• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাত প্ৰশাসনক অংগুষ্ঠ প্ৰদৰ্শন কৰি মালবাহী আৰু যাত্ৰীবাহী গাড়ীৰ দৌৰাত্ম্য

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 7, 2018 6:10 pm
overr-loaded-truck-assam

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলা পৰিবহন বিভাগৰ সন্মুখতেই মাৰ্ঘেৰিটাত প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি শ শ বেআইনী ভাৱে চলাচল কৰা বাহনে অব্যাহত ৰাখিছে নিজৰ নিজৰ ব্যৱসায়। এই গাড়ী সমূহৰ দৌৰাত্ম্যত সম্প্ৰতি পথচাৰীৰ বাবে বিপদ সংকুল হৈ পৰিছে মাৰ্ঘেৰিটাৰ বাট-পথ।

সম্প্ৰতি মাৰ্ঘেৰিটাত ৰাজ্যৰ পৰিবহন বিভাগক অংগুষ্ঠ প্ৰদৰ্শন কৰি ৰাজহ ফাঁ‌কি দিয়াৰ অঘোষিত প্ৰতিযোগিতাতহে যেন নামি পৰিছে অতিৰিক্ত বোজাই কঢ়িওৱা বাহনসমূহে।

Apply Now

কয়লা, চাহপাত আদি সামগ্ৰী কঢ়িওৱা ট্ৰাকসমূহে অতিৰিক্ত বোজা কঢ়িয়াই প্ৰতিদিনে মাৰ্ঘেৰিটাৰ পৰা চলাচল কৰি থকা বিষয়টোৱে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ লগতে জিলা পৰিবহন বিভাগৰ প্ৰতিও সন্দেহৰ টোঁৱাইছে।

একাংশ ঘোচখোৰ পৰিবহন বিষয়াৰ ছত্ৰছায়াতে মাৰ্ঘেৰিটাৰ বহু কেইখন চাহ বাগিচাই তেওঁলোকৰ ট্ৰেক্টৰ, ট্ৰেইলৰ আদিৰ কোনো ধৰণৰ কাগজপত্ৰ নোহোৱাকৈ ৰাষ্ট্ৰীয় ঘাইপথৰে মাল-বস্তু কঢ়িওৱাৰ লগতে নিজৰ নিজৰ বাগিচাৰ শ্ৰমিকসকলক বিভিন্ন কামত খোলা গাড়ীৰে কঢ়িয়াই আহিছে বুলি অভিযোগ উত্থাপিত হৈছে।

এতিয়া মানুহৰ জীৱনক লৈয়ো হেতালি খেলিবলৈ আৰম্ভ কৰিছে দীৰ্ঘদিনে কৰ ফাঁকিৰে ৰমৰমীয়া ব্যৱসায় চলাই অহা একাংশ মেজিক, বিক্ৰম, অট’ আদি যাত্ৰীবাহী বাহনৰ চালকে।

জানিব পৰামতে, মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা তিনিচকীয়া বাহনত যাতে অতিৰিক্ত যাত্ৰী বহিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল যদিও দিন বাগৰাৰ লগে লগে এতিয়া সকলো ফুটুকাৰ ফেনত পৰিণত হোৱাৰ অভিযোগ উঠিছে।

অতি দুৰ্ভাগ্যজনক ভাবে চৰকাৰী আইন ভংগত পাকৈত একাংশ উদণ্ড চালকে অত্যাধিক যাত্ৰী কঢ়িয়াই লৈ তীব্ৰ বেগত গৈ নিয়ন্ত্ৰণ হেৰুৱাই ইতিপূৰ্বে কেইবাবাৰো বহু কেইটা দুৰ্ঘটনা ঘটোৱাৰ নজিৰ আছে।

আনহাতে সন্ধিয়াৰ সময়ত মাৰ্ঘেৰিটাত কেঁচা চাহপাত পৰিবাহী মেক্স, মেজিক, ডিআই জাতীয় গাড়ীৰ দৌৰাত্ম্যত দীৰ্ঘ দিনৰ পৰা দুৰ্ভোগ ভুগি আহিছে পথচাৰীসকলে। তাতোতকৈ দুৰ্ভাগ্যজনক কথা যে, মাল পৰিবাহী একাংশ মেক্স নাইবা মেজিক জাতীয় গাড়ীত অত্যাধিক শ্ৰমিক অনা-নিয়া কৰি একাংশ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায় চলাই আহিছে।

ইপিনে ৰহস্যজনক ভাবে তিনিচুকীয়া জিলাৰ যান-বাহন আৰক্ষী আৰু জিলা পৰিবহন বিভাগৰ আইন বলৱৎকাৰী (এনফৰ্চমেণ্ট) শাখাটোৰ কেইজনমান বিষয়াই মাজে সময়ে মাৰ্ঘেৰিটাত একাংশ গাড়ীত তালাচী চলায় যদিও উক্ত বিভাগটোৱে নথিপত্ৰ বিহীন গাড়ীৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা দেখা নাযায়। তেনে বিষয়াই মাৰ্ঘেৰিটাত আহি গাড়ীৰ কাগজ-পত্ৰ পৰীক্ষা কৰাৰ নামত নাটকৰহে সৃষ্টি কৰে বুলি প্ৰতক্ষ্যদৰ্শী ৰাইজে অভিযোগ কৰে।

অন্যহাতে মাৰ্ঘেৰিটা নগৰৰ পৰা জাগুন, লিডু, বৰগোলাই, মাকুমকিল্লা, পাৱৈ আদি স্থানলৈ প্ৰায় তিনিশৰো অধিক মেজিক, বিক্ৰম, অট’ আদিৰ লগতে পঞ্চাছৰো অধিক ই-ৰিক্সা চলে যদিও প্ৰয়োজন অনুপাতে মাৰ্ঘেৰিটা নগৰ সমিতিয়ে পাৰ্কিঙৰ বিশেষ সুবিধা কৰি নিদিয়াত ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পাৰ্কিং কৰাৰ হেতুকে সৃষ্টি হয় ব্যাপক যানজঁটৰ।

মাৰ্ঘেৰিটাত ৰাষ্টীয় ঘাইপথৰ কাষতেই অথালি-পথালি কৈ ৰখাই থোৱা বাহনসমূহৰ বাবে যি কোনো সময়তে ভয়ংকৰ দুৰ্ঘটনা ঘটাৰ সম্ভাৱনাও নথকা নহয়। এতিয়া প্ৰশ্ন হয়, বৃহৎ কঁ‌ৰ ফাঁকিৰে চলা এই সমূহ যান-বাহনৰ নথি পৰীক্ষণৰ বাবে আৰক্ষী প্ৰশাসন নাইবা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে কিবা ব্যৱস্থা লবনে? যাৰ বাবে অসম চৰকাৰে প্ৰতি বছৰে হেৰুৱাব লগীয়া হৈছে বৃহৎ পৰিমাণৰ চৰকাৰী ৰাজহ।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd