• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকা-পানীৰে ভৰা খানাপাৰাৰ খেলপথাৰতে হ’ব স্বাধীনতা দিৱসৰ পেৰেড

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 13, 2018 10:52 pm
KhanaparaField

১৩ আগষ্টৰ পিছবেলালৈকে খানাপাৰা খেলপথাৰৰ অৱস্থা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৭২সংখ্যক স্বাধীনত দিৱস উদযাপনৰ বাবে সাজু হৈছে অসম চৰকাৰ। কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। দিৱস উপলক্ষে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তোলন কৰিব ত্ৰিৰংগ পতাকা।

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছতে আৰক্ষী, এন চি চি, স্কাউট এণ্ড গাইড আদিয়ে কদম খোজেৰে (march-past) আভিবাদন জনাব মুখ্যমন্ত্ৰী, ভি আই পি, ভি ভি আই পিৰ লগতে উপস্থিত ৰাইজক। ইয়াৰ উপৰি সেইদিনা খানাপাৰাৰ খেলপথাৰত পৰিৱেশিত হ’ব বিভিন্ন লোক নৃত্য আৰু সাংস্কৃতিক কাৰ্যসূচী।

Apply Now

কিন্তু এইখিনিতে এটা প্ৰশ্ন উত্থাপন হৈছে, -এই কাৰ্যসূচীসমূহৰ বাবে কিমান সুবিধাজনক হৈ আছে খানাপাৰাৰ এসময়ৰ গুৱাহাটীৰ আটাইতকৈ উৎকৃষ্ট খেলপথাৰখন।

১৫ আগষ্টৰ পতাকা উত্তোলনৰ সময়লৈ মাজত মাত্ৰ কেইটামান ঘণ্টাহে বাকী থকা অৱস্থাত বোকা-পানীৰে এক কদৰ্যময় অৱস্থাত আছে খেলপথাৰখন।

মন কৰিব লগীয়া যে এটাৰ পাছত আনটো চৰকাৰী আৰু ৰাজনৈতিক কাৰ্যসূচী অনুষ্ঠিত কৰি খেলপথাৰখন ধ্বংস কৰা বুলি অসম কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই অভিযোগ কৰি আহিছে। খেলপথাৰখনৰ বৰ্তমানৰ কৰ্দয্য ৰূপটোৱে কথাটোৰ সত্যতা প্ৰতিপন্ন কৰে।

কিন্তু আৰ টি আই আৱেদন কৰি পোৱা তথ্যই কয় যে বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষই খেলপথাৰখন ব্যৱহাৰ কৰিবলৈ দিয়াৰ বিনিময়ত লাভ কৰি আহিছে বৃহৎ অংকৰ ধন। ভাৰাৰ বাবত যোৱা তিনিটা বছৰত লাভ কৰিছে ২০ লাখতকৈ অধিক ধন। কিন্তু সেই টকা খেলপথাৰখন মেৰামতি আৰু খেলা-ধূলাৰ অনুকূল কৰাত ব্যৱহাৰ নকৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ইয়াৰ দায় আনলৈ ঠেলাটোতো ৰহস্যৰ গোন্ধ আছে। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি কৰিছে ইমান মোটা অংকৰ ধন?

আনহাতে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত খেলপথাৰখনৰ এই শোচনীয় অৱস্থা সম্পৰ্কত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালে কয়, “যোৱা নিশা হোৱা ডাঙৰ বৰষুণৰ বাবে খেলপথাৰখনত এইদৰে বোকা হৈছে। এইটো এটা প্ৰাকৃতিক পৰিঘটনা, ইয়াত কাৰো হাত নাই। আমি গড়কাপ্তানী বিভাগৰ লগত কথা পাতিছো। কাৰ্যসূচীসমূহ যাতে সুচাৰুৰূপে অনুষ্ঠিত কৰিব পাৰি, তাৰ বাবে খেলপথাৰখন সাজু কৰি তুলিবলৈ গড়কাপ্তানী বিভাগে কাম কৰি আছে।”

এই খিনিতে মন কৰিব লগীয়া যে নিজৰ তত্ত্বাৱধানত থকা খেলপথাৰখন ভাৰালৈ দিয়াৰ লগতে ভাৰাত লোৱা পক্ষটোক মেৰামতি আৰু তদাৰকীৰ বাবে এৰি দিয়াটো নিঃসন্দেহে চিন্তনীয়। ভাৰাৰ বাবত পোৱা ধনেৰে খেলপথাৰখনৰ মেৰামতি আৰু ক্ৰীড়াৰ অনুকূল কৰি ৰখাটো আচলতে বিশ্ববিদ্যালয়ৰে দায়িত্ব।

উল্লেখযোগ্য যে যোৱা দুদিনমানৰ বৰষুণৰ বাবেই নহয়, দীৰ্ঘদিন ধৰি এইদৰে কদৰ্যময় অৱস্থাতে আছে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰখন। খেলপথাৰখনৰ দুৰৱস্থা সন্দৰ্ভত আৰ টি আই আৱেদনৰ উত্তৰ দি মহাবিদ্যালয়খনৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জিত নেওগে বিভিন্ন ৰাজনৈতিক সভা-সমিতি পাতি অহা বিজেপিক জগৰীয়া কৰিছিল।

আৰ টি আই যোগে পোৱা তথ্যৰ ভিত্তিত খেলপথাৰখনৰ অৱস্থাৰ বিষয়ে নৰ্থ ইষ্ট নাও-ত ধাৰাবাহিকভাৱে অনুসন্ধানমূলক বাতৰি প্ৰকাশিত হৈছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd