৰতে একোখন বিমান ক্ৰয় কৰিবলগীয়া হ’ল ১৬৭০.৭০ কোটি টকাত আৰু তেনেকৈ ৩৬ খনত দাম হ’ল ৬০,১৪৫ কোটি টকা’-সংবাদমেলত ৰিপুন বৰাই সদৰী কৰে।

বৰাই লগতে কয়, ‘এইদৰে নৰেন্দ্ৰ মোদী চৰকাৰে ৰাইজৰ টকা অতিৰিক্তভাৱে খৰচ কৰিলে। ই এটা কেলেংকাৰী। ইয়ে প্ৰমাণ কৰিছে তেওঁলোক কিমান স্বচ্ছ।‘

ইয়াৰ উপৰিও তেওঁ কয়, ‘দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৰাফেল বিমানৰ দাম সম্পৰ্কত সদনতো মিছা তথ্য দি সদনক বিপথে পৰিচালিত কৰিছে।‘

বৰাই প্ৰকাশ কৰা মতে ২০১৬ চনৰ ১৮ নবেম্বৰত প্ৰতিৰক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ সুভাষ ভামৰেই ৰাজ্যসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত ভাৰতে ফ্ৰান্সৰ পৰা একোখন ৰাফেল বিমান প্ৰায় ৬৭০ কোটি টকাত ক্ৰয় কৰা বুলি জনাইছিল। ইয়াৰ পাছত ২০১৭ চনৰ ১৭ নবেম্বৰত ৰক্ষা ভৱনত অনুষ্ঠিত এক সংবাদমেলত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণেও ৬৭০ কোটি টকাত ৰাফেল বিমান ক্ৰয় কৰা বুলি প্ৰকাশ কৰাৰ কথা বৰাই জানিবলৈ দিয়ে।

আনহাতে, ৰাফেল বিমানৰ দামৰ কথাটো গোপনে ৰখাৰ ক্ষেত্ৰত কোনো চৰ্ত নাই বুলি জানিবলৈ দি ৰিপুন বৰাই কয় যে কেৱল নিৰাপত্তাৰ বাবে ইয়াৰ প্ৰযুক্তিৰ দিশটোহে গোপনে ৰখাৰ নিয়ম আছে।

তেওঁ লগতে এই তথ্যসমুহ কংগ্ৰেছে ফ্ৰান্স চৰকাৰৰ পৰা লাভ কৰা বুলিও সংবাদমেলত প্ৰকাশ কৰে। ইয়াৰ উপৰি ভাৰতত নিৰ্মাণ কৰিবলগীয়া ৰাফেল বিমানৰ কাম পূৰ্বতে নিৰ্ধাৰণ কৰা ‘হিন্দুস্তান এৰ’নটিকেল লিমিটেড’ৰ সলনি বিজেপিয়ে আন কোনো বিমান নিৰ্মাণৰ অভিজ্ঞতা নথকা কোম্পানীক দিয়াৰ চেষ্টা চলাই থকা বুলি সংবাদমেলত জানিবলৈ দিয়ে।

কংগ্ৰেছে সন্দেহ প্ৰকাশ কৰা অনুসৰি বিজেপিয়ে এই কাম ‘ৰিলায়েন্স’ বা ‘জিঅ’’ক দিয়াৰ চেষ্টা কৰি আছে বুলিও বৰাই প্ৰকাশ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd