• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মঙলবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী

মিণ্টু দাস by মিণ্টু দাস
August 6, 2018 6:36 pm
602886_400986386651981_1185677401_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ কলংপৰীয়া শিক্ষানুষ্ঠানখনত এতিয়া উখল-মাখল পৰিৱেশ। মঙলবাৰৰ পৰা ছয়দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব মধ্য অসমৰ অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও মহাবিদ্যায়ৰ মহাৰজত জয়ন্তীৰ আৰম্ভণি অনুষ্ঠান।

দেশৰ স্বাধীনতাৰ তিনিবছৰ পূৰ্বে মুক্তিযোদ্ধা, পৰৱৰ্তী সময়ত অসমৰ এগৰাকী সুদক্ষ মন্ত্ৰী হিচাপে পৰিচিত মতিৰাম বৰাৰ নেতৃত্বত একাংশ দূৰদৃষ্টি সম্পন্ন নগঞাৰ প্ৰচেষ্টাত নগাঁও চহৰৰ বুকুত ১৯৪৪ চনত নগাঁও মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছিল।

প্ৰথম অৱস্থাত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত পাঠ্যক্ৰম আৰম্ভ হোৱা নগাঁও মহাবিদ্যালয়ৰ প্ৰথমগৰাকী আনুষ্ঠানিক অধ্যক্ষ আছিল যজ্ঞেশ্বৰ শৰ্মা। যি গৰাকী পণ্ডিতে পৰৱৰ্তী সময়ত অসম সাাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰাৰ লগতে নিজস্ব প্ৰতিভাৰে সাহিত্যাচাৰ্য উপাধি লাভ কৰিছিল।

এইখন মহাবিদ্যালয়ৰ প্ৰথমটো ছাত্ৰৰ দলত আছিল সাহিত্যাচাৰ্য মহিম বৰা। পদ্মশ্ৰী ৰংবং তেৰাঙকে ধৰি অসমীয়া সাহিত্যৰ বহু কেইগৰাকী পণ্ডিত এই মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰ। অসমীয়া ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ দাবীত হোৱা আন্দোলনত প্ৰাণ আহুতি দিয়া চহিদ অনিল বৰা এইখন মহাবিদ্যালয়ৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক আছিল।

ৰাজ্যৰ মাধ্যম আন্দোলন, বিদেশী বহিস্কাৰ আন্দোলনৰ অভিকেন্দ্ৰ আছিল নগাঁও মহাবিদ্যালয়। এইখন মহাবিদ্যালয়ৰ পৰাই ওলাই গৈ প্ৰফুল্ল কুমাৰ মহন্তই দেশ কঁ‌পোৱা বিদেশী বহিস্কাৰ আন্দোলনৰ নেতৃত্ব দিছিল সদৌ অসম ছাত্ৰ সন্হাৰ সভাপতি হিচাপে।

এইখন মহাবিদ্যালয়ৰ লগত মধ্য অসমৰ জনসাধাৰণৰ আছে এক আত্মিক সম্পৰ্ক। নগাঁও মহাবিদ্যালয়ে ৭ আগষ্টত ৭৫ বছৰত পদাৰ্পন কৰিব। বৰ্ষজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তী।

মহাৰজত জয়ন্তীৰ বাবে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থান আৰু দেশৰ কেইবাখনো মহানগৰীত প্ৰাক্তন ছাত্ৰৰ উদ্যোগত গঠন কৰা হৈছে উদযাপন সমিতিৰ গোট। ইতিমধ্যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে বৰ্ষ অনুযায়ী সমবেত হৈ সঘনে অনুষ্ঠিত কৰি আহিছে সতীৰ্থ সন্মিলন, গুৰু প্ৰণাম অনুষ্ঠান আদি।

মঙলবাৰে পুৱা ৯ বজাত মহাবিদ্যালয় চৌহদত ৭৫ খন পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ শুভাৰাম্ভ হ’ব। ১০ বজাত মহাবিদ্যালয় খনৰ লগতে নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ চৌহদ, ৰাজ্যৰ বিভিন্ন স্থান আৰু দেশৰ কেইবাখনো মহানগৰীত প্ৰাক্তন ছাত্ৰৰ উদ্যোগত বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। ১১ বজাত চহিদ অনিল বৰা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে মহাৰজত জয়ন্তী উদ্বোধন কৰিব। দুপৰীয়া ডেৰ বজাত আয়োজিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা অনুষ্ঠান আৰু মুকলি সভাত  মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব। দুয়োটা অনুষ্ঠানতে উপস্থিত থাকিব কেইবাগৰাকী মন্ত্ৰী আৰু শিক্ষাবিদ।

সেইদিনাই গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰা হ’ব। মহাৰজত জয়ন্তীৰ আন মূল কাৰ্যসুচী বোৰৰ ভিতৰত আছে – ৮ আগষ্টৰ পুৱা ১০ বজাত চলচ্চিত্ৰ সমাৰোহ, ৯ আগষ্টৰ পৱা ৯ বজাত গ্ৰাম্য বিজ্ঞান মেলা, ১০ বজাত গুৰু প্ৰণাম অনুষ্ঠান, ১০ আগষ্টৰ পুৱা ১০ বজাত নৱাগত আদৰণি সভা, ১১ আগষ্টৰ পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা, ১১ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ , বিয়লি ৩ বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান, ১২ আগষ্টৰ পুৱা ১০-৩০ বজাত বক্তৃতা অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন।

১২ আগষ্টৰ বিয়লি ৫ বজাৰ পৰা  জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানেৰে মহাৰজত জয়ন্তীৰ সামৰণি পৰিব। মহাৰজত জয়ন্তীত দহ সহস্ৰাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিত থাকিব বুলি আশা কৰিছে উদযাাপন সমিতিয়ে।

ইতিমধ্যে, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পঞ্জীয়ন ২ আগষ্টৰ পৰা আৰম্ভ হৈছে। মহাৰজত জয়ন্তী উপলক্ষে এটা ডাক টিকটো প্ৰকাশ কৰা হৈছে।  মহাৰজত জয়ন্তীৰ বাবে সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে মহাবিদ্যালয় চৌহদ। মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি, বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে মহাৰজত জয়ন্তী সফল কৰি তোলাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

লণ্ডনৰ ৰাজপথত প্ৰতিবাদত নামিছে লাখ লাখ মানুহ; কিহৰ বাবে প্ৰতিবাদ? কোনে  দিছে নেতৃত্ব?

September 14, 2025 7:33 am
আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

আঙুলি ‘ফুটালে’ যি শব্দ হয়, সেয়া বাতবিষৰ লগত জড়িত সমস্যা নেকি? সবিশেষ

September 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd