• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট নহয় অগপ-কংগ্ৰেছৰ : এ আই য়ু ডি এফ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 14, 2018 7:28 pm
AIUDF

হাতীগাঁৱত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত এ আই য়ু ডি এফৰ সংবাদমেল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছত পূৰ্বতে কৰা মন্তব্য অনুসৰি ৰাজ্যিক বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ স্থিতি স্পষ্ট নকৰাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। কিন্তু তেনেস্থলতো বিধেয়কখনৰ ক্ষেত্ৰত বিজেপিৰ সলনি কংগ্ৰেছ আৰু অসম গণ পৰিষদৰ স্থিতি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে এ আই য়ু ডি এফে।

মঙলবাৰে হাতীগাঁৱত থকা দলটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইচলামে অগপ আৰু কংগ্ৰেছৰ স্থিতিক লৈ এই মন্তব্য কৰে।

Apply Now

ইচলামে কয়, “বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ইতিমধ্য নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সদনত উত্থাপন কৰিবই বুলি বিজেপিৰ দলীয় স্থিতি অতি স্পষ্টকৈ প্ৰকাশ কৰিছে। কিন্তু অসম গণ পৰিষদ আৰু কংগ্ৰেছে এতিয়াও তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব পৰা নাই। অমিত শ্বাহে স্থিতি স্পষ্ট কৰি দিয়াৰ পাছত এতিয়া আৰু কি বুলি ক’লে বা কিমানখিনি কৰিলে অগপই মিত্ৰতা ছেদ কৰিব? নে তেওঁলোকে এই চৰকাৰৰ লগত মধুচন্দ্ৰিকা বজাই ৰাখিব আৰু এই মধুচন্দ্ৰিকাৰ জৰিয়তে আমি স্পষ্টকৈ বুজিম নেকি যে তেওঁলোকৰ স্থিতি বিজেপিৰ সৈতে একেই।”

তেওঁ কয় যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে সমগ্ৰ ভাৰতবৰ্ষত এন আৰ চিৰ ব্যৱস্থা কৰিব আৰু নাগৰিকত্ব সংশোধনী বিধেয়কখন উত্থাপন কৰিব বুলি পৰিষ্কাৰভাৱে প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্যসভাত তেওঁলোকৰ সদস্য সংখ্যা বৃদ্ধি পাইছে আৰু তেওঁলোকে বিধেয়কখন উত্থাপন কৰিলে সদনত পাছ কৰিব পাৰিব বুলি আত্মবিশ্বাসী হৈ আছে।

তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ স্থিতিক লৈও প্ৰশ্ন উত্থাপন কৰে।

“পলমকৈ হ’লেও কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ সভাত ১৯৭১ চনক ভিত্তি বছৰ হিচাপে লৈ নাগৰিকত্ব প্ৰদানৰ কথাটো তেওঁলোকে মানি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য তৰুণ গগৈয়ে আকৌ ২০১৪ চনৰ নিৰ্বাচনক সাঙুৰি নাগৰিকত্ব প্ৰদানৰ কথা কৈ আছে। গতিকে কংগ্ৰেছৰ এতিয়া স্থিতি কি? ১৯৭১ নে ২০১৪ নে কি?”, আমিনুল ইচলামে কয়।

তেওঁ কয় যে অসমৰ ৰাইজে অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলৰ প্ৰকৃত স্থিতি কি জানিবলৈ বাট চাই আছে। গতিকে অসম আন্দোলন আৰু অসম চুক্তিৰ বিপৰীতে গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে ধৰ্মৰ ভিত্তিত বিদাশীক ভাগ কৰিব বিচৰা বিজেপিৰ লগত এই স্থিতিৰ ক্ষেত্ৰত পাৰ্থক্য এই দুটা দলৰ নাই নেকি সেই কথা স্পষ্ট কৰিবলৈ আহ্বান জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd