পৃথিৱীৰ বিভিন্ন প্ৰান্তত থাকিও হোৱাটচ এপৰ জৰিয়তে সু সংগঠিত হৈ দুখীয়া মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ সহায়ৰ হাত আগবঢ়াইছে কটন কলেজৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এটা দলে। ‘কটন কেনডিজ ফাউণ্ডেশ্যন’ নামেৰে আত্মপ্ৰকাশ কৰা এই দলটোত আছে ১৯৯৩ চনত কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰায় ৩শ গৰাকী ছাত্ৰ-ছাত্ৰী।
আৰ্থিক সমস্যাই অধ্যয়নত হেঙাৰ হিচাপে থিয় দিয়া তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ কফি হাউচত কটন কেনডিজ ফাউণ্ডেশ্যনে আৰ্থিক সাহায্য প্ৰদান কৰে।
শোণিতপুৰৰ জামুগুৰিহাটৰ জ্ঞানদ্বীপ বৰা, চাংসাৰিৰ মানৱজ্যোতি দাস আৰু গুৱাহাটীৰ জেচমিন চুলতানাক ১০ হাজাৰ টকাকৈ এককালীন সাহায্য সংস্থাটোৱে আজি প্ৰদান কৰে। লগতে আগলৈও সংস্থাটোৱে তেওঁলোকক সহায় কৰাৰ আশা ব্যক্ত কৰে।
কটন কেনডিজ ফাউণ্ডেশ্যনে চ’চিয়েল মিডিয়াৰ লগতে বিভিন্নজনৰ পৰা পোৱা খবৰ অনুসৰি এইকেইগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ আগবাঢ়ি অহা বুলি জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে বোকাখাতৰ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীক সহায়ৰ হাত আগবঢ়াইছিল সংস্থাটোৱে।
উল্লেখ্য যে, ২০১৫ চনত হোৱাটচ এপৰ এটা গ্ৰুপৰ জৰিয়তে সু-সংগঠিত হৈছিল কটন কলেজৰ এই সহপাঠীসকল। তেতিয়াৰ পৰাই বিভিন্ন সময়ত তেওঁলোকে এইদৰে আৰ্থিক সমস্যাত ভোগা ছাত্ৰ-ছাত্ৰীসকললৈ সহায় আগবঢ়াই আহিছে বুলি কটন কেনডিজ ফাউণ্ডেশ্যনৰ সদস্যসকলে প্ৰকাশ কৰে।