• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ মুহূৰ্তটো ঐতিহাসিক মুহূৰ্ত হৈ ৰ’ব : ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য 

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 29, 2018 10:11 pm
Samujjal Bhattacharya

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্য। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘৩৮ বছৰজোৰা সংগ্ৰামৰ অন্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ ওলোৱাটো সকলোৰে বাবে ঐতিহাসিক মুহূৰ্ত হৈ ৰ’ব।‘

মাত্ৰ কেইঘণ্টামানৰ পিছতে প্ৰকাশ পাব লগীয়া এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটীৰ উজান বজাৰস্থিত কেন্দ্ৰীয় কাৰ্য্যালয়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

Apply Now

আনহাতে, ‘যোৱা ৩৮ টা বছৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণে স্থায়ী সমাধান বিচাৰি আহিছে।’ বুলি মন্তব্য কৰি তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰি কয় ‘অসম চুক্তি হৈ যোৱাৰ ৩২টা বছৰে বিদেশী নাগৰিক চিনাক্তকৰণ নহ’ল, অবৈধ বিদেশী অহা বাটটো চিনাক্ত নহ’ল তথা সীমাও চিনাক্ত নহ’ল লগতে সাংবিধানিক সুৰক্ষা কবচো দিয়া নহ’ল।’

‘কিন্তু তাৰ মাজতে অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম আৰম্ভ হ’ল। উচ্চতম ন্যায়ালয়ৰ নিৰবিচ্ছিন্ন তদাৰকৰ পাছত কাইলৈ চুড়ান্ত খচৰা প্ৰকাশ পাব।’ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত এইদৰ কয়।

আনহাতে, একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিদেশী সমস্যা সম্পৰ্কত ভুল বাখ্যা কৰিবলৈ চেষ্টা কৰি আছে বুলি মন্তব্য কৰাৰ লগতে তেওঁলোকক অসমলৈ আহি অসমৰ পৰিস্থিতি বুজি খিলঞ্জীয়া মানুহৰ বাৰ্তা প্ৰেৰণ কৰিবৰ বাবে ড০ ভট্টাচাৰ্য্যই  অনুৰোধ জনায়।

তেওঁ লগতে অপপ্ৰচাৰ চলোৱা  ৰাষ্টীয় সংবাদ মাধ্যমসমূহক সোঁৱৰাই দি কয় ‘হিন্দু-মুছলমান বাংলাভাষী লোকৰ বিৰুদ্ধে এই আন্দোলন নহয়, ভাৰতীয় নাগৰিক বা অনাগৰিকৰ বিৰুদ্ধে এই আন্দোলন চলি আছে। অসমলৈ তেওঁলোক আহিলে বুজি পাব ভাৰতৰ কোনো ৰাজ্যত খিলঞ্জীয়া লোকৰ প্ৰতি ভাবুকি অহা নাই, কিন্তু অসমৰ খিলঞ্জীয়াসকল অস্তিত্বৰ সংকটত ভুগি আছে।’

ইয়াৰোপৰি তেওঁ অপপ্ৰচাৰে খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষা নকৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰি লগতে কয় ‘অসমো দেশৰ অংগ হিচাপে আছে, কলিকতাৰ পাছতো দেশৰ এটা অংগ আছে, যাৰ নাম অসম তথা উত্তৰ-পূৰ্বাঞ্চল। দেশৰ অংগ হিচাপে ভাৰতীয় নাগৰিক হিচাপে জীয়াই থকাৰ আমাৰ আশা আছে।’

তাৎপৰ্য্যপূৰ্ণভাৱে যিসকলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিৰোধী মন্তৱ্য তথা বিদেশী সমস্যাটোৰ অপবাখ্যা আগবঢ়োৱাৰ চেষ্টা কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো উচিত বুলি তেওঁ সংবাদমাধ্যমৰ জৰিয়তে দাবী জনায়।

আনহাতে, খিলঞ্জীয়া মানুহৰ নামো এই খচৰাখনত বাদ পৰি যাব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি তেওঁ কয় ‘পৰৱৰ্তী পৰ্য্যায়ত নাম বাদ পৰা খিলঞ্জীয়াসকলৰ বাবে ওজৰ আপত্তি দৰ্শোৱাৰ বাবে সুবিধা থাকিব। লগতে আবেদন কৰিও নিজৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব।’

তদুপৰি, ১৯৭১ চনৰ পূৰ্বে অহা হিন্দু-মুছলমান সকলো লোকৰে প্ৰতি আমি দায়বদ্ধ বুলি সদৰী কৰে।

 তেওঁ লগতে কয়  যে ১৯৭১ চনৰ আগত অহা হিন্দু-মুছলমান জনসাধাৰণৰ নাম যদি কেনেবাকৈ বাদ পৰে তেন্তে সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকক ইতিবাচকভাৱে সহযোগ আগ বঢ়াব।

‘পুৱা ১০:০০ বজাৰ পৰা গুৱাহাটীৰ উজানবজাৰস্থিত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এন আৰ চি কক্ষ মুকলি কৰা হ’ব। আনুষ্ঠানিক ঘোষণা হোৱাৰ পাছতেই  ছাত্ৰ সন্থাৰ উক্ত এন আৰ চি কেন্দ্ৰত আহি জনসাধাৰণে নিজৰ নামটো চাব পাৰিব।’ ভট্টাচাৰ্য্যই সংবাদ মাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে।

আনহাতে, সাংবাদিকে শিলাদিত্যই কালি তেওঁৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় ‘শিলাদিত্যই মোক পাকিস্তানী বুলি কোৱাটো প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বক্তব্য নেকি বা আন্দোলন কৰি মন্ত্ৰী বিধায়ক হোৱা নেতাসকলৰ বক্তব্য নেকি সেই কথাটো ৰাজহুৱা কৰিলেই হ’ল।’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd