ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত এইক্ষেত্ৰত স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত বৰপেটা জিলাত এন আৰ চিক লৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে ধাৰাবাহিকভাৱে বিভিন্ন সময়ত বিভিন্ন প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷
এন আৰ চিক লৈ বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা৷ সভাখনত অংশগ্ৰহন কৰি ৰাজ্য চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, এন আৰ চিক লৈ একাংশই অপপ্ৰচাৰ চলাই আহিছে যদিও প্ৰকৃততে এন আৰ চিক লৈ কোনো বৈধ লোক শংকিত হোৱাৰ কাৰণ নাই৷
শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাটো প্ৰত্যেকৰে কৰ্তব্য বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এন আৰ চি সম্পূৰ্ণৰূপে প্ৰকাশ পালে অসমৰ ৰাইজ বহু পৰিমানে উপকৃত হ’ব৷
বৰপেটাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰী, বিশিষ্ট লেখিকা নিৰুপমা মিশ্ৰ, অসম বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰৰ লগতে ৰাজনৈতিক দল, অৰাজনৈতিক দলৰ বিষয়ববীয়া, চৰকাৰী বিষয়াসকলৰ উপৰি সংবাদ মাধ্যমৰ ব্যক্তিসকল উপস্থিত থাকে৷