• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতবৰ্ষৰ ৰাজনীতিত উত্তৰ-পূৰ্বাঞ্চলে সংগ্ৰামৰ মাজেৰে জীয়াই আছে : প্ৰফুল্ল কুমাৰ মহন্ত

মিণ্টু দাস by মিণ্টু দাস
August 9, 2018 8:28 pm
নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীত প্ৰফুল্ল কুমাৰ মহন্ত।
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”পৃথিৱীত দুটা শব্দ অতি শক্তিশালী। এই শব্দ দুটা হৈছে- প্ৰাৰ্থনা আৰু আশীৰ্বাদ। এই দুটাতকৈ শক্তিশালী আৰু একো নাই। যিটো শক্তিৰ বাবে এট’ম বোমা তৈয়াৰ কৰা মানুহজনো থমকি ৰ’বলগীয়া হৈছিল। ন’বেল প্ৰাইজ প্ৰৱৰ্তনৰ বাবে তেওঁ থমকি ৰ’বলগীয়া হৈছিল,”-এই মন্তব্য ৭৫ বছৰ গৰকা ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, অসম আন্দোলনৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তৰ।

নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে আজি অনুষ্ঠিত গুৰু প্ৰণাম অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কয় যে নগাঁও মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বহুতো কৰণীয় মহাবিদ্যালয়খনৰ লগত জৰিত হৈ আছে। এই মহাবিদ্যালয় আপোনাৰ মহাবিদ্যালয়, এই মহাবিদ্যালয় আপোনালোকৰ মহাবিদ্যালয়, এই মহাবিদ্যালয় আমাৰ মহাবিদ্যালয়।

Apply Now

মহাবিদ্যালয়খনক পৰ্যায়ক্ৰমে উন্নীত কৰিবৰ বাবে সকলোৱে অহৰহ প্ৰচেষ্টা চলাই আছে। নগাঁও মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই কয় যে গুৰুৰ আশীৰ্বাদ ছাত্ৰ-ছাত্ৰীৰ বাবে অপৰিহাৰ্য। পৃথিৱীত কিছুমান ঋণ পৰিশোধ কৰিব পাৰি। কিন্তু তিনিটা ঋণ পৰিশোধ কৰিব নোৱাৰি। সেই কেইটা হৈছে- গুৰুৰ ঋণ, পিতৃৰ ঋণ আৰু মাতৃৰ ঋণ। এই ঋণ পৰিশোধ কৰাৰ উপায় নাই।

ভাৰতবৰ্ষই শিক্ষা ব্যৱস্থাৰ মূল ভেটি বুলি উল্লেখ কৰি মহন্তই কয় যে শিক্ষা ব্যৱস্থা প্ৰথমে ভাৰতবৰ্ষত গঢ়ি উঠিছিল। প্ৰথম জ্ঞানৰ গুটি ভাৰতবৰ্ষতে অংকুৰিত হৈছিল। সেই কাৰণে কোৱা হয় বেদ আৰু বেদৰ পৰা উৎপত্তি হৈছে জ্ঞান। কৃষ্ণদ্বৈপায়ণ ব্যাসে বেদক চাৰিটা ভাগত ভাগ কৰিছিল। চাৰিখন বেদত সাহিত্য-সংস্কৃতি-চিকিৎসা শাস্ত্ৰ-বিজ্ঞান সকলো বিষয় সন্নিবিষ্ট হৈ আছে। এই বেদ বিভিন্ন ভাষালৈ অনুদিত হৈছে।

গৃহ জিলা নগাঁৱৰ সম্পৰ্কত মন্তব্য কৰি মহন্তই কয় যে সাংস্কৃতিক, ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত নগাঁও অসমৰ প্ৰাণ কেন্দ্ৰ। এই প্ৰাণ কেন্দ্ৰক সজীব কৰি ৰাখিবৰ বাবে আৰু এই প্ৰাণ কেন্দ্ৰক উন্নত কৰিবৰ বাবে আমি সকলোৱে প্ৰচেষ্টা হাতত ল’ব লাগিব। নগাঁও মহাবিদ্যালয়ে জ্ঞানৰ প্ৰসাৰত ক্ষেত্ৰত এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ আজি মহাৰজত জয়ন্তীৰ এই স্মৃতিয়ে আমাক পিছলৈ চোৱাৰ সময় দিছে আৰু পিছলৈ চাই আগলৈ আগবাঢ়ি যোৱাৰ সুযোগ দিছে।প্ৰসংগক্ৰমে তেওঁ ‘নাক’ৰ মূল্যাংকনে নগাঁও মহাবিদ্যালয়ত বিশ্ববিদ্যালয় কিম্বা স্বতন্ত্ৰ মহাবিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

আনহাতে, মাধ্যম আন্দোলনৰ শ্বহীদ অনিল বৰাৰ অৱদানৰ কথাও উল্লেখ কৰি প্ৰাক্তন ছাত্ৰ নেতা প্ৰফুল্ল কুমাৰ মহন্তই কয় যে, বাস্তৱ জীৱনত বহু সংঘাতৰ মাজেৰে অসমীয়া জাতিয়ে জীৱনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি আহিছে৷

ইপিনে এন আৰ চি ক লৈ বহুতে আনন্দ কৰিলেও এন আৰ চি ত অভিযোগকাৰীসকলৰ ক্ষেত্ৰত অভিযোগ সত্য প্ৰমাণিত নহ’লে যি শাস্তিমূলক ব্যৱস্থাৰ বিষয়টো চৰ্চালৈ আহিছে এয়া এক চিন্তনীয় বিষয় বুলি প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই মন্তব্য কৰে৷ এই ক্ষেত্ৰত অসমৰ জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাই লগতে কয় যে, আমি যদি নিজক ৰক্ষা কৰিব নোৱাৰো তেন্তে আনক ৰক্ষা কৰাৰ প্ৰশ্ন নুঠে।

ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত এন আৰ চি প্ৰস্তুত কৰাৰ পোষকতা কৰি মহন্তই লগতে কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমক সমালোচনা কৰাতকৈ তেওঁৰ নিজৰ ৰাজ্যত এন আৰ চিৰ কাম আৰম্ভ কৰক। প্ৰসংগক্ৰমে প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই ভাৰতবৰ্ষৰ ৰাজনীতিত উত্তৰ পূৰ্বাঞ্চলে সংগ্ৰামৰ মাজেৰে জীয়াই আছে বুলিও মন্তব্য কৰে।

গুৰু প্ৰণাম অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ কমল গোস্বামীয়ে নগাঁও মহাবিদ্যালয়ৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰা মতিৰাম বৰা, সূৰ্যকুমাৰ ভূঞা, হলধৰ ভূঞা, মহিচন্দ্ৰ বৰা, প্ৰতাপ চন্দ্ৰ শৰ্মা, পূৰ্ণ চন্দ্ৰ শৰ্মা, যজ্ঞেশ্বৰ শৰ্মা, মহেশচন্দ্ৰ দেৱ গোস্বামী আদি বিশিষ্ট ব্যক্তি সকলৰ স্মৃতিচাৰণ কৰে। বিশিষ্ট শিক্ষাবিদগৰাকীয়ে নগাঁও মহাবিদ্যায়খনক নগাঁৱৰ প্ৰাচীনতম, ঐতিহ্যমণ্ডিত মহাবিদ্যালয় বুলি অভিহিত কৰি মহাবিদ্যালয়খনত অধ্যাপনা কৰা দিনৰ কথা সোঁৱৰে।

এই গুৰু প্ৰণাম অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অৱসৰ গ্ৰহণ কৰা ৪৭ গৰাকী অধ্যাপক-অধ্যাপিকাক গামোচা আৰু প্ৰশস্তি পত্ৰৰে শ্ৰদ্ধা নিবেদন কৰে। জ্যেষ্ঠ সাংবাদিক তথা সঞ্চালক প্ৰকাশ মহন্তই নগাঁও মহাবিদ্যালয়ৰ স্মৃতি ৰোমন্থন কৰি কয় যে মাধৱ কন্দলী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও জিলাত আধুনিক শিক্ষাৰ ক্ষেত্ৰত নগাঁও মহাবিদ্যালয়ে জিলাখনক জিলিকাই তুলিবলৈ প্ৰচেষ্টা চলাই আহিছে। অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd