• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুম্ভীৰগ্ৰাম বিমান বন্দৰত তৃণমূল কংগ্ৰেছৰ নেতা আৰু অসম আৰক্ষীৰ মাজত খণ্ডযুদ্ধ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
August 2, 2018 6:04 pm
TMC-570x320

কাচাৰৰ কুম্ভীৰগ্ৰাম বিমানঘাটীত তৃণমূল কংগ্ৰেছৰ নেতাসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰিছে : ফটো নৰ্থ-ইষ্ট নাও

138
VIEWS
Share on FacebookShare on Twitter

আজি কাচাৰ জিলাৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত তৃণমূল কংগ্ৰেছৰ কেইগৰাকীমান নেতা আৰু অসম আৰক্ষীৰ মাজত এক খণ্ডযুদ্ধৰ পৰিস্থিতিৰ উদ্ভৱ হয়। অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিম খচৰা প্ৰকাশিত হোৱাৰ পাছত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীৰ নিৰ্দেশত শিলচৰলৈ অহা ৮গৰাকী তৃণমূল কংগ্ৰেছৰ নেতাক অসম আৰক্ষীয়ে বিমান বন্দৰটোৰ ভিআইপি লাউঞ্জত আবদ্ধ কৰি থয়। অসম আৰক্ষীৰ ভাষ্য হৈছে তৃণমূল কংগ্ৰেছৰ নেতাসকলৰ উপস্থিতিয়ে শিলচৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৰ ৬জনীয়া সাংসদৰ প্ৰথম চামটো নতুন দিল্লীৰ পৰা আহি দিনৰ ১.৫০ বজাত কুম্ভীৰগ্ৰাম বিমান বন্দৰত  আহি উপস্থিত হৈছিল। পশ্চিম বংগৰ নগৰ উন্নয়ন মন্ত্ৰী ফিৰহাদ হেকিম আৰু দিনৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক মহুৱা মিত্ৰসহ দ্বিতীয় চামটো কলকাতাৰ পৰা আহি ৩.৩০ বজাত কুম্ভীৰগ্ৰাম বিমানঘাটীত আহি উপস্থিত হয়হি। তেওঁলোককো বিমান বন্দৰ ত্যাগ কৰাৰ কৰাৰ পৰা বাৰণ কৰা হয়।

তৃণমূল কংগ্ৰেছৰ প্ৰথম দলটো বিমান বন্দৰত আহি উপস্থিত হোৱাৰ পাছত তৃণমূল কংগ্ৰেছৰ সাংসদসকলে বিমানঘাটীৰ পৰা ওলাই চহৰলৈ যাবলৈ অসম আৰক্ষীৰ সৈতে খণ্ডযুদ্ধত লিপ্ত হয়।

সুখেন্দু শেখৰ ৰায়, কাকলী ঘোষ দস্তিদাৰ, ৰত্না দে নাগ, নাদিমুল হক, অৰ্পিতা ঘোষ আৰু মমতা ঠাকুৰে কুম্ভীৰগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত তেওঁলোকক বিমানঘাটীৰ চৌহদ ত্যাগ কৰাৰ পৰা বাৰণ কৰা হয়।

তাৰ পাছত পশ্চিম বংগৰ নগৰ উন্নয়ন মন্ত্ৰী ফিৰহাদ হেকিম আৰু তৃণমূল কংগ্ৰেছৰ বিধায়ক মহুৱা মিত্ৰ কলকাতাৰ পৰা আহি পোৱাৰ পাছত তেওঁলোকক অসম আৰক্ষীয়ে আগবঢ়াত বাধা প্ৰদান কৰে।

উল্লেখ্য যে বুধবাৰে নিশা কাচাৰৰ জিলা প্ৰশাসনে ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সৈতে জড়িত নথাকা কোনো ব্যক্তিকে জিলাখনত প্ৰৱেশ কৰাত প্ৰতিবন্ধকতা জাৰী কৰিছিল।

কাৰ্যসূচী অনুসৰি, তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৱে শুকুৰবাৰে গুৱাহাটীত উপস্থিত হৈ অসমৰ বুদ্ধিজীবী আৰু প্ৰখ্যাত ব্যক্তিসকলক সাক্ষাৎ কৰাৰ কথা আছে।

বুধবাৰে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ বাবে বিৰোধী দলসমূহৰ সৈতে দিল্লীত এখন আলোচনাচক্ৰত মিলিত হৈছিল।

তৃণমূল কংগ্ৰেছৰ সাংসদৰ সুখেন্দু শেখৰ ৰায়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে তেওঁলোকে উভতি নাযায় আৰু নিশাটো বিমান বন্দৰতে কটাব। তৃণমূল কংগ্ৰেছৰ এটা সূত্ৰই জনোৱা মতে শুকুৰবাৰে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ কথা আছে।

এটা সূত্ৰই  নৰ্থ-ইষ্ট নাওক জনোৱা মতে শিলচৰৰ আৱৰ্ত ভৱনে তৃণমূল কংগ্ৰেছৰ সঁজাতী দলটোৰ নেতাসকলৰ বাবে দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিছে। তাৰ পাছত তেওঁলোকক কলকাতালৈ ওভোতাই পঠোৱা হ’ব।

ইতিমধ্যে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিচপুৰত এখন আৰক্ষী বিষয়াৰে সৈতে অনুষ্ঠিত আলোচনাচক্ৰত আইন-কানুন মানি চলাৰ বাবে কঠোৰ নিৰ্দেশ জাৰী কৰিছে। কুম্ভীৰগ্ৰাম কাণ্ডৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষীৰ সঞ্চালক প্ৰধান কুল শইকীয়াই কৈছে যে আইন কানুনগত পৰিস্থিতি অৱনমিত হোৱাটো আৰক্ষীয়ে সহ্য নকৰে। তেওঁ আৰু কৈছে যে কুম্ভীৰগ্ৰাম বিমান বন্দৰত তৃণমূল কংগ্ৰেছৰ নেতা আৰু অসম আৰক্ষীৰ মাজৰ খণ্ডযুদ্ধত এগৰাকী মহিলা আৰক্ষী আঘাতপ্ৰাপ্ত হৈছে।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd