আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি ধুবুৰীৰ জিলা সংগ্ৰাহলয় কৰ্তৃপক্ষই প্ৰথম বাৰৰ বাবে ‘‘তদানিন্তন বৃটিছ ভাৰতত ধুবুৰী : ৫১টা ঐতিহাসিক সমলৰ কাহিনী’’ শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে।
এই অনুষ্ঠানত অধ্যক্ষতা কৰে জিলা সংগ্ৰাহলয়ৰ বিষয়া মৃন্ময় দাসে।
আজি ধুবুৰীৰ জিলা উন্নয়ন আয়ুক্ত বনশ্ৰী নাথে এই প্ৰদৰ্শনী উদ্বোধন কৰে। শ্ৰী দ্বীজেন ভকতে বন্তি প্ৰজ্বলন কৰি উদ্বোধনী অনুষ্ঠানটোক আশীষ প্ৰদান কৰে। এই অনুষ্ঠানত যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী, বিদ্বান ব্যক্তি আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে।
এই প্ৰদৰ্শনীত ডাক টিকট, নিত্য ব্যৱহাৰ্য সামগ্ৰী, যান্ত্ৰিক, মুদ্ৰা আদিকে ধৰি ৫১টা ঐতিহাসিক সমল প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয়। এই সামগ্ৰীসমূহ ঘাইকৈ দান প্ৰক্ৰিয়াৰ মাজেৰে লাভ কৰা হৈছে।
অধ্যক্ষ তথা জিলা সংগ্ৰাহলয়ৰ বিষয়া মৃন্ময় দাসে বৃটিছ শাসনৰ সময়ত ধুবুৰীৰ গুৰুতব সম্পৰ্কে এটা বৰ্ণনা দিবলৈ চেষ্টা কৰে।
অধ্যক্ষ তথা জিলা সংগ্ৰাহলয়ৰ বিষয়া মৃন্ময় দাসে নৰ্থ-ইষ্ট নাওক কৈছে যে প্ৰদৰ্শনীখন ঘাইকৈ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক উপলক্ষ্য কৰি অনুষ্ঠিত কৰা হৈছে।
প্ৰথম বাৰৰ বাবে অনুষ্ঠিত এই প্ৰদৰ্শনীত বৃটিছ শাসনৰ সময়ত ধুবুৰীত বাণিজ্যৰ প্ৰসাৰৰল দিশটোক তুলি ধৰা হয়। সেই সময়ত একমাত্ৰ ধুবুৰীতেই চাৰিও প্ৰকাৰৰ যোগাযোগ ব্যৱস্থা উপলব্ধ আছিল।
তাৰ উপৰিও এই প্ৰদৰ্শনীত ধুবুৰীৰ জাতীয়তাবাদী নেতা আৰু দেশপ্ৰেমিকসকলকো স্মৰণ কৰা হয়। প্ৰদৰ্শনীৰ মাজেৰে মহাত্মা গান্ধী আৰু নেতাজী সুভাষ চন্দ্ৰ বসু ধুবুৰীলৈ অহাৰ সোৱঁৰণীও স্মৰণ কৰা হয়।