১৯৮৬ চনত দক্ষিণ কোৰিয়াৰ চিউলত অনুষ্ঠিত হোৱা এছিয়ান গেইমছ অসমৰ বাবে আছিল কিছু সুকীয়া। কিয়নো সেইবাৰৰ এছিয়ান গেইমছত প্ৰথমবাৰ অসমৰ পৰা সৰ্বাধিক তিনিগৰাকী খেলুৱৈয়ে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। আৰু তেতিয়াৰে পৰা বিগত এছিয়ান গেইমছলৈ সেয়াই আছিল অসমৰ পৰা নিজ দেশক প্ৰতিনিধিত্ব কৰা সৰ্বাধিক খেলুৱৈৰ সংখ্যা।
মন কৰিবলগীয়া যে চলিত বৰ্ষৰ ১৯ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰ জাকাৰ্টাত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেইমছত সেই ১৯৮৬ৰ ৰেক’ৰ্ড ভংগ কৰি প্ৰথমবাৰৰ বাবে অসমৰ সৰ্বাধিক সংখ্যক ক্ৰীড়াবিদে বহু প্ৰতিক্ষিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দেখা যাব।
অসমৰ ক্ৰীড়া জগতৰ ইতিহাসত নজিৰ সৃষ্টি কৰি প্ৰথম বাৰৰ বাবে এছিয়াডত ৭ গৰাকীকৈ অসমীয়া খেলুৱৈৰ অংশগ্ৰহণৰ খবৰে উৎফুল্লিত কৰি তুলিছে অসমৰ ক্ৰীড়া প্ৰেমীক। খেলুৱৈ কেইগৰাকী হ’ল বিশ্ববিজয়ী দৌৰবিদ হিমা দাস, আৰ্চাৰ প্ৰমীলা দৈমাৰী, শ্বাটলাৰ অস্মিতা চলিহা, বক্সাৰ শিৱ থাপা, ফেন্সাৰ কবিতা দেৱী, টাইকোৱানডোত ৰুদালী বৰুৱা আৰু বাস্কেট বলত জোনালী দত্ত।
উল্লেখ্য যে এছিয়ান গেইমছত প্ৰথমবাৰৰ বাবে ১৯৬৬ চনতে অসমৰ পৰা প্ৰথম ৮০০ মিটাৰ দৌৰত ভোগেশ্বৰ বৰুৱাই অর্জন কৰিবলৈ সক্ষম হৈছিল স্বৰ্ণ পদক। আৰু তেতিয়াৰ পৰা পদক শূণ্য হৈ আছে অসম। কিন্তু ৫০বছৰৰ পিছত এইবাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অসমৰ আটাই কেইগৰাকী খেলুৱৈয়ে বিজয়ধ্বজা উৰুওৱাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে।
কিয়নো আজি কিছুদিনৰ পৰা এছিয়াডলৈ নিৰ্বাচিত অসমীয়া খেলুৱৈ কেইগৰাকীয়ে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ঈৰ্ষণীয় প্ৰদৰ্শনেৰে বিভিন্ন খিতাপ আজুৰি আনি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বাতৰিৰ শিৰোনাম দখল কৰাটোৱে স্বাভাৱিকতে অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। সেয়ে অসমৰ ক্ৰীড়া প্ৰেমীয়ে আশা কৰিছে জাকাৰ্টাত অসমৰ খেলুৱৈয়ে অসমৰ মান উজলাই বুটলি আনিবলৈ সক্ষম হ’ব পদক।
আৰু তেনে সময়তে এছিয়াডত অসমৰ সাতগৰাকী খেলুৱৈৰ অংশগ্ৰহণে অসমত ক্ৰীড়া বিপ্লৱৰ সূচনা কৰাৰ লগতে নিশ্চয়কৈ আগন্তুক দিনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমে এক উচ্চ স্থান ল’বলৈ সক্ষম হ’ব বুলি ক্ৰীড়া বিশ্লেষক সকলে ধাৰণা কৰিছে।