অহা ৭ ছেপ্টেম্বৰত ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকসকলৰ সৈতে চৰকাৰে আলোচনাত বহিব।ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা ঘোষণা কৰে। ইপিনে বৰপেটাত বুধবাৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত যে বেতন বঞ্চিত শিক্ষকসকলে যিমানেই আন্দোলন কৰি ভয়-ভাবুকি নিদিয়ক কিয়, চৰকাৰে কেতিয়াও কেৰেপ নকৰে।
ভট্টাচাৰ্যই, তেওঁ শিক্ষা মন্ত্ৰী হৈ থকা কালত শিক্ষক সংগঠনৰ এনে আন্দোলনৰ ওচৰত কেতিয়াও সেও নামানে বুলি স্পষ্ট কৰি দিয়ে। বেতন বঞ্চিত শিক্ষকসকলে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচী সন্দৰ্ভত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে কোনো সংগঠনে ভয়-ভাবুকি দি দাবী মানিবলৈ বাধ্য কৰোৱাটো চৰকাৰে কেতিয়াও সহ্য নকৰে।
আনহাতে, চৰকাৰে বেতন বঞ্চিত শিক্ষকসকলক আলোচনাৰ বাবে মতাৰ পাছতো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী চলাই থকাটো দুৰ্ভাগ্যজনক বুলি মত প্ৰকাশ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।
তাৎপৰ্যপূৰ্ণভাৱে, শিক্ষা মন্ত্ৰী ভট্টাচাৰ্যই ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ সন্দৰ্ভতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ চৰকাৰে ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে প্ৰাদেশিকীকৰণ কৰাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে।
আনহাতে, শিক্ষামন্ত্ৰীৰ মন্তব্যক তীব্ৰ গৰিহণা দিছে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুশল কুমাৰ হালৈ, কাৰ্যকৰী সভাপতি ছাবেদ ভূঞা আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই এক প্ৰেছ বিবৃতিযোগে বৰ্তমানৰ চৰকাৰখনে প্ৰাদেশিকীকৰণ সম্পৰ্কত পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ নীতিকে গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰে।
ঐক্যমঞ্চই পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবামাহ পূৰ্বে ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণৰ কাম সম্পন্ন কৰা হ’ব বুলি ৰাজহুৱা প্ৰতিশ্ৰুতি দিয়াৰ বিপৰীতে বৰপেটাত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত শিক্ষকৰ হেঁচাত চৰকাৰে কাম নকৰে বুলি কৰা মন্তব্য অতিকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে।