• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহীৰূহৰ মহাপ্ৰয়াণত অসমে হেৰুৱালে এগৰাকী প্ৰকৃত সুহৃদক

সর্বানন্দ সোণোৱাল by সর্বানন্দ সোণোৱাল
August 17, 2018 10:21 am
file-pix-ATAL-BIHARI-VAJPAYEE-570x320

নতুন দিল্লীত অটল বিহাৰী বাজপেয়ীৰ সৈতে সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল। (ফাইল ফটো) সৌজন্য : ইউ বি ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসকল ৰাষ্ট্ৰ নেতাৰ বলিষ্ঠ নেতৃত্বৰে ভাৰত আজি এখন শক্তিশালী দেশ হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত লাভ কৰিছে, সেইসকলৰ ভিতৰত অন্যতম হ’ল ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। এগৰাকী সফল মহানায়কে যেনেদৰে সন্মুখৰ পৰা নেতৃত্ব দি বিজয় সাব্যস্ত কৰে ঠিক তেনেদৰে এইগৰাকী মহান নেতাইও ভাৰতবৰ্ষক বিভিন্ন দিশত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি দেশখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আগবঢ়াইছিল অনবদ্য অৱদান।

এইগৰাকী মহান নেতাৰ প্ৰধানমন্ত্ৰিত্বৰ কাৰ্যকালতে আমেৰিকাকে ধৰি পৃথিৱীৰ বিভিন্ন শক্তিশালী ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ বৈদেশিক সম্পৰ্ক শক্তিশালী হৈছিল। দেশৰ বিকাশৰ ক্ষেত্ৰত আন্তঃগাঁথনিয়ে লোৱা ভূমিকাৰ বিষয়ে এইগৰাকী ভৱিষ্যদ্ৰষ্টাই মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু সেয়েহে ‘প্ৰধানমন্ত্ৰী গ্ৰামচড়ক যোজনা’ তথা নেশ্যনেল হাইৱেজ ডেভেলপমেণ্ট প্ৰজেক্টৰ লেখীয়া বৃহৎ প্ৰকল্পৰ সূচনা কৰিছিল এইগৰাকী শক্তিশালী নেতাই।

Apply Now

নিজৰ জীৱনকালত দেশৰ স্বাভিমানক অনন্য মাত্ৰা প্ৰদান কৰাটোকেই জীৱনৰ একমাত্ৰ লক্ষ্য হিচাপে লোৱা এইগৰাকী নেতাই ‘ইষ্ট ৱেষ্ট কৰিড’ৰ’ নিৰ্মাণৰ দৰে বৃহৎ প্ৰকল্পৰো প্ৰাৰম্ভণ কৰিছিল। ভূতপূৰ্ব প্ৰধানমন্ত্ৰীগৰাকীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি আছিল এক বিশেষ অনুৰাগ। তেখেতৰ কাৰ্যকালতে সেয়েহে ড’নাৰ মন্ত্ৰ্যালয় সৃষ্টি কৰি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ দিশটোক ত্বৰান্বিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল।

২০০২ বৰ্ষত বগীবিল দলঙৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি নুমলীগড় শোধনাগাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা তথা ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা তৃতীয়খন দলং নৰনাৰায়ণ সেতুও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিছিল এইগৰাকী দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰীয়ে। অসম আন্দোলনৰ সময়ত আন্দোলনটোৰ নীতি আৰু আদৰ্শক এইগৰাকী মহান নেতাই বলিষ্ঠভাৱে সমৰ্থন আগবঢ়োৱাৰ উপৰি আন্দোলনৰ সময়ছোৱাত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ গৈ ৰাইজৰ আৱেগ-অনুভূতিৰ সৈতে একাত্ম হৈছে। অসম আন্দোলনৰ বিষয়টো সংসদত উত্থাপন কৰি সমগ্ৰ  ভাৰতবাসীৰে দৃষ্টি আকৰ্ষণ কৰিছিল এইগৰাকী অসমপ্ৰেমী নেতাই।

পোখৰাণ পাৰমাণৱিক পৰীক্ষা, কাৰ্গিল যুদ্ধত ভাৰতৰ বিজয় সাব্যস্তকৰণেৰে ভাৰতৰ শক্তিশালী স্থিতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ দিশতো এইগৰাকী মহান নেতাৰ অৱদান আছিল অতুলনীয়। এইগৰাকী মহান নেতাৰ সৈতে আমাৰ আছিল এক  নিবিড় তথা দীৰ্ঘদিনীয়া সম্পৰ্ক। ছাত্ৰ অৱস্থাৰ পৰাই এইগৰাকী মহান মনীষীৰ সান্নিধ্য লাভেৰে আমাৰ জীৱন ধন্য হৈছিল। ছাত্ৰ নেতা হৈ থকা কালত তেখেতে আমালৈ আগবঢ়াইছিল বহু অমূল্য উপদেশ। ঠিক তেনেদৰে আমাৰ ৰাজনৈতিক জীৱন পৰিক্ৰমাতো এইগৰাকী মহান নেতাই এগৰাকী নিষ্ঠাৱান অভিভাৱকৰ দৰে আমাক সকলো সময়তে বহুমূলীয়া উপদেশ প্ৰদান কৰি আমাক অনুপ্ৰেৰণা যোগাইছিল।

এগৰাকী সুবক্তা আৰু বিশিষ্ট সাহিত্যিক হিচাপে দেশৰ লগতে সমগ্ৰ বিশ্বতে পৰিচিত লাভ কৰা মহান ৰাষ্ট্ৰ নেতাগৰাকীয়ে নিজৰ বাগ্মিতাৰে সকলোকে মোহাচ্ছন্ন কৰি ৰাখিবলৈ সক্ষম হৈছিল। এইগৰাকী মহান নেতাই দল-মত নিৰ্বিশেষে সকলোৰে পৰা আন্তৰিক শ্ৰদ্ধা বটলিবলৈ সক্ষম হৈছিল। সেয়েহে তেওঁৰ বিয়োগৰ বাতৰিয়ে সমগ্ৰ দেশবাসীকে ম্ৰিয়মাণ কৰি তোলাৰ উপৰি সমগ্ৰ বিশ্বই এগৰাকী মহান নেতাক হেৰুৱাইছে বুলি উপলব্ধি কৰিছে।

১৯৯৪ চনত শ্ৰেষ্ঠ সাংসদৰ সন্মান লাভ কৰা তথা ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্নৰে বিভূষিত এইগৰাকী ৰাষ্ট্ৰ নেতাৰ দেহাৱসানত ৰাষ্ট্ৰই এগৰাকী স্বপ্নদ্ৰষ্টা, যুগদ্ৰষ্টা, নিৰ্ভীক, নিষ্ঠাৱান আৰু সৰ্বোপৰি এগৰাকী মানৱ দৰদী জননেতাক হেৰুৱালে। তেখেতে সততা আৰু নিষ্ঠাৰে প্ৰতিষ্ঠা কৰা আদৰ্শ যুগে যুগে সৰ্বসাধাৰণ জনসাধাৰণৰ হিয়াৰ মাজত অনুৰণিত হৈ থাকিব। অসমবাসীয়েও এইগৰাকী মহান নেতাৰ আদৰ্শৰে সদায়ে অনুপ্ৰাণিত হৈ থাকিব। এইগৰাকী মহীৰূহৰ মহাপ্ৰয়াণত মই সমগ্ৰ অসমবাসীৰ হৈ যাচিছো মোৰ সশ্ৰদ্ধ প্ৰণিপাত।

সৰ্বানন্দ সোণোৱাল

মুখ্যমন্ত্ৰী, অসম

সর্বানন্দ সোণোৱাল

সর্বানন্দ সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথমটো সাপ্তাহিক ইনচুলিন: এতিয়াৰে পৰা বছৰত ৩৬৫ টাৰ সলনি ল’ব লাগিব মাত্ৰ ৫২ টা বেজী

July 9, 2026 3:53 pm
পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm
গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

গ্ৰেপ্তাৰৰ মেমোত ‘টাইপো’ থাকিলেই জামিন ন্যায্য নেকি? সোণমৰ গোচৰত ডাঙৰ সিদ্ধান্তৰ পথত উচ্চতম ন্যায়ালয়

July 9, 2026 4:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd