• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতিগ্ৰস্ত আমোলা, প্ৰভাৱশালী ৰাজনীতিকৰ স্বাৰ্থতে গুৱাহাটীৰ খোৱাপানী যোগানৰ আঁচনিৰ কাম মন্থৰ কৰা হৈছে : অসম সংগ্ৰামী মঞ্চ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 3, 2018 11:31 pm
গুৱাহাটীৰ খোৱাপানী যোগানৰ সমস্যাটোক লৈ অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল।

গুৱাহাটীৰ খোৱাপানী যোগানৰ সমস্যাটোক লৈ অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“গুৱাহাটীৰ খোৱাপানী যোগানৰ সমস্যাটোক এটা নিৰ্বাচনী ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰি আহিছে প্ৰতিটো ৰাজনৈতিক দলে। কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত বিষয়টো গুৰুত্বহীন হৈ পৰে।” -এই মন্তব্য অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাৰ।

আজি ৩ আগষ্টত দলটোৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি বেজবৰুৱাই কয় যে মহানগৰীত পানীযোগান আঁচনিসমূহৰ কাম অতি লেহেমীয়া গতিত চলি আছে। ইয়াৰ আঁৰত এচাম প্ৰভাৱশালী লোকৰ চক্ৰান্তও নিহিত থকাৰ সন্দেহ ব্যক্ত কৰে তেওঁ।

Apply Now

“JNNURM, JICA, AUIIP ৰ অন্তৰ্গত গুৱাহাটী মহানগৰীত চলি থকা পানীযোগান আঁচনিৰ কাম লেহেমীয়া গতিত আগ বঢ়াৰ আঁৰত এচাম দুৰ্নীতিগ্ৰস্ত আমোলা আৰু প্ৰভাৱশালী ৰাজনীতিকৰ স্বাৰ্থ নিহিত হৈ আছে। AUIIP ৰ অন্তৰ্গত ২০১৫ চনৰ ২৯ জুলাইত আহ্বান কৰা নিবিদা সম্পৰ্কে অনুষ্ঠানটোৱে যোৱা প্ৰায় ছাৰে তিনি বছৰতকৈও অদিক কাল কোনো সিদ্ধান্ত ল’ব নোৱৰা এক নিৰুপায় অৱস্থাটোৱেই তাৰ উৎকৃষ্ট উদাহৰণ।” এইদৰে কয় বেজবৰুৱাই।

তেওঁ লগতে এচাম উচ্চপদস্থ আমোলা আৰু শাসনাধিষ্ঠিত চৰকাৰৰ প্ৰভাৱশালী নেতাৰ প্ৰত্যক্ষ হস্তক্ষেপত এই আঁচনিৰ কামৰ আৱণ্টন দিয়া হোৱা নাই বুলিও আপত্তি দৰ্শায়।

ইপিনে, সন্দেহজনক প্ৰতিষ্ঠানক নিবিদাৰ কাম আৱণ্টন দিয়াৰ বাবে নিৰ্বাচন কৰা বুলি এক অভিযোগ উত্থাপন কৰে সাধাৰণ সম্পাদক বেজবৰুৱাই। GDCL-JKM-BSEE নামৰ অন্যতম সহযোগী ফাৰ্ম M/S GDCL নামৰ ফাৰ্মখনৰ বিষয়ে বিভিন্ন আপত্তিজনক তথ্য লাভ কৰা বুলি তেওঁ সংবাদমেলত প্ৰকাশ কৰে। লগতে চত্তিছগড়, মধ্য প্ৰদেশ আদি ৰাজ্যত এই ফাৰ্মে নিম্নমানৰ কাম কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

“মধ্য প্ৰদেশ চৰকাৰৰ গড়কাপ্তানী বিভাগে ২০১৮ চনৰ ৯ মে’ তাৰিখে এক জাননীযোগে এই ফাৰ্মখনৰ পঞ্জীয়ন দুবছৰৰ বাবে বাতিল কৰিছে। অসমতো NHIDCL ৰ অন্তৰ্গত চাৰিলেনযুক্ত মৰাণ-ডিমৌ পথৰ কামতো এই প্ৰতিষ্ঠানটোৱে হেমাহি কৰাৰ তথ্য সংবাদ মাধ্যমত প্ৰকাশিত হৈছে। এই ধৰণৰ প্ৰতিষ্ঠানক আমি কিমান গ্ৰহণযোগ্য বুলি ভাবিব পাৰো”, তেওঁ কয়।

ইয়াৰ উপৰি আজিৰ সংবাদমেলত অসম সংগ্ৰামী মঞ্চই নিৰ্বাচনৰ পূৰ্বে ‘গুৱাহাটীবাসী ৰাইজৰ বাবে ২৪ ঘণ্টাই খোৱাপানী যোগান ধৰা’ প্ৰতিশ্ৰুতিৰ বিষয়টো আঙুলিয়াই দি এই সম্পৰ্কত এখন পূৰ্ণাংগ শ্বেতপত্ৰ প্ৰকাশৰো দাবী জনায়। লগতে খোৱাপানী যোগান আঁচনিৰ কাম লেহেমীয়া হৈ থকা বিষয়টোৰ মুখ্য মন্ত্ৰীক এক তদন্তৰ ব্যৱস্থা কৰাৰো দাবী জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd