• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত দল-সংগঠনৰ প্রতিনিধিৰে বৈঠকত মিলিত মহকুমা প্রশাসন

উত্তম শইকীয়া by উত্তম শইকীয়া
August 1, 2018 8:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত শান্তিপূর্ণ পৰিবেশ সৃষ্টিৰ বাবে বিভিন্ন দল-সংগঠনৰ প্রতিনিধিৰে আজি বৈঠকত মিলিত হয় বােকাখাত মহকুমা প্রশাসন।

বােকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত আয়ােজিত এই বৈঠকত মহকুমাটোৰ বিভিন্ন স্থানত অলপতে সংঘতিত হােৱা তিনিওটা নাৰীজনিত অপৰাধ আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা আইনগত ব্যৱস্থাৰ কথা প্ৰকাশ কৰে বােকাখাতৰ মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াই।

মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে কয় যে সংঘটিত তিনিটা অপৰাধৰ ভিতৰত প্রথম দুটা অপৰাধৰ লগত জড়িত অভিযুক্ত দুজনক আৰক্ষীয়ে তাৎক্ষনিকভাৱে গ্রেপ্তাৰ কৰাৰ লগতে তৃতীয়টো অপৰাধৰ লগত জড়িত এজনক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে।

বৈঠকতে বিষয়াগৰাকীয়ে সকলাে দল-সংগঠনকে মহকুমাটোত অপৰাধ ৰোধ কৰাৰ ক্ষেত্ৰত সহায়-সহযােগিতা আগবঢ়াবলৈ আহ্বান জনায়। বৈঠকত মহকুমাধিপতি গৰাকীৰ লগতে উপস্থিত সকলাে দল-সংগঠনৰ প্রতিনিধিয়ে আন্দোলনৰ নামত শান্তি-শৃঙ্খলা ভংগ নকৰিবলৈ তথা জনসাধাৰণৰ স্বাভাৱিক জীৱন ব্যাহত নকৰিবলৈ সকলােকে আহ্বান জনায়।

আনহাতে দল-সংগঠন সমূহেও বােকাখাত মহকুমাৰ শান্তি-শৃঙ্খলা অটুত ৰখাৰ বাবে আৰক্ষী-প্ৰশাসনক সকলাে প্ৰকাৰৰ সহযােগিতা আগবঢ়োৱাৰ লগতে গণতান্ত্রিক আন্দোলনৰ নামত আইন ভংগকাৰীৰ বিৰুদ্ধে প্রশাসনে আইনগত ব্যৱস্থা হাতত ল’লে কোনােধৰণৰ বিৰােধিতা কৰা নহ’ব বুলিও বৈঠকত উল্লেখ কৰে।

লগতে বৈঠকত দল-সংগঠনৰ প্রতিনিধিবর্গই প্রশাসনক অবৈধ সুৰা তথা অন্যান্য নিচাযুক্ত দ্রব্যৰ প্ৰচলনৰ ক্ষেত্রত কঠোৰ ব্যৱস্থা হাতত ল’বলৈ অনুৰােধ জনায়।

আৰু মহকুমাধিপতি গৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক অবৈধ সুৰাৰ বিক্ৰীৰ বিষয়ে সংশােধিত আবকাৰী আইনৰ অধীনত অভিযােগ দাখিল কৰিবলৈ আহ্বান জনায় আৰু এই ক্ষেত্ৰত মহকুমা প্রশাসনে কঠোৰ ব্যৱস্থা হাতত ল’ব বুলিও উল্লেখ কৰে।

আজিৰ বৈঠকত বােকাখাতৰ বিভিন্ন দল-সংগঠন প্রতিনিধিবর্গৰ লগতে নির্বাচনী বিষয়া জিমলী শইকীয়া কাকতি, সহকাৰী আয়ুক্ত শান্তনু গগৈ, পুব অসম বােকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক জিতেন গগৈ, ৰাজহচক্ৰ বিষয়া খনিন্দ্র দাস, বন্যপ্রাণী সংমণ্ডলৰ ডি, এফ,অ ৰােহিনী বল্লভ শইকীয়া উপস্থিত থাকে ।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd