পৰিৱৰ্তনৰ শ্ল’গানেৰে ৰাজ্যৰ শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰৰ দিনত উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত এতিয়া একাংশ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে গছৰ তল অথবা মুকলি আকাশৰ তলত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে।
উল্লেখযোগ্য যে, নামনি মাজুলীৰ মলয়া চাপৰিত আজি এবছৰ ধৰি ২নং কুমলিয়া চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে এখন টিনপাটৰ চালিৰ তলতে পাঠ গ্ৰহণ কৰি আহিব লগা হৈছে।
যি সময়ত ৰাজ্য চৰকাৰে প্ৰাথমিক শিক্ষাক অধিক ফলপ্ৰসূ কৰাৰ নামত বিদ্যালয় সমূহত মধ্যাহ্ন ভোজন, গুণগত শিক্ষা ব্যৱস্থাকে ধৰি বিভিন্ন অভিলাসী আঁচনি গ্ৰহণ কৰাৰ কথা কৈ আহিছে সেই সময়তে ৰাজ্যৰ একাংশ বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীয়ে মুকলি আকাশৰ তলত অস্বাস্থ্যকৰ পৰিবেশত শিক্ষা গ্ৰহণ কৰিব লগা কথাটোৱে সচেতন মহলৰ মনত প্ৰশ্নৰ সৃষ্টি কৰিছে।
স্থানীয় ৰাইজৰ চকুৰ আগতেই মৰমৰ বিদ্যালয়খন সোৱণশিৰি নদীৰ খহনীয়াই যোৱা বছৰ খহাই নিয়াৰ পিছত এতিয়া ছাত্ৰ-ছাত্ৰী সকলৰ দুখ দুৰ্দশাই কুলাই পাচিয়ে নধৰা অৱস্থা হৈছে। কিন্তু ইয়াৰ পিছতো শিক্ষা বিভাগে লখিমপুৰৰ বিহপুৰীয়া শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়খনৰ আজিকোপতি কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।