• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মজুৰি বৃদ্ধিৰ দাবীত ২০ আগষ্টত চাহ বাগিচা বন্ধৰ আহ্বান চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 17, 2018 9:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে শাসনলৈ অহাত মাত্ৰ ৩৫ টকাহে বৃদ্ধি কৰিলে। ফলত অহা ২০ আগষ্টৰ দিনা বাগিচাসমূহত শ্ৰমিকসকলৰ কামকাজ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে।

উল্লেখযোগ্য যে আজি গুৱাহাটী প্ৰেছ ক্লাবত বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ সৈতে চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে এক আলোচনা সভা অনুষ্ঠিত কৰে। আৰু আজিৰ এই সভাতে পূৰ্বতে সমিতিয়ে লোৱা সিদ্ধান্তৰ প্ৰতি চিপিআই(এম), চিপিআই(এম এল), এল ডি পি আম আদমী পাৰ্টীয়ে সমৰ্থন আগবঢ়ায়।

Apply Now

লগতে পৰৱৰ্তী পৰ্য্যায়ত লোকসভা, ৰাজ্যসভাৰ বিৰোধী দলৰ সাংসদ সকলক অসমৰ বিৰোধী ৰাজনৈতিক দলৰ নেতৃবৃন্দই সাক্ষাৎ কৰি উক্ত দাবীটোৰ সন্দৰ্ভত সংসদত উত্থাপন কৰাৰ বাবে অনুৰোধ জনোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰে।

সমিতিৰ মুখ্য আহ্বায়ক বিবেক দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত ভাষণ প্ৰদাণ কৰি চিপিআই (এম এল)ৰ নেতা দেবেন ভট্টাচাৰ্যই ভাষণ প্ৰদান কৰি কয় ‘অগপ চৰকাৰৰ দিনটো চাহ মজদুৰ সংঘই শ্ৰমিকৰ মজুৰি ৩৩ টকাৰ পৰা ৪৯ টকালৈ বৃদ্ধি কৰাৰ বাবে আন্দোলন কৰিছিল।’

তেওঁ লগতে কয় ‘এইবাৰ এক সুযোগ আহিছে, এই সুযোগটো যদি সঠিক ৰূপত কাৰ্য্যকৰী কৰিব নোৱাৰো তেন্তে আগন্তুক দিনটো চাহ শ্ৰমিকসকলে চৰকাৰৰ পৰা ঠগ-প্ৰবঞ্চনাৰ স্বীকাৰ হৈ থাকিব।’

আনহাতে উক্ত সভাত উপস্থিত থকা চিপিআই (এম)ৰ নেতা তথা প্ৰাক্তন বিধায়ক মুনীন মহন্তই ভাষণ প্ৰদান কৰি চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিৰ চাহ বাগিচাসমূহৰ কাম-কাজ বন্ধ ৰখা সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

তেওঁ লগতে কয় ‘অসমৰ জনসংখ্যাৰ এটা বৃহৎ অংশ এই চাহ শ্ৰমিকসকল। তেওঁলোকৰ অৱদান অতুলনীয়।’

ইয়াৰোপৰি, সভাত উপস্থিত থকা এলডিপিৰ নেতা গুণ গগৈয়ে কয় যে তেওঁ বাৰ বছৰ চাহ বাগিচাৰ পৰিচালক হিচাপে কৰ্মৰত আছিল সেয়েহে তেওঁ মালিক পক্ষ আৰু শ্ৰমিক শ্ৰেণীৰ মাজত কি ধৰণৰ বুজা-পৰা চলে সেই সম্পৰ্কত জ্ঞাত।

তাৰোপৰি গগৈয়ে শ্ৰমিক সকলৰ সমস্যাৰ মূল গুৰিটো বাগিচা সমূহতে সোমাই আছে বুলি উল্লেখ কৰি কয় যে বাগিচা সমূহত শিক্ষাৰ সম্প্ৰসাৰণ নহ’লে শ্ৰমিক সকলে তেওঁলোকৰ ন্যায্য প্ৰাপ্য কি সেই কথা বুজি নাপাব।

আনহাতে, আম আদমী পাৰ্টীৰ নেতা ড০ ভূপেন চৌধুৰীয়েও উক্ত সভাতে ভাষণ প্ৰদান কৰি সমিতিৰ সিদ্ধান্তক আদৰণি জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd