• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হালোৱটিঙত সীমান্ত পহৰা চকী নিৰ্মাণ নকৰিবলৈ নাগালেণ্ডৰ গৃহ আয়ুক্তৰ অসম চৰকালৈ পত্ৰ

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
July 28, 2018 11:12 pm
nagaland-gate
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰ অন্তৰ্গত আমগুৰি গ্ৰাণ্টাৰ চৰকাৰী মাটিত সীমান্ত আৰক্ষী চকী নিৰ্মাণক লৈ অসম-নাগালেণ্ড সীমান্ত উত্তপ্ত হৈ থকাৰ সময়তে পুনৰ এক পত্ৰই জোকাৰিছে অসম চৰকাৰৰ গৃহ বিভাগটোক।

উল্লেখযোগ্য যে অসম চৰকাৰে হালোৱাটিঙত অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত স্থাপন কৰিবলৈ লোৱা এটা সীমান্ত পহৰা চকী নিৰ্মাণত যোৱা ২২ আৰু ২৩ জুলাইত সশস্ত্ৰ নগালোকে বাধা প্ৰদান কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি বিগত কেইদিনত সীমান্ত অঞ্চলটোত উত্তেজনাই বিৰাজ কৰি আহিছে।

Apply Now

আনকি এই ঘটনাৰ প্ৰতিবাদত যোৱা ২৬ জুলাইত ১৩ টাকৈ জাতীয় সংগঠনে হালোৱাটিঙত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল‌।পৰৱৰ্তী সময়ত শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰস্তুত কৰাৰ সময়লৈকে সংগঠন সমূহে অৱৰোধ সাময়িক ভাবে প্ৰত্যাহাৰ কৰিছিল।

আনহাতে জিলা প্ৰশাসনেও ৩১ জুলাই পৰ্যন্ত সীমান্ত পহৰা চকীটোৰ নিৰ্মাণ কাৰ্য্য স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। কিন্ত সম্প্ৰতি নগালেণ্ড চৰকাৰৰ পত্ৰখনে আকৌ পৰিস্থিতি জটিল কৰি তোলাৰ আশংকা কৰা হৈছে। তথ্য অনুসৰি নাগালেণ্ডৰ গৃহ আয়ুক্ত আৰ ৰামচন্দ্ৰণৰ এই অসম চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰই শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে অসমৰ গৃহ সচিবলৈ প্ৰেৰণ কৰা CON-1/BORDER/05(PT) dated.Kohima,26th July,2018 নং পত্ৰখনত নাগালেণ্ডৰ গৃহ আয়ুক্ত আৰ ৰামচন্দ্ৰণে হালোৱাটিং সীমান্তত প্ৰস্তাৱিত সীমান্ত পহৰা চকীৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।

অসম-নাগালেণ্ড সীমান্তৰ ৱাটিয়াঙপেং গেটৰ সমীপৰ বিবদমান এলেকাৰ এটা টিলাত অসম চৰকাৰে স্থাপন কৰিবলৈ লোৱা এই পহৰাচকী নিৰ্মাণ কাৰ্য্য বন্ধ কৰিব লাগে আৰু এই ক্ষেত্ৰত শিৱসাগৰ জিলা প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশ দিয়াৰ বাবে পত্ৰখনত অনুৰোধ জনোৱা হয়। আনহাতে যোৱা ২৬ জুলাইত উক্ত সীমান্ত পহৰা চকী স্থাপনৰ সমৰ্থনত অসমৰ একাধিক সংগঠনে নগালেণ্ড গেটৰ সন্মুখত পথ অৱৰোধ কৰা কাৰ্য্যকো নগালেণ্ড চৰকাৰে গৰিহণা দি এনে কাৰ্যই নগালেণ্ডলৈ যাতায়াত বিঘ্নিত কৰা বুলি পত্ৰ খনত উল্লেখ কৰা হৈছে।

নাগালেণ্ড চৰকাৰে অসম চৰকাৰক সীমান্ত অঞ্চলৰ শান্তি বজাই ৰখাৰ স্বাৰ্থতে সীমান্ত পহৰাচকী নিৰ্মাণ নকৰিবলৈ আৰু আমগুৰিৰ ৰাষ্ট্ৰীয় ঘাই পথত নগালোকৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ পত্ৰখনত অনুৰোধ জনায়।

আনহাতে নগালেণ্ড চৰকাৰৰ এই পত্ৰখন সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আহোম জাতীয় গণ মঞ্চ অসমে। সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পুলকেশ গগৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে নাগালেণ্ড চৰকাৰৰ পত্ৰখনে নগাৰ আগ্ৰাসী স্বৰূপ প্ৰকাশ কৰিছে আৰু অসমৰ ভৌগোলিক ভূ খণ্ডত নগাৰ আগ্ৰাসনক আহোম জাতীয় গণ মঞ্চই কোনো কাৰণতে সহ্য নকৰে। নগাৰ আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবে সংগঠনটোৱে শিৱসাগৰ জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক আহ্বান জনায়।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd