• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীক কেনেকৈ আনিব বিচাৰ প্ৰক্ৰিয়ালৈ! সমস্যাৰে ভাৰাক্ৰান্ত খোদ আৰক্ষী দায়বদ্ধতা আয়োগ

ভৱেশ মেধি by ভৱেশ মেধি
August 17, 2018 6:53 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীৰ বিৰুদ্ধে দুনীৰ্তি, আইন ভংগ কৰা আদি বিভিন্ন অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ থকাৰ সময়তে গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত দুখন আৰক্ষী থানাৰ ৮ গৰাকীকৈ আৰক্ষী বিষয়া, কনিষ্টবলে কৰ্তব্যত গাফিলতি আৰু দুৰ্নীতিৰ আশ্ৰয় লৈ চাকৰিৰ পৰা নিলম্বিত হোৱা ঘটনাই আৰক্ষীৰ দায়বদ্ধতাৰ প্ৰতি পুনৰ প্ৰশ্ন উত্থাপন কৰিছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে পল্টনবজাৰ আৰক্ষী থানাৰ এজন আৰক্ষীয়ে ভেটি লোৱাৰ অপৰাধত চাকৰিৰ পৰা নিলম্বিত হোৱাৰ দুদিন পিছতে পানীখাইতী আৰক্ষী থানাৰ পৰা এগৰাকী কয়দীয়ে পলায়ন কৰি হেণ্ডকাপেৰে চিপ লৈ আত্মহত্যা কৰাৰ ঘটনাৰ পিছত থানাখনৰ সাতগৰাকী আৰক্ষীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল।

Apply Now

এনে পৰিপ্ৰেক্ষিতত ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ ভুমিকা লক্ষনীয় হৈ পৰিছে। মানুহৰ নিৰাপত্তাৰ দায়িত্ব থকা আৰক্ষী বিভাগটো স্বচ্ছ আৰু নিকা কৰাৰ বাবে ৰাজ্য চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান কৰা নাই। ৰাজ্য চৰকাৰৰ চৰম গুৰুত্বহীনতাৰ বাবে আয়োগৰ অৱস্থাৰ কোনো উন্নতি হোৱা নাই।

যিসময়ত আয়োগৰ কাম-কাজ চোৱা আৰু পৰিচালনা কৰাৰ বাবে এজন অধ্যক্ষসহ চাৰিজন সদস্য থাকিব লাগে তেনেস্থলত কিন্তু দীৰ্ঘদিন ধৰি আয়োগৰ দুজন সদস্যৰ পদ খালী হৈ পৰি থকাৰ লগতে আয়োগত কৰ্মৰত সচিবৰ পৰা আৰম্ভ কৰি তদন্তকাৰী বিষয়াসহ আন বিষয়া-কৰ্মচাৰীৰ পদসমূহো অস্থায়ী। আনহাতে আয়োগত আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ সংখ্যা ক্ৰমাৎ বাঢ়ি আহিছে যদিও তদন্তকাৰী বিষয়া আৰু  আন কৰ্মচাৰীৰ সংখ্যা বঢ়া নাই। যাৰ বাবে আয়োগৰ বোজা বাঢ়ি যোৱাৰ লগে লগে আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহ সময়মতে তদন্ত কৰি নিস্পত্তি কৰাত বিলম্ব হয়।

আয়োগৰ পৰা পোৱা তথ্য মতে, আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা, আৰক্ষীয়ে মহিলাৰ শ্লীলতা হানি কৰা, ধৰ্ষণ কৰা, কোনো লোকক অবৈধভাৱে গ্ৰেপ্তাৰ কৰি ৰখা, ভীতিগ্ৰস্ত কৰি ধন আদায় কৰা, এজাহাৰ পঞ্জীয়ন নকৰা আদি আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ সংখ্যা ২০১৪ চনত ৭৮ টা, ২০১৫ চনত ৮৪ টা, ২০১৬ চনত ১৮২ টা, ২০১৭ চনত ১৮৩টা আৰু ২০১৮ চনৰ মাৰ্চলৈ ৪৯ টা গোচৰ আয়োগত ৰুজু হৈছে। এই গোচৰবোৰৰ ভিতৰত আৰক্ষীয়ে গোচৰৰ তদন্ত সম্পূৰ্ণ নকৰা, হাৰাশাস্তি কৰা, গোচৰ পঞ্জীয়ন নকৰা, ভীতিগ্ৰস্ত কৰি ধন আদায় কৰা, আইনমতে গ্ৰেপ্তাৰ নকৰা, ভূমি বেদখল সম্পৰ্কীয় গোচৰবোৰে সৰ্বাধিক।

মন কৰিবলগীয়া যে, সততে মেল-মিটিঙে দুনীৰ্তিমুক্ত অসম গঢ়াৰ বচন আওৰাই থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দুবছৰীয়া কাৰ্যকালৰ সময়তে আৰক্ষীৰ বিৰুদ্ধে আয়োগত সৰ্বাধিক গোচৰ ৰুজু হৈছে।

আনহাতে, আয়োগৰ সচিব হৰেন্দ্ৰ কুমাৰ দেৱ মহন্তই কয় যে আয়োগক শক্তিশালী কৰা আৰু আয়োগৰ পদবোৰ স্থায়ী কৰাৰ আৱেদন জনাই প্ৰস্তুত কৰা ২০১৫-১৬ চনৰ আয়োগৰ বছৰেকীয়া প্ৰতিবেদন ২০১৬ চনৰ আৰম্ভনিতে তদানীন্তন মুখ্য মন্ত্ৰী তৰুন গগৈক অৰ্পণ কৰা হৈছিল যদিও এই প্ৰতিবেদন বিধানসভাত উত্থাপনে নহ’ল। ইয়াৰ উপৰি ২০১৬-১৭ চনৰ আয়োগৰ বছৰেকীয়া প্ৰতিবেদন ২০১৭ চনত দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্লোগান আওৰুৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰা হৈছিল। কিন্তু আক্ষেপৰ কথা যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ইয়াক বিধানসভাত উত্থাপনে নকৰিলে।

আয়োগৰ সচিব মহন্তই লগতে কয়, ‘এইবাৰও আয়োগৰ বছৰেকীয়া প্ৰতিবদেন প্ৰস্তুত কৰা হৈছে। এমাহৰ ভিতৰত ছপা হৈ অহাৰ পিছত পুনৰ এই প্ৰতিবেদন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰা হ’ব।’

লক্ষ্যণীয় যে আৰম্ভণীৰ পৰা ভাৰাঘৰত কাম চলাই অহা আয়োগৰ স্থায়ী কাৰ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে এতিয়ালৈ ভূমিৰ আবন্টন দিয়া নাই। তদুপৰি যি সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আছে সেই সময়তে আয়োগৰ এতিয়ালৈ নাই নিজা ৱেবছাইট। এই সৰ্ন্দভত আয়োগৰ সচিব মহন্তক সোধাত তেওঁ কয়, ‘এই সম্পৰ্কত চৰকাৰক সোধক। কি কাম কৰিছে চৰকাৰে ডিজিটেল ইণ্ডিয়া গঢ়াৰ নামত চৰকাৰক সোধক।’  ইয়াৰ দ্বাৰাই স্মাৰ্ট পুলিচিঙৰ কথা কোৱা চৰকাৰখন আৰক্ষী দায়বদ্ধতা আয়োগক শক্তিশালী কৰাৰ ক্ষেত্ৰত যে মুঠেও দায়বদ্ধ নহয় সেই কথা স্পষ্ট ৰূপত ওলাই পৰিছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd