• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০ জুলাই গ’ল কেতিয়াবাই : নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মুখ খোল নাখালে বিজেপিৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 12, 2018 7:29 pm
মুখ্য মন্ত্ৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬-ক লৈ অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ৰাইজৰ অন্তৰত জুই জ্বলি থকাৰ সময়ত বিপৰীত মেৰুত অৱস্থান কৰি আছিল ‘জাতি-মাটি-ভেটি’ৰ কথা কোৱা বিজেপি দল আৰু ‘জাতীয় নায়ক’ নেতৃত্বাধীন বিজেপি চৰকাৰখনে।

অসমৰ গৰিষ্ঠ সংখ্যক ৰাইজে বিৰোধিতা কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত ৰাইজৰ আন্দোলনৰ বিপৰীতে অসমৰ ৰাইজক ৩০ জুলাইত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতহে বিধেয়কখনক লৈ স্থিতি স্পষ্ট কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্যিক বিজেপিয়ে।

Apply Now

৩০ জুলাই পাৰ হৈ গ’ল কেতিয়াবাই। প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাও। কিন্তু এতিয়াও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ নিমাত ৰাজ্যিক বিজেপি। প্ৰশ্ন হয়, এতিয়া বিজেপিৰ এই মৌনতা কিয়? আৰু কিমান দিনলৈ মুখ নুখুলিব ৰাজ্যিক বিজেপিয়ে? নে এয়া মোদীৰ অচ্ছে দিনৰ দৰে কেতিয়াও নাহিবই নেকি?

যি সময়ত এই বিধেয়কৰ বিৰুদ্ধে অসমত তীব্ৰ আন্দোলন চলি আছিল সেই সময়ত ইয়াক লৈ নীৰৱ ভূমিকাত অৱতীৰ্ণ হ’ল এসময়ত জাতীয়তাবাদী মঞ্চৰ পৰা গৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱাল। বিভিন্ন সময়ত বিভিন্নজনৰ প্ৰশ্নৰ উত্তৰ দি সোণোৱালে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময় ৩০ জুলাইৰ কথা কৈ আহিছিল। ৩০ জুলাইৰ পিছত চৰকাৰে নিজৰ স্থিতি প্ৰকাশ কৰিব বুলি ফালৰি কাটি আছিল মুখ্য মন্ত্ৰী সোণোৱাল।

কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ গাদীত থকা বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে দৃঢ় স্থিতি লৈ থকাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে কৌশলেৰে কেৱল ‘অসমৰ স্বাৰ্থ বিঘ্নিত হ’ব পৰা কাম নকৰো’ বুলিয়ে দায় সৰা মন্তব্য দিছিল। একেদৰে ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত বিজেপিয়ে স্থিতি স্পষ্ট কৰিব বুলি ৰাইজক কৈ আহিছিল ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো।

অসম চুক্তিৰ আধাৰত আৰু উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ কোনো সম্পৰ্ক নাই। তাৰ পিছতো ৰাজ্যিক বিজেপিৰ নেতৃত্বই এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ সময়, ৩০ জুলাইক নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ বাবে সীমা হিচাপে লোৱাটো অসমবাসীৰ বাবে আজিও সাঁথৰ হৈয়ে থাকিল।

ইফালে নিজে বান্ধি দিয়া সময়সীমা কেতিয়াবাই উকলি যোৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ৰাজ্যিক বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে। তেওঁ কয়, “আমি এসপ্তাহৰ সময় দিছো, বিজেপিয়ে স্থিতি স্পষ্ট কৰক। তেওঁলোকে যদি স্থিতি প্ৰকাশ নকৰে, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াৰ প্ৰতিক্ৰিয়া দিম।”

অখিল গগৈৰ মতে, এন আৰ চিৰ চূড়ান্ত খচৰাই শ’লঠেকত পেলাইছে ৰাজ্যিক বিজেপিক। সেয়ে দলটোৰ নেতৃত্ব এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে।

“এন আৰ চিৰ খচৰাই তেওঁলোকৰ মূৰত ঠাণ্ডা পানী ঢালি দিলে। এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ তেওঁলোকে ভবা কথাটোৰ ওলোটাটোহে হৈছে”, অখিল গগৈয়ে ক’লে। অৱশ্যে বিজেপিক এন আৰ চিয়ে কেনেকৈ বিপদত পেলালে সেই কথা পাছত প্ৰকাশ কৰিব বুলি জনালে অখিল গগৈয়ে।

একেদৰে এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়, “বিজেপিৰ নিজৰ বুলি কোনো স্থিতি নাই। আৰ এছ এছৰ যিটো স্থিতি, সেই মতেই তেওঁলোকে কাম কৰে। আৰ এছ এছে হিন্দু বাংলাদেশী বিতাৰণ কৰাটো কেতিয়াও নিবিচাৰে। হিন্দু বাংলাদেশীক ভাৰতবৰ্ষত নাগৰিকত্ব প্ৰদান কৰাটো তেওঁলোকৰ মূল উদ্দেশ্য। সেই কাৰণেই বিজেপিয়ে এতিয়ালৈ নিজৰ বক্তব্য স্পষ্ট কৰিব পৰা নাই।”

চাংমায়ে লগতে কয় যে বিজেপিয়ে মুখেৰে এন আৰ চিৰ কথা কয় যদিও হিন্দু বাংলেদেশীক নাগৰিকত্ব প্ৰদানৰ যি ৰাজনৈতিক উদ্দেশ্য তাৰ পৰা তেওঁলোক আঁতৰি আহিব পৰা নাই।

ইয়াৰ উপৰি তেওঁ ৩০ জুলাইৰ সময়সীমাক বিজেপিয়ে অসমবাসীক দিয়া আন আন ভুৱা প্ৰতিশ্ৰুতিৰ দৰে এটা বুলি অভিহিত কৰে।

“অসমৰ মানুহক আভুৱা ভাঁৰিবলৈহে বিজেপিয়ে বিভিন্ন সময়ত বিভিন্ন বক্তব্য দি আহিছে। বিজেপিয়ে আগতে দিয়া কথা বিলাক ৰক্ষা কৰা নাই আৰু নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ স্থিতি স্পষ্ট কৰাৰ যি কথা দিছিল সেই কথাও বিজেপিয়ে ৰাখিব নোৱাৰে”, পলাশ চাংমায়ে কয়।

‘আৰ এছ এছ-বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য কোনো কাৰণতে সফল হ’বলৈ নিদিওঁ’ বুলি হুংকাৰ দি পলাশ চাংমায়ে কয় যে বিজেপিয়ে এন আৰ চিত হিন্দু বাংলাদেশীৰ নাম যাতে সোমোৱাব নোৱাৰে তাত তেওঁলোকে চোকা দৃষ্টি ৰাখিব।

মন কৰিব লগীয়া যে ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰিছে বিজেপিৰ সৈতে মিত্ৰজোঁটৰ চৰকাৰ চলি থকা মেঘালয়, নাগালেণ্ড আৰু বিহাৰ চৰকাৰে। কিন্তু অসমৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্বক প্ৰশ্ন জড়িত হৈ থকা বিধেয়কখনক লৈ স্থিতি স্পষ্ট কৰাৰ পৰা ৰহস্যজনকভাৱে আঁতৰি ফুৰিছে ‘জাতীয় নায়ক’ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰ আৰু শাসকদল বিজেপি। অসমৰ খিলঞ্জীয়া ৰাইজে বাট চাই আছে কি ক’ব আমাৰ ‘জাতীয় নায়ক’-এ কি ক’ব ‘জাতি-মাটি-ভেটি’ ৰক্ষাৰ শ্ল’গান দিয়া ৰাজ্যিক বিজেপিৰ নেতৃত্বই।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd