• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া জাতিক ৰক্ষা কৰিবলৈ এন আৰ চি নহয়, এছ আৰ চিহে দৰকাৰী : জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 9, 2018 4:54 pm
S R C.docx Photo
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘যদি এন আৰ চিত সকলো বিদেশী আৰু ভাৰতীয়ই খিলঞ্জীয়াৰ মৰ্যাদা পায়, তেন্তে অসমৰ খিলঞ্জীয়া লোকসকল ভগনীয়াত পৰিণত হ’ব। অসমীয়া জাতিক ৰক্ষা কৰিবলৈ হ’লে ‘ৰাজ্যিক নাগৰিক পঞ্জী চমুকৈ ‘এছ আৰ চি’ হে বেছি দৰকাৰী।‘

বুধবাৰে গুৱাহাটীত এখন সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই।

Apply Now

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ১৯৭১ চনটোকে ভিত্তিবৰ্ষ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ে ১৯৫১ চনৰ পৰা ১৯৭১ চনলৈকে ভাৰতলৈ অহা বহু বিদেশীক স্বদেশী সজোৱা বুলি উক্ত সংবাদমেলত গুৰুতৰ দাবী তোলে সংগঠনটোৰ নেতৃবৃন্দই।

তেওঁলোকৰ মতে ‘পূৰ্বাঞ্চলীয় লোক পৰিষদে ১৯৫১ চনৰ ভিত্তি বৰ্ষটো গ্ৰহণ নকৰাৰ বাবে তথা বহিঃ ৰাজ্যৰ পৰা অহা সকলোকে নাগৰিকত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসম চুক্তিত স্বাক্ষৰ কৰা নাছিল।‘

আনহাতে, পূৰ্বাঞ্চলীয় লোক পৰিষদে অসম চুক্তিক অসমৰ বাবে অভিশাপ আখ্যা দিছিল বুলি উক্ত সংবাদমেলৰ জৰিয়তে জানিবলৈ দি বৈশ্যই লগতে কয়, ‘১৯৫১ চনটো ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী আৰু বহিৰাগত উভয়ৰ বিৰুদ্ধে শক্তিশালী ৰূপত অসম আন্দোলন গঢ় লৈ উঠিছিল। অসমলৈ বিদেশী যিমান গুণ আহিছে, তাতকৈ বেছি লোক আহিছে বহিঃৰাজ্যসমূহৰ পৰা।‘

তেওঁ লগতে কয়, ‘সময়ত আন্দোলনৰ একাংশ নেতাই ৮৫৫ গৰাকী শ্বহীদক অপমান কৰি আৰু অসমীয়া খিলঞ্জীয়া ৰাইজক বিশ্বাসঘাতকতা কৰি অসম আন্দোলনৰ মূল উদ্দেশ্য ভৰিৰে মোহাৰি অসমীয়া জাতিৰ অভিশাপস্বৰূপ অসম চুক্তিত চহী কৰিলে।‘

তেওঁ লগতে পূৰ্বাঞ্চলীয় লোক পৰিষদক অসম আন্দোলনৰ জন্মদাতা তথা প্ৰতিষ্ঠাপক বুলি দাবী কৰি লগতে কয়, ‘এই কাৰ্যৰ ঘোৰ প্ৰতিবাদত পিএলপিয়ে অসম চুক্তিখন বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনাইছিল।‘

আনহাতে, ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰিত হোৱা অসম চুক্তিখনক অবমাননা কৰি এনআৰচিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই এনেধৰণৰ কিছুমান তথাকথিত সংগঠনে গা কৰি উঠা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যৰ মতে ‘অসম চুক্তিৰ পৰিণতিত বিদেশী যোৱাৰ দূৰৰে কথা অসমলৈ বিদেশী আহি ভৰিহে পৰিল।  চুক্তি স্বাক্ষৰ কৰাৰ ৩৩ বছৰৰ পাছতো আজি একাংশই চুক্তি ৰূপায়ণৰ দাবী জনাই আন্দোলন কৰি ৰাইজক আভুৱা ভাঁৰি আহিছে। চুক্তি ৰূপায়ণৰ দাবীত আন্দোলন হোৱা উদাহণ অসমৰ বাহিৰে পৃথিবীৰ কোনো ঠাইতে নাই।‘

‘১৯৪৭ চনৰ পৰা ভাৰত চৰকাৰে হিন্দী বলয়ৰ সহযোগত অসমৰ পৰা প্ৰাকৃতিক সম্পদসমূহ লুন্ঠনৰ স্বাৰ্থত অসমৰ খিলঞ্জীয়া সত্তাসমূহ ধ্বংস কৰি আহিছে,‘-বৈশ্যই কয়।

তেওঁ লগতে কয়, ‘সমগ্ৰ পৃথিবীৰ খিলঞ্জীয়া শক্তিসমূহ নিশ্চিহ্ন কৰাৰ বাবে সাম্ৰাজ্যবাদী শক্তিসমূহে যি চেষ্টা চলাইছিল, তাৰ পৰা যাতে বিশ্বৰ বিভিন্ন খিলঞ্জীয়া শক্তিসমূহক সুৰক্ষা দিব পাৰি, তাৰ বাবে এখন আইন প্ৰস্তুত কৰিছিল ২০০৭ চনৰ ৰাষ্ট্ৰসংঘৰ জেনেভা সন্মিলনত। ১৪৩ খন দেশে অংশগ্ৰহণ কৰা এই সন্মিলনত স্বাক্ষৰ কৰিছিল আৰু তাৰ অন্যতম স্বাক্ষৰকাৰী ভাৰত চৰকাৰ নিজেই আছিল। খিলঞ্জীয়াই নিজৰ স্বাৰ্থত চৰকাৰ গঠন কৰিব, বিত্তীয় আঁচনি গ্ৰহণ কৰিব, যিকোনো কাৰ্য্যসূচী হাতত লোৱাৰ সময়ত কেন্দ্ৰীয় চৰকাৰে খিলঞ্জীয়া সত্তাৰ সৈতে আলোচনা নকৰাকৈ একো কৰিব নোৱাৰিব বুলি সেই সন্মিলনত সিদ্ধান্ত লোৱা হৈছিল।‘

তাৎপৰ্য্যপূৰ্ণভাৱে উক্ত সন্মিলনত খিলঞ্জীয়া সুৰক্ষা আইন ২০০৭ ত সন্নিৱিষ্ট ৩৪ টা দফাৰ এটা দফাও কেন্দ্ৰীয় চৰকাৰে কাৰ্য্যকৰী নকৰা বুলি তেওঁ সংবাদমেলত গুৰুতৰ অভিযোগ তোলে।

তেওঁ উক্ত আইনখনত থকা ৪ আৰু ৫ নং দফাৰ বিষয়ে উল্লেখ কৰি কয়, ‘য’ত খিলঞ্জীয়াক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে, য’ত খিলঞ্জীয়া লোকৰ বাহিৰে বেলেগে নিৰ্বাচনত ভাগ ল’ব নোৱাৰে বা ভূমি ক্ৰয় কৰিব নোৱাৰে বুলি কোৱা হৈছে. তাত কিন্তু কাৰ্য্যতঃ সেই কথা পালন কৰা হোৱা নাই।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd