• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাইলৈৰ পৰা এছিয়ান গেইমছ; ভাগ ল’ব ৬গৰাকী অসম সন্তানে : ২০০, ৪০০ মিটাৰত হিমাৰ সময় মানৰ আগত আছে মাত্ৰ দুগৰাকী খেলুৱৈ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
August 17, 2018 10:35 pm
assian games
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালেমবাঙত ১৫ দিন ধৰি চলিব লগীয়া এছিয়াৰ দেশবিলাকৰ মাজৰ শ্ৰেষ্ঠ আৰু বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতা অষ্টাদশ (১৮ সংখ্যক) এছিয়ান গেইমছত ভাৰতৰ হৈ পদকৰ বাবে অসমৰ ৬জনকৈ খেলুৱৈয়ে যুঁজ দিব। ৪০বিধ ক্ৰীড়াৰ মুঠ ৪৬২টা বিভিন্ন শিতানত হ’ব লগীয়া গৌৰৱময় প্ৰতিযোগিতাখনত অসমৰ পৰা এইবাৰেই সৰ্বাধিক সংখ্যক প্ৰতিযোগীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

প্ৰতিযোগিতাখনত খেলিবৰ বাবে অসমৰ যোৱা প্ৰতিযোগীসকল হ’ছে ক্ৰমে-

  • ১। হিমা দাস (মহিলাৰ ২০০ আৰু ৪০০ মিটাৰ দৌৰ)
  • ২। শিৱ থাপা (বক্সিঙৰ ৬০ কেজি শাখা)
  • ৩। অস্মিতা চলিহা (বেডমিণ্টন)
  • ৪। ৰদালি বৰুৱা (টাইকোৱাণ্ডোৰ ৭৩ কেজি শাখা)
  • ৫। প্ৰমীলা দৈমাৰী (ধনুবিদ্যা)
  • ৬। কবিতা দেৱী (অসিযুদ্ধ বা তৰোৱাল খেল)

এছিয়ান গেইমছত ভাৰতক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ ওপৰত এইবাৰ দৃষ্টি থাকিব সমগ্ৰ দেশৰে। বিশেষকৈ হিমাৰ ওপৰত এতিয়া দেশবাসীৰ মনোযোগ কেন্দ্ৰীভূত হোৱাৰ সম্ভাৱনা আছে। কাৰণ তেওঁ অলপতে ফিনলেণ্ডত অনুষ্ঠিত বিশ্ব জুনিয়’ৰ এথলেটিকছ চেম্পিয়নশ্বিপত মহিলাৰ ৪০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰি দেশবাসীক গৌৰৱিত কৰিছিল।

Apply Now

কাইলৈৰ পৰা হ’ব লগীয়া এছিয়ান গেইমছতো হিমা আছে দেশৰ হৈ পদক প্ৰত্যাশীসকলৰ ভিতৰত শীৰ্ষত। হিমাই ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত ভাগ ল’ব।

২০০ মিটাৰৰ ক্ষেত্ৰত হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময়মান হ’ল ২৩.১০ ছেকেণ্ড আৰু ৪০০ মিটাৰত ৫১.১৩ ছেকেণ্ড। এই সময় মানতকৈ মাত্ৰ বাহৰেইন আৰু চীনৰ খেলুৱৈৰহে সময়মান সামান্য উন্নত।

২০০ মিটাৰত হিমাতকৈ সময় মানৰ দিশেদি আগত আছে চীনৰ ৱেই ৱংলি(Wei Yongli) আৰু বাহৰেইনৰ ছালৱা ইদ নাছীৰ, যি দুগৰাকীৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হ’ল ক্ৰমে ২২.৯৭ ছেকেণ্ড আৰু ২৩.০৩ ছেকেণ্ড।

আনহাতে ৪০০ মিটাৰত হিমাতকৈ সামান্য আগত আছে বাহৰেইনৰ ছালৱা ইদ নাছীৰ (Salwa Eid Naser Naser), যাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হ’ল ৪৯.০৮ ছেকেণ্ড। অৱশ্যে সময় মানত সমকক্ষ নহ’লেও হিমাক প্ৰত্যাহ্বান জনাব পাৰে শ্ৰীলংকাৰ খেলুৱৈয়েও।

হিমাৰ পিছতে পদক জয়ৰ আশা আছে মহিলা আৰ্চাৰ প্ৰমীলা দৈমাৰীৰ। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কেইবাবাৰো জিলিকি উঠা উদীয়মান খেলুৱৈগৰাকীয়ে ৰিকাৰ্ভ শাখাত যোৱা মাৰ্চত বেংককত অনুষ্ঠিত এছিয়া কাপ ৱৰ্ল্ড ৰেংকিং আৰ্চাৰী টুৰ্নামেণ্টত স্বৰ্ণ জয় কৰিছিল। তেওঁৰ বৰ্তমানৰ বিশ্ব ৰেংক ৩০।

আনহাতে বক্সাৰ শিৱ থাপাৰো আছে আশা। আশা দেখুৱাইছে বেডমিণ্টনৰ নতুন ৰাষ্ট্ৰীয় চেম্পিয়ন অস্মিতা বৰুৱায়ো। প্ৰতিযোগিতাখনলৈ আগ্ৰহ আৰু সংকল্প লৈ যোৱা ৰদালি বৰুৱা আৰু কবিতা দেৱীৰ চমক দেখা পোৱাটো হ’ব আমাৰ বাবে বোনাছ স্বৰূপ।

এই খিনিতে উল্লেখ কৰিব পাৰি যে এইবাৰ পৰীক্ষামূলকভাৱে এছিয়ান গেইমছত প্ৰথমবাৰৰ বাবে ই-স্প’ৰ্টছ অন্তৰ্ভুক্ত কৰিছে। এই শিতানত হ’ব ভিডিঅ’ গেইছৰ প্ৰতিযোগিতা। অৱশ্যে নতুন শিতানটোত এইবাৰ অসমৰ কোনো খেলুৱৈ নাথাকিলেও পৰৱৰ্তী এছিয়ান গেইমছত আমি আশা কৰিব পাৰো।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am
তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd