ৰাজ্যত নৈমিত্তিক সংঘটিত পথ দুৰ্ঘটনাৰ ধাৰাৱাহিকতা ৰক্ষা কৰি গোৱালপাৰা জিলাৰ চান্দামাৰিত আজি ৪ আগষ্টত দিনৰ ১০ মান বজাত এখন যাত্ৰীবাহী বাছ পথৰ ওপৰত বাগৰি পৰি সম্পূৰ্ণ ওলোটা হৈ যোৱাৰ লগতে চকাকেইটাও খোল খাই যায়।
ভয়ংকৰ দুৰ্ঘটনাটোত সৌভাগ্যক্ৰমে কোনো লোকৰ মৃত্যু হোৱা নাই।
বাছখনত থকা শিশুকে ধৰি মুঠ ৬গৰাকী যাত্ৰীৰ লগতে এল্ট’খনৰ আৰোহীও আঘাতপ্ৰাপ্ত হয়। আহতসকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছে।
সূত্ৰ মতে গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে আহি থকা এ এচ ১৮চি ৬৯০৪ নম্বৰৰ আল্ট্ৰা বাছখনৰ সৈতে গুৱাহাটী অভিমুখে গৈ থকা এ এচ ২৫ই ৭৮০২ নম্বৰৰ এল্ট’ গাড়ীখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।