শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা দিচপুৰৰ সচিবালয়ৰ সন্মুখত প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ প্ৰায় দুই শতাধিক সদস্যই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্ৰায় ডেৰ ঘণ্টা ধৰি ৰাজপথ অবৰোধ কৰে।
প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত খালী পদত নিযুক্তিৰ দাবীৰে প্ৰতিবাদত নমা প্ৰতিবন্ধী প্ৰতিবাদকাৰীসকলক ক্ষন্তেক পিছতে দিচপুৰ আৰক্ষীয়ে নিষ্ঠুৰ ব্যৱহাৰেৰে, নিৰ্মমভাৱে টানি-আঁজুৰি চোঁচোৰাই চিটিবাছত তোলে আৰু তাৰ পৰা লৈ যায়।
মন কৰিব লগীয়া যে বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰীসকলে ৰাজপথ অৱৰোধ কৰাৰ ফলত জি.এছ ৰ’ডত হাজাৰ-হাজাৰ বাহন আবদ্ধ হৈ পৰিছিল।
প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণৰ সময়ত প্ৰতিবাদকাৰীসকলে প্ৰতিবন্ধীসকলৰ জীৱনক লৈ বিগত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনে হেতালি খেলা বুলি গুৰুতৰ অভিযোগ তোলে। আনকি তেওঁলোকক আলোচনাৰ বাবে মাতি নি সংশ্লিষ্ট কৰ্তৃপক্ষৰ বিষয়াসকল নিজে উপস্থিত নাথাকি অপমান কৰা বুলিও অভিযোগ তোলে।
শনিবাৰে প্ৰতিবাদকাৰীসকলে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি তেওঁলোকৰ সমস্যা তথা দাবী সম্বলিত স্মাৰক পত্ৰ দিবৰ বাবে সচিবালয়ত প্ৰৱেশ কৰিব বিচাৰিছিল যদিও তেওঁলোকক মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাত বাধা আৰোপ কৰে নিৰাপত্তাৰক্ষীয়ে।
আনহাতে পূৰ্বেও মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ অনুমতি বিচাৰি বহুবাৰ পত্ৰ প্ৰেৰণ কৰিছিল যদিও মুখ্য মন্ত্ৰীৰ ফালৰ পৰা এখন পত্ৰৰো উত্তৰ নহা বুলি গুৰুতৰ অভিযোগ তোলে প্ৰতিবন্ধী সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে।
তদুপৰি, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিবন্ধীসকলৰ বাবে ঘোষণা কৰা ৫০০০ টকাকৈ এককালীন সাহায্য ১ লাখ ৩০ হাজাৰ দিব্যাংগই লাভ কৰাৰ বিপৰীতে বহু সংখ্যক দিব্যাংগই এই ধন নাপালে বুলি সংবাদমাধ্যমৰ আগত মালাকাৰে জনায়।
আনহাতে, দিব্যাংগসকলক ৰাজ্য চৰকাৰৰ ৫৪টা দপ্তৰত ৪৪১৯টা খালী পদ পূৰণ কৰিম বুলি চৰকাৰে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত কৰা নাই।
তেওঁলোকে লগতে গুৱাহাটীত এখন দৃষ্টিহীন বিশ্ববিদ্যালয় স্থাপন তথা ৰাজ্যৰ তিনি-চাৰিখন জিলাৰ মাজত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে একোখনকৈ নৱোদয় জাতীয় বিদ্যালয় স্থাপন কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও এই ক্ষেত্ৰত সংশ্লিষ্ট কতৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি মালাকাৰে অভিযোগ আনে।
মালাকাৰে লগতে কয়, “দেহৰ ৪০ শতাংশ বিকল হ’লে প্ৰতিবন্ধী হিচাপে গণ্য হ’ব বুলি প্ৰতিবন্ধী আইনত উল্লেখ থকাৰ পাছতো এতিয়া এই হাৰ ৮০ শতাংশলৈ বৃদ্ধি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৰাজ্য চৰকাৰ।”
আনহাতে, ‘বিভাগীয় মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ কথা বিভাগৰ বিষয়াসকলে নুশুনে।‘ বুলি মন্তব্য কৰি তেওঁ লগতে সমাজ কল্যাণ বিভাগৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাই আলোচনাৰ বাবে তেওঁলোকক আমন্ত্ৰণ জনাই তেওঁ নিজে উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ তোলে।
উল্লেখ্য যে, প্ৰতিবাদ কৰাৰ আগতে সন্থাৰ কিছু সংখ্যক বিষয়ববীয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বশিষ্ঠ আৰক্ষী থানাত ৰখা বুলি নৃপেন মালাকাৰে নৰ্থ ইষ্ট নাওক জনায়।
তদুপৰি আৰক্ষীয়ে টানি-চোঁচোৰাই বিশেষভাৱে সক্ষম প্ৰতিবাদকাৰীসকলক আটক কৰি লৈ যোৱাৰ ফলত প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰী কম-বেছি পৰিমাণে আঘাত পাইছে বুলি মালাকাৰে আমাৰ সাংবাদিকক জনায়।
আনহাতে দিচপুৰ আৰক্ষীয়ে আটক কৰি সেণাপুৰ থানালৈ নিয়া শতাধিক প্ৰতিবাদকাৰীক পিছবেলা মুকলি কৰি দিয়া হয়। কিন্তু প্ৰতিবাদকাৰীসকল মুকলি হৈ পুনৰ আমৰণ অনশনৰ কাৰ্য্যসূচী হাতত লয়।
প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা এই আমৰণ অনশন সোণাপুৰৰ উৰণীয়া সেঁতুৰ তলত বৰ্তমানো চলি আছে বুলি জানিবলৈ দি মালাকাৰে লগতে কয়, “ৰাজ্য চৰকাৰৰ মুখ্য সচিব টি ৱাই দাস নিজে উপস্থিত হৈ আমাৰ পৰা স্মাৰক পত্ৰ গ্ৰহণ নকৰা পৰ্য্যন্ত আমিও এই অনশন কাৰ্য্যসূচী চলাই যাম।”