• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ : সংসদৰ পৰৱৰ্তী অধিৱেশনত বিধেয়ক উত্থাপনৰ দাবী কোচ-ৰাজবংশী সন্মিলনীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2018 9:04 am
কোচ ৰাজবংশী সন্মিলনী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংসদৰ পৰৱৰ্তী শীতকালীন অধিৱশনত কোচ ৰাজবংশী সকলক জনজাতিকৰণ স্বীকৃতিৰ ক্ষেত্ৰ বিধেয়ক উত্থাপন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে। এই সন্দৰ্ভত অহা ৩ ছেপ্টেম্বৰত সন্মিলনীয়ে ৰাজভৱনৰ সন্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ লগতে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচীও গ্ৰহণ কৰিব বুলি জানিব দিছে।

দেওবাৰে গুৱাহাটীত অনুষ্ঠিত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহকত পৰৱৰ্তী শীতকালীন অধিৱেশনত কোচ ৰাজবংশীৰ জনজাতিকৰণৰ বিধেয়ক উত্থাপনৰ দাবী প্ৰসংগত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

অলপতে সমাপ্ত হোৱা সংসদৰ বৰ্ষাকালীন অধিৱেশনত কোচ ৰাজবংশীৰ জনজাতিকৰণ সম্পৰ্কত কোনো বিধেয়ক উত্থাপন নকৰাৰ ক্ষুব্ধ সন্মিলনীয়ে অহা শীতকালীন অধিৱেশনত বিধেয়ক উত্থাপনৰ চৰম সীমা বান্ধি দিছে। সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে বিজেপিক তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ দাবী জনাইছে।

সভাত গ্ৰহণ কৰা আন এক সিদ্ধান্ত অনুসৰি জনজাতিকৰণৰ ক্ষেত্ৰত দেখা দিয়া অস্পষ্টতা সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ স্থিতি ৰাজহুৱা কৰাৰ দাবী জনায়।

আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত কোচ ৰাজবংশী লোকক হাৰাশাস্তি কৰাৰ অভিযোগ কৰি সভাই আন এটা সিদ্ধান্ত গ্ৰহণ কৰে। সভাই নাম অন্তৰ্ভুক্ত নোহোৱা কোচ ৰাজবংশীসকলৰ এন আৰ চিত নাম অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।

সন্মিলনীয়ে লগতে ডিটেনশ্যন কেম্পত থকা কোচ ৰাজবংশী লোকসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰো দাবী জনায়। সন্মিলনীৰ সভাপতি সুনীল কুমাৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখনত কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত অহা ২ অক্টোবৰত কেইবাগৰাকীও মহিলাই মুণ্ডন কাৰ্যসূচী পালন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পিছতো যদি চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ’লে অহা নৱেম্বৰৰ পৰা সংগঠনটোৱে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিয়ে। আনহাতে খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনখনত এগৰাকী কোচ ৰাজবংশীৰ প্ৰতিনিধিক প্ৰেৰণ কৰিবলৈ বিজেপি দল তথা চৰকাৰক আহ্বান জনাই এটা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd