• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংখ্যাৰ লগত গুণগত মান নাথাকিলে সংখ্যা গুৰুত্বহীন : ড: হিমন্ত বিশ্ব শৰ্মা

মিণ্টু দাস by মিণ্টু দাস
August 12, 2018 7:43 am
nagaon college.docx photo.jpg 2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

”শিক্ষকসকলে যিমানেই জ্ঞানৰ পৰিসৰ বঢ়াব পাৰিব সিমানেই ছাত্ৰ ছাত্ৰীৰ বাবে শ্ৰেণী কোঠা আকৰ্ষণীয় হৈ পৰিব। শিক্ষকসকলে পাঠদানৰ ক্ষেত্ৰত মূল বিষয়টো একে ৰাখি দুই এটা সমসাময়িক কথা ক’লে বিষয়টোৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ ধাউতি বাঢ়িব। অধ্যাপক-অধ্যাপিকাসকলে যি জ্ঞানৰ অন্বেষণ কৰে সেয়া ছাত্ৰ ছাত্ৰীৰ আগত সমৰ্পিত ভাৱে আগবঢ়ালে ছাত্ৰ ছাত্ৰীৰ মুখত বেলেগ পোহৰ পৰিস্ফুট হয়,”- এই মন্তব্য অসমৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

ষাঠি বছৰত পদাৰ্পণ কৰিবলৈ আগবঢ়া নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা শৈক্ষিক ভৱন আৰু ডিজিটেল লাইব্ৰেৰী উদ্বোধন কৰি  মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয়, ‘’সমাজৰ হিতৰ বাবে সকলোৰে দায়িত্বৰ লগতে দায়বদ্ধতাৰ প্ৰয়োজন। সমাজৰ পৰা কিবা পোৱাৰ বিনিময়ত সমাজক ঘূৰাই দিয়াৰ প্ৰৱণতা থকা উচিত। নাগৰিকৰ দায়বদ্ধতা নাথাকিলে এখন ৰাজ্য যিমানেই আগনাবাঢ়ক এটা সময়ত ৰৈ যাব।‘’

Apply Now

মন্ত্ৰী শৰ্মাই লগতে কয়, ‘’আমাৰ চৰকাৰে শিক্ষাৰ মানৰ ওপৰত গুৰুত্ব দিছে। সংখ্যা এটা বেলেগ বস্তু। সংখ্যাৰ লগত গুণগত মান নাথাকিলে সংখ্যা গুৰুত্বহীন হয়। আমাৰ চৰকাৰে কলেজ শিক্ষকসকলৰ ওপৰত যিদৰে গুৰুত্ব দিছে অন্য বহু ৰাজ্যই তেনেদৰে গুৰুত্ব দিয়া নাই।‘’

আমাৰ চৰকাৰে ৰাজ্যত ৮ খন মডেল কলেজ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে অনাগত তিনিটা বছৰত ২০ খন কলেজ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰি প্ৰতিটো উন্নয়ন খণ্ডত একোখনকৈ কলেজ প্ৰতিষ্ঠা কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। মন্ত্ৰী শৰ্মাই কয় যে চৰকাৰী স্কুলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহু ছাত্ৰী ছাত্ৰীয়ে অধ্যয়ন কৰে। সেইসকল ছাত্ৰ ছাত্ৰীৰ কথা ভাবি নৱম- দশম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া কিতাপ  ছাত্ৰ-ছাত্ৰীৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে।

অসমৰ দৰিদ্ৰ পৰিয়ালৰ বহু ল’ৰা-ছোৱালীয়ে ধনৰ অভাৱত উচ্চ শিক্ষা গ্ৰহণ কৰিব পৰা নাছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া নামভৰ্তি বিনামূলীয়া হোৱা বাবে সকলোৰে বাবে উচ্চ শিক্ষা সম্ভৱ হৈছে। বিগত দুটা বৰ্ষত ২১ লাখ ছাত্ৰ ছাত্ৰীয়ে  বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা লাভ কৰিছে। এ ডি পি মহাবিদ্যালয়ৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে এখন মহাবিদ্যালয়ে ৬০ টা বছৰ গৰকাৰ পৰা অনুমান কৰিব পাৰি মহাবিদ্যালয়খনে শৈক্ষিক দিশত আগবঢ়োৱা বৰঙনিৰ কথা। এয়া গৌৰৱ আৰু প্ৰাপ্তিৰ আনন্দৰ সময়।

প্ৰসংগক্ৰমে মন্ত্ৰীগৰাকীয়ে  ভাৰত বিভাজনৰ সময়ত গ্ৰুপিঙৰ বিৰোধিতা কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈক পশ্চিম বংগৰ শৰৎ চন্দ্ৰ বসু আৰু শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰতিটো ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল বুলি উল্লেখ কৰে।

সভাত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ উন্নয়নত মন্ত্ৰী শৰ্মাই আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। আনহাতে মাইলছ ব্ৰঞ্চন, আত্মাৰাম শৰ্মা, মতিৰাম বৰা, হলধৰ ভূঞা, যজ্ঞেশ্বৰ শৰ্মা আদিৰ দৰে মহান ব্যক্তি সকলৰ কথা উল্লেখ কৰি বিধায়ক শৰ্মাই শৈক্ষিক ক্ষেত্ৰত নগাঁও জিলা আগবাঢ়ি যোৱা বুলি উল্লেখ কৰে। সভাত আদৰণী ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ  ড° সুৰজিত ভাগৱতীয়ে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd