• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক শিলাদিত্য দেব কিয় সুখী নহ’ল এন আৰ চিৰ চূড়ান্ত খচৰাত?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 30, 2018 5:56 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম খচৰাত নাম নহা বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভুক্ত হৈছে। কিন্তু নিজৰ নাম থকা সত্ত্বেও এন আৰ চিক লৈ এশ শতাংশ সুখী হ’ব পৰা নাই হোজাইৰ বিজেপি বিধায়কজন। কাৰণ তেওঁৰ মতে বহু হিন্দুৰ নাম বাদ পৰিছে চূড়ান্ত খচৰাৰ পৰা।

আজি ৩০ জুলাইত খচৰা প্ৰকাশৰ কিছু সময়ৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক শিলাদিত্য দেবে কয়, “চূড়ান্ত খচৰাত মোৰ নাম আহিছে, তথাপি মোৰ দুখ। কাৰণ প্ৰত্যেকজন হিন্দুৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত যদি মোৰ নাম আহিল হেঁতেন তেতিয়া মই বেছি ভাল পালো হেঁতেন। আজি যদি এজনো হিন্দুৰ নাম বাদ পৰিছে সেইটো মই দুৰ্ভাগ্যৰ কথা বুলি ভাবো।”

Apply Now

তেওঁ এই খচৰাৰ পৰা বহু সংখ্যক হিন্দু মানুহৰ নাম বাদ পৰিছে বুলিও মন্তব্য কৰে। লগতে কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ এটা নিৰ্দেশনা যোগে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ২০১৪ চনলৈকে ভাৰতলৈ প্ৰব্ৰজন ঘটা হিন্দুসকলক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, “১৯৭১ চনৰ পৰা ২০১৪ চনলৈ বাংলাদেশৰ পৰা অসমলৈ বেছি হিন্দু লোক অহা নাই।”

ইয়াৰ উপৰি বাংলাদেশৰ পৰা অসমলৈ অহা হিন্দুসকলৰ বহুতৰে প্ৰযোজনীয় নথি নাই আৰু এন আৰ চিৰ ক্ষেত্ৰত প্ৰব্ৰজনৰ প্ৰমান পত্ৰ (Migration Certificate) গ্ৰহণ নকৰাৰ ফলতো বহুতৰ নাম বাদ পৰা বুলি তেওঁ মন্তব্য কৰে।

ইয়াৰ লগতে হিন্দু সকলো যাব লাগিব বুলি হেনো ইচলামিক মৌলবাদী সংগঠনেহে কৈ আছে বুলি শিলাদিত্য দেবে মন্তব্য কৰে। তেওঁ কয়, “যিমান হিন্দু ইয়াৰ পৰা ওলাই যাব সিমানে তেওঁলোকৰ সংখ্যা বৃদ্ধি পাব।”

ইয়াৰ লগতে হিন্দুৰ সংখ্যা হ্ৰাস পালে অসমীয়া ভাষাৰ সংকট নামি আহিব বুলিও শিলাদিত্য দেবে মন্তব্য কৰে। তেওঁ কয়, “এতিয়া সোণৰ অসম নাই, সকলো বাংলাদেশী মুছলমানে গ্ৰাস কৰি পেলালে। ধৰ্মৰ ওপৰত আগ্ৰাসন হ’লেহে অসমীয়া বিপদত পৰিব।”

ইয়াৰ লগতে তেওঁ কয়, “এন আৰ চি হৈছে কাগজৰ খেল। যিয়ে কাগজ দেখুৱাব পাৰিব তেওঁৰ নাগৰিক আৰু যিয়ে কাগজ দেখুৱাব নোৱাৰে তেওঁ নাগৰিক নহয়।”

কোনোবা ডেকা, শইকীয়া, সোণোৱাল আদি উপাধিৰ কোনো লোকে যদি কাগজ দেখুৱাব নোৱাৰিলে তেওঁলোক বিদেশী হ’ব নেকি বুলিও প্ৰশ্ন কৰে বিধায়ক শিলাদিত্য দেবে।

উল্লেখ্য যে সততে বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ নাম বাদ পৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাত।

ইপিনে এন আৰ চিৰ ভিত্তি বছৰক লৈ সন্তুষ্ট নহয় শিলাদিত্য দেব। তেওঁ কয়, “এন আৰ চিক লৈ ১০০ শতাংশই সুখী তেতিয়াহে হ’ম যেতিয়া আমাৰ ভিত্তি বছৰ ’৭১ৰ ঠাইত ’৫১ হ’ব। সমগ্ৰ ভাৰতবৰ্ষত ভিত্তি বছৰ হৈছে ’৫১ কিন্তু আমি আন্দোলন কৰি, ত্যাগ স্বীকাৰ কৰি ২০ বছৰ পিছুৱাই গলো। আজি ৪০ লাখ মানুহৰ নাম কৰ্তন হৈছে, কিন্তু যদি ১৯৫১ চন ভিত্তি বছৰ হ’ল হেঁতেন তেতিয়া হ’লে প্ৰায় ১ কোটি মানুহৰ নাম কৰ্তন হ’লহেতেন। তেতিয়াহে আমি ক’ব পাৰিম অসম বিদেশীমুক্ত হৈছো আৰু অসমীয়াৰ অস্তিত্ব থাকিব।”

এই প্ৰসংগতে অসম আন্দোলনৰ নেতৃত্বৰ সমালোচনাতো মুখৰ হ’ল শিলাদিত্য দেব।

“অসমখনক বিদেশীমুক্ত কৰিব লাগে, কিন্তু কোনোৱাই মুখ্য মন্ত্ৰী হ’ব বা কোনোবাই মন্ত্ৰী হ’ব আৰু তেওঁলোকে ৰাতি ৰাতি গৈ অসম চুক্তি স্বাক্ষৰ কৰি ১৯৫১ৰ ঠাইত ১৯৭১ কৰিব, সেইটো অসমৰ ৰাইজে মানি ল’ব নেকি? তেওঁলোকে অসমৰ মানুহক ১৯৭১ ভিত্তি বছৰ কৰিবনে নাই সুধিছিল নেকি?’, দেবৰ প্ৰশ্ন।

তেওঁ লগতে কয়, “মই অসম চুক্তিক সমৰ্থন কৰো, কিন্তু ভিত্তি বছৰতো সমৰ্থন নকৰো।”

ইয়াৰ বিপৰীতে তেওঁ এন আৰ চিক লৈ ৪০ শতাংশ হে সুখী বুলি জানিবলৈ দিয়ে। তেওঁ কয়, ‘একো হোৱা নাছিল, কিন্তু এতিয়া কিবা এটা হৈছে।”

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd