• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত তৃণমূলৰ দলে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছিল : সংসদত গৃহমন্ত্ৰী ৰাজনাথ সিং

এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2018 10:12 am
rajnath

লোকসভাত ভাষণৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং। ফাইল ফট’।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিকলৈ ৰাজনীতি আৰম্ভ কৰা মমতা বেনাৰ্জী-নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ সাংসদসকলক শুকুৰবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে কঠোৰ ভাষাৰে প্ৰত্যুত্তৰ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে শিলচৰ বিমান বন্দৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে এক ‘অৰাজক পৰিস্থিতি’ৰ সৃষ্টি কৰিছিল বুলিও মন্তব্য কৰে।

তেওঁ কয় যে অসম আৰক্ষীয়ে চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতেই প্ৰতিনিধি দলটোক বিমান বন্দৰটোত আবদ্ধ কৰি ৰাখিছিল। তেওঁ ব্যক্ত কৰে যে তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটো বিমান বন্দৰৰ পৰা বাহিৰলৈ গ’লেই আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিল।

Apply Now

আনহাতে, শিলচৰ বিমান বন্দৰত প্ৰতিনিধি দলটো উপস্থিত হোৱাৰ পাছতেই তেওঁলোকক প্ৰশাসনে ঘূৰি যাবলৈ অনুৰোধ জনাইছিল যদিও প্ৰতিনিধি দলটোৱে সেই অনুৰোধ প্ৰত্যাখ্যান কৰি বিমান বন্দৰটোৰ পৰা বাহিৰলৈ ওলাই যাবলৈ চেষ্টা চলাইছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ মতে, প্ৰতিনিধি দলটোক ঘূৰি যোৱাৰ বাবে  বাৰম্বাৰ কৰা অনুৰোধ তেওঁলোকে প্ৰত্যাখ্যান কৰিছিল।

গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে শিলচৰৰ পৰা  কলকাতা বা দিল্লীলৈ ঘূৰি  আহিবৰ বাবে পাছত কোনো বিমানো নাছিল সেইবাবেই তেওঁলোকক নিশাটো বিমান বন্দৰতে আবদ্ধ কৰি  ৰাখিব লগা হৈছিল। বিমান বন্দৰত থকা অতিথি গৃহতে নিশাটো কটোৱাৰ পাছত শুকুৰবাৰে পুৱাই তেওঁলোকক কলকাতালৈ ঘূৰাই পঠোৱা হয়।

ইপিনে এজন জনপ্ৰতিনিধিক যিদৰে সন্মান দিব লাগে ঠিক তেনেদৰেই জিলা প্ৰশাসনে তেওঁলোকক সন্মান প্ৰদান কৰিছিল বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে এই সন্মানৰ মূল্য দিব নাজানিলে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে আক্ষেপ প্ৰকাশ কৰে।

গৃহমন্ত্ৰী সিঙে সদনত কয় যে তৃণমূলৰ প্ৰতিনিধিৰ আক্ৰমণৰ ফলত দুগৰাকী মহিলা নিৰাপত্তাৰক্ষী আহত হ’বলগীয়া হয়। তেওঁ লগতে শিলচৰত তৃণমূলৰ প্ৰতিনিধি দলটোৱে এক অবাঞ্ছিত আৰু অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি সংসদত সদৰী কৰে।

আনহাতে, শুকুৰবাৰে অসমৰ বিজেপিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে  লোকসভাত আইন-শৃংখলা ভংগ কৰিবলৈ চেষ্টা চলোৱাৰ অপৰাধত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী  মমতা বেনাৰ্জীক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে। বেনাৰ্জীয়ে অসমত উত্তেজনাৰ সৃষ্টি কৰি হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰিব খুজিছে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত গৃহ যুদ্ধ হ’ব, ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হ’ব আদি কথা কৈ পৰিস্থিতিৰ অৱনতি ঘটাব খুজিছে বুলি অভিযোগ আনে।

ইপিনে শুকুৰবাৰে শিলচৰ বিমান বন্দৰত এক উচ্ছৃংখল পৰিস্থিতিৰ সৃষ্টি কৰা বুলি টি এম চিৰ নেতাসকলক অভিযুক্ত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে দিয়া বিবৃতিত তৃণমূল কংগ্ৰেছৰ নেতসকলে অসন্তুষ্টি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd