• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ্মচাৰীৰ অভাৱত ৰাজ্যিক জনস্বাস্থ্য বিশ্লেষণাগাৰত বন্ধ হ’ল ঘৰুৱা সামগ্ৰীৰ নমুনা পৰীক্ষা

ভৱেশ মেধি by ভৱেশ মেধি
August 5, 2018 9:52 pm
Laboratory
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ বামুণীমৈদামত থকা অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিমকে ধৰি পাঁচখন ৰাজ্যৰ একমাত্ৰ জনস্বাস্থ্য বিশ্লেষণাগাৰত মানৱ সম্পদৰ অভাৱত বিশ্লেষণাগাৰটোৰ জনসেৱা এক প্ৰকাৰ ধোঁৱাচাঙত উঠিছে। প্ৰয়োজনীয় মানৱ সম্পদৰ অভাৱত জনস্বাস্থ্য বিশ্লেষণাগাৰত সম্প্ৰতি ঘৰুৱা খাদ্য তথা তৰল সামগ্ৰীৰ নমুনা পৰীক্ষা বন্ধ হৈ পৰিছে।

এই সৰ্ন্দভত জনস্বাস্থ্য বিশ্লেষণাগাৰৰ খাদ্য বিশ্লেষক অনুপম গগৈয়ে কয় যে বিশ্লেষণাগাৰত খাদ্য, তৰল সামগ্ৰীৰ নমুনা পৰীক্ষাৰ বাবে অহা সামগ্ৰীৰ পৰিমাণ বাঢ়ি গৈ আছে। তাৰ তুলনাত কিন্তু বিশ্লেষণাগাৰত বেছিকৈ খাদ্য বিশ্লেষক আৰু কৰ্মচাৰী কম। অথচ খাদ্য বিশ্লেষক আৰু কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰা দূৰৈৰ কথা, খালী হৈ থকা পদবোৰে পূৰণ হোৱা নাই।

Apply Now

জনস্বাস্থ্য বিশ্লেষণাগাৰৰ খাদ্য বিশ্লেষকগৰাকীয়ে জনোৱা মতে, বিশ্লেষণাগাৰত বৰ্তমান খাদ্য বিশ্লেষক আৰু আন আন কৰ্মচাৰীকে ধৰি ১৩৩টা পদ আছে। ইয়াৰে ৩৮টা পদ বৰ্তমান খালী হৈ আছে। জনস্বাস্থ্য বিশ্লেষণাগাৰত অসমৰ লগতে মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিমকে ধৰি পাঁচখন ৰাজ্যৰ খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষা কৰা হয়। প্ৰতি মাহে অসমৰ লগতে এই ৰাজ্যকেইখনৰ পৰা ৯০০-ৰো অধিক খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষা কৰাৰ বাবে আহে। এই সংখ্যা ক্ৰমাৎ বাঢ়ি গৈ আছে। কিন্তু তাৰ বিপৰীতে ৰাজ্য চৰকাৰে বিশ্লেষণাগাৰটোৰ মানৱ সম্পদ বৃদ্ধি কৰাত কোনো গুৰুত্ব দিয়া নাই।

উল্লেখযোগ্য যে বিশ্লেষণাগাৰত চাৰি ধৰণৰ নমুনা পৰীক্ষা কৰা হয়। ব্যক্তিগত আৰ্থাৎ ঘৰুৱা খাদ্য তথা তৰল সামগ্ৰী,  বাণিজ্যিক খাদ্য তথা পানীয়,  চৰকাৰী খাদ্য তথা পানীয় আৰু দেশৰ বাহিৰৰ পৰা অহা খাদ্য তথা পানীয় এই চাৰি ধৰণৰ সামগ্ৰীৰ নমুনা পৰীক্ষা কৰা হয়।

ব্যক্তিগত আৰ্থাৎ ঘৰুৱা খাদ্য তথা পানীয়ৰ নমুনা একোটাৰ পৰীক্ষা কৰাৰ বাবদ ১০০ টকা, বাণিজ্যিক খাদ্য তথা পানীয়ৰ একোটা নমুনা পৰীক্ষা কৰাৰ বাবদ ৫০০ টকা, চৰকাৰী খাদ্য তথা পানীয়ৰ নমুনা একোটা পৰীক্ষা কৰাৰ বাবদ ১০০০ টকা আৰু দেশৰ বাহিৰৰ পৰা অহা খাদ্য তথা পানীয়ৰ একোটাৰ নমুনা পৰীক্ষা কৰাৰ বাবদ ৫০০০ টকা মাচুল লোৱা হয়। ব্যক্তিগত আৰু বাণিজ্যিক খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষাৰ ফলাফল ১৫ দিনৰ পিছত আৰু চৰকাৰী খাদ্য তথা পানীয়ৰ নমুনা পৰীক্ষাৰ ফলাফল ১৪ দিনৰ পিছত দিয়াৰ নিৰ্দিষ্ট সময় নিৰ্ধাৰণ আছে। কিন্তু কোনো সামগ্ৰীৰে নমুনাৰ পৰীক্ষাৰ ফলাফল সময়ত দিয়া নহয়। যোৱা এসপ্তাহমানৰ পৰা ব্যক্তিগত তথা ঘৰুৱা সামগ্ৰীৰ নমুনাৰ পৰীক্ষা বন্ধ ৰখা হৈছে।

এই সৰ্ন্দভত বিশ্লেষণাগাৰৰ এগৰাকী খাদ্য বিশ্লেষকে জনায়, “বিশ্লেষণাগাৰত নমুনা সংগ্ৰহৰ বাবে অহা সামগ্ৰীৰ পৰিমাণ ইমানে বাঢ়ি গৈছে যে আমাৰ কামৰ বোজা বাঢ়িছে। এফালে কম মানুহ আৰু ইফালে কামৰ বোজা। যাৰ বাবে সামগ্ৰীৰ নমুনাৰ পৰীক্ষাৰ ফলাফল নিৰ্ধাৰিত সময়ত দিব নোৱৰা বাবে আমি সদ্যহতে ব্যক্তিগত তথা ঘৰুৱা সামগ্ৰীৰ নমুনা পৰীক্ষা কৰা বন্ধ ৰাখিছো।”

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন ঠাইত খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহৰ বাবে বিশ্লেষণাগাৰে যোৱা মে’ মাহতে এখন ম’বাইল ভানৰ ব্যৱস্থা কৰিছে যদিও ভানখন বেছিভাগ সময় বিশ্লেষণাগাৰৰ কাৰ্যালয়ৰ চৌহদতে পৰি থকা দেখা যায়।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd