• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিভাৱকৰ হেঁচাত বহু ভাল ছাত্ৰ-ছাত্ৰী বিপথে পৰিচালিত হৈছে : সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামী

মিণ্টু দাস by মিণ্টু দাস
August 13, 2018 7:05 am
সত্রাধিকাৰ জনাৰ্দন দেৱ গোস্বামী
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও চহৰৰ কাষৰীয়া মৰিকলঙৰ অগ্ৰণী অনুষ্ঠান প্ৰগতি গ্ৰন্থাগাৰ আৰু সংঘৰ উদ্যোগত সমন্বয় সাংস্কৃতিক কেন্দ্ৰৰ লগতে স্বামী বিবেকানন্দ জুনিয়ৰ কলেজৰ সহযোগত বিগত আঠবৰ্ষৰ দৰে এইবাৰো কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ উদ্দেশ্য দেওবাৰে মৰিকলং ৰাজহুৱা ভৱনত অভিনন্দন জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়।

চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত নগাঁৱৰ মৰিকলং অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰা উদ্দেশ্যে  আয়োজন কৰা অনুষ্ঠানটিত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামী, সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, দৈনিক বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতা, নিউজ ১৮ অসম নৰ্থ ইষ্ট অসমৰ মুখ্য সম্পাদক পৰাগমণি আদিত্য, প্ৰাগ নিউজ চেনেলৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Apply Now

সভাত বিশিষ্ট অতিথি হিচাপে  উপস্থিত থাকি মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামীয়ে কয় যে সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰয়োজনীয়তা আহি পৰিছে। ছাত্ৰ-ছাত্ৰীসকলে আজিৰ প্ৰতিযোগিতাৰ পৃথিৱীত ভাল আৰু বেয়াৰ বোধগম্য উপলব্ধি কৰিবলৈ শিকিব লাগিব। এই ক্ষেত্ৰত শিক্ষাগুৰুৰ দায়িত্ব অপৰিসীম। কাৰণ, তিনি গুৰুৰ ভিতৰত শিক্ষাগুৰুৱেই শ্ৰেষ্ঠ। আনহাতে, অভিভাৱকৰ হেঁচাত বহু ভাল ছাত্ৰ-ছাত্ৰী বিপথে পৰিচালিত হৈছে। সপোন দেখাৰ প্ৰয়োজনীয়তা আছে যদিও বাস্তৱকহে গুৰুত্ব আৰোপ কৰিব লাগে।

সত্ৰাধিকাৰগৰাকীয়ে পৰিয়ালবোৰৰ মাজত আন্তৰিকতা হ্ৰাস পাই আহিছে বুলি উল্লেখ কৰি তেওঁ কয় যে  ছাত্ৰ-ছাত্ৰী, পৰিয়াল আৰু শিক্ষকে ইয়াৰ দায়িত্ব ল’ব লাগিব। পৰিয়ালসমূহত সংস্কাৰ থকাটো নিতান্তই প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ কয় কেৱল পুথিগত শিক্ষাৰে শিক্ষিত হ’ব নালাগে, ইয়াৰ বাবে গুণগত আৰু নীতিগত শিক্ষাও প্ৰয়োজন।

অনুষ্ঠানত উপস্থিত থাকি নিউজ ১৮ অসম নৰ্থ ইষ্ট অসমৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যই কয় যে নগাঁৱৰ বাসিন্দা গৌৰৱউজ্জ্বল ভূখণ্ডৰ বাসিন্দা। এই নগাঁৱৰে মৰিকলং নৈসৰ্গিক পৰিবেশৰে পৰিপূৰ্ণ এখন ঠাই। ৪৫০ খ্ৰীষ্টব্দতে এই নগাঁৱৰ এজন ৰজাই বাণিজ্য সম্পৰ্ক গঢ়াৰ উদ্দেশ্যে চীনলৈ কটকী পঠাইছিল। এনে প্ৰস্তাৱত সেইসময়ৰ চীনৰ ৰজা উৎফুল্লিত হৈ পৰিছিল। আনকি ব্যৱসায়-বাণিজ্য কৰিবলৈ অহা চীনা লোক সকলে আমাৰ লিপি ব্যৱহাৰ কৰিছিল।

টোল প্ৰতিষ্ঠাৰে শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা নগাঁৱতেই আছিল বুলি উল্লেখ কৰি সাংবাদিকগৰাকীয়ে লগতে কয় পৰবৰ্তী সময়ত নগাঁৱত এই ধাৰা অব্যাহত থাকিব। নগাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে সাহিত্য-সংস্কৃতি, সমাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি ক্ষেত্ৰত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত বিশেষ বৰঙণি আগবঢ়াই আহিছে।

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাই ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে নতুন প্ৰজন্ম আমাৰ ৰাজ্যৰ, দেশৰ ভৱিষ্যত। সেয়ে নতুন প্ৰজন্মক আমি উপযুক্তভাবে গঢ় দিয়াৰ প্ৰয়াস কৰিব লাগিব। তেওঁলোকক উপযুক্তভাবে গঢ় দিব নোৱাৰিলে অসমৰ পৰিৱেশ উন্নত কৰিব পৰা নাযাব। নৱ প্ৰজন্মক উপযুক্তভাবে গঢ় দিয়াৰ চেষ্টাত ব্ৰতী হ’বলৈ কলিতাই শিক্ষক সমাজ আৰু অভিভাৱকসমাজক আহ্বান জনায়।

ভাষণ প্ৰসংগত কলিতাই কয় যে  অকল পুথিগত বিদ্যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল সফল হ’ব নোৱাৰে। নীতিগত আৰু গুণগত শিক্ষাৰ জৰিয়তেহে তেওঁলোক সফল হ’ব পাৰিব। তেওঁ আৰু কয় অধ্যয়ন কৰিলে জ্ঞানৰ পৰিসৰ বৃদ্ধি হয়। জ্ঞানৰ পৰিসৰ বৃদ্ধি হলেই ভাষা, জাতি, সংস্কৃতি, দেশ শক্তিশালী হ’ব। সাম্প্ৰতিক সময়ত ছাত্র-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি গুৰুত্ব কমি অহা বুলি উল্লেখ কৰি কয় – বৰ্তমান পঢ়ুৱৈৰ সংখ্যা কমিছে। এনে হ’লে সৃষ্টিশীল লোকৰ সৃষ্টিৰাজি হ্ৰাস হৈ পৰিব। সেয়ে জাতিটোক সবল কৰি ৰাখিবলৈ হ’লে কিতাপ পঢ়াৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব।

এই সভাত ভাষণ দি বিধায়ক ৰূপক শৰ্মাই নগাঁৱত শিক্ষাৰ সুস্থ পৰিৱেশ গঢ়ি উঠিছে বুলি উল্লেখ কৰি কয় যে  ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ৰাজ্যখনক নেতৃত্ব দিব পৰাকৈ উপযুক্ত শিক্ষাৰে শিক্ষিত হোৱা উচিত। অনুষ্ঠানৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীসকলে সমবেত সংগীত পৰিৱেশন কৰে আৰু বিগত সময়ত অঞ্চলটোত মৃত্যুবৰণ কৰা ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধ শতাধিক কৃতী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd