• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন প্ৰধান মন্ত্ৰী বাজপেয়ীৰ মৃত্যুত নগাঁৱত বিভিন্ন দল-সংগঠনৰ শোক প্ৰকাশ

মিণ্টু দাস by মিণ্টু দাস
August 17, 2018 10:29 pm
Nagaon mourns Vajpayee's death
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্ৰ দেশৰ লগতে নগাঁও জিলাতো শোকৰ ছাঁ পৰিছে। নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত কালিয়ে দলীয় পতাকা অৰ্দ্ধনমিত কৰি দলটোৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

অগপ নেতা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই এক শোক বাৰ্তাত কয়, ‘বাজপেয়ীয়ে অসমৰ উন্নয়নৰ বাবে একাগ্ৰতাৰে কাম কৰিছিল। অসম আন্দোলনৰ সময়ত দুৰ্দশাগ্ৰস্ত অসমীয়া মানুহৰ খৱৰ ল’বলৈ তেওঁ অসমলৈ আহিছিল। নগাঁৱৰ চামগুৰি, পুৰণিগুদাম আদি অঞ্চললৈ গৈ বিদেশীয়ে ঘৰ-বাৰী জ্বলাই দিয়া মানুহবোৰৰ কাষলৈ গৈ সমবেদনা জনাইছিল। আছুৰ নেতা হিচাপে আমিও গৈছিলো তেওঁৰ লগত আৰু ঘনিষ্ঠভাবে তেওঁৰ লগত কথা পাতোতে বুজিছিলো অসমৰ প্ৰতি বাজপেয়ীৰ থকা গভীৰ অনুভৱৰ কথা।’

নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ পিতামহ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, ‘তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজী আমাৰ মাজত সদায় জীয়াই থাকিব।তেওঁৰ দেহাবসান হ’লেও বাজপেয়ী ডাঙৰীয়া সকলোৰে হৃদয়ত অমৰ হৈ ৰ’ব।’ বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি জয়ন্ত কুমাৰ নাথে বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় – দেশে এগৰাকী সুদক্ষ নেতাক হেৰুৱালে। আজি সন্ধ্যা দলটোৰ জিলা সমিতিৰ কাৰ্যালয়ত এক শোকসভা অনুষ্ঠিত হয়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ সভাপতি ভুপেন দা-ধৰা আৰু সম্পাদক শ্ৰীমন্ত ভুঞাই শোক প্ৰকাশ কৰি কয়, ‘বাজপেয়ীয়ে অসমক আন্তৰিকতাৰে ভাল পাইছিল। এইজন মহান নেতাৰ বিয়োগত আমি মৰ্মাহত হৈছো।’ অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি অতুল কুমাৰ মেধি আৰু সম্পাদক নিৰঞ্জন বৰাই বাজপেয়ীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম বিকাশ পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক শোক সভাত অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে বাজপেয়ীৰ মৃত্যুত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে।

ইপিনে, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ নগাঁৱস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক শোকসভাত প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত স্বেচ্ছাসেৱী সংগঠনটোৰ সকলো কৰ্মচাৰী, বিষয়ববীয়াই পুষ্পাঞ্জলি দি গভীৰ শোক প্ৰকাশ কৰে। নগাঁও জিলা কৰ্মচাৰী পৰিষদ আৰু নগাঁও জিলা উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ সম্পাদক জীতেন হাজৰিকাই বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰা লগতে তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰে।

আনহাতে, নগাঁৱৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শ্ৰৰ্দ্ধা জনাই নগাঁও চহৰৰ মাজেৰে শোক সমদল বাহিৰ কৰি এক শোকসভা অনুষ্ঠিত কৰে।

নগাঁও চহৰৰ মাজেৰে নগাঁও জিলা কংগ্ৰেছ, এ আই ইউ ডি এফৰ নগা‌ঁও জিলা সমিতি, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, শ্ৰীমন্ত শংকৰ মিচনৰ সভাপতি ডা০ ধীৰেন বৰকাকতি আৰু সম্পাদক বল্লদেৱ শৰ্মা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, নগাঁও জিলা আমছু, নগাঁও জিলা জমিয়ত, সদৌ নগাঁও জিলা সাংবাদিক সন্থা, আজুৰ নগাঁও জিলা সমিতি, নগাঁও প্ৰেছ ক্লাৱ, সদৌ অসম ভোজপুৰী যুৱ ছাত্র পৰিষদৰ মুখ্য উপদেষ্টা নৰেন্দ্ৰ প্ৰসাদ চৌহান, শিল্পী সমাজ অসম, নগাঁও জিলা কোঁচ ৰাজবংশী সন্মিলনৰ সম্পাদক প্ৰভাত বৰা, সদৌ নগাঁও জিলা ম‌ইনা পাৰিজাত, মাৰোৱাৰী সমাজ আৰু ব্যৱসায়ী সন্থা আদিকে ধৰি বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm
মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd