ডিগবৈস্থিত অইল টাৰ্মিনেলত চলা বিধায়ক সুৰেণ ফুকন আৰু ভাস্কৰ শৰ্মাৰ গুণ্ডাৰাজৰ বিৰোধিতা কৰাৰ লগতে জিলা প্ৰশাসনে গুণ্ডাৰাজক সহযোগিতা কৰাৰ প্ৰতিবাদত গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী পিছুৱালে অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নে।
উল্লেখযোগ্য যে অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নে যোৱা ১৩ আগষ্টৰ পৰা সমগ্ৰ উত্তৰ-পূবত অনিৰ্দিষ্টকাললৈ আন্দোলন ঘোষণা কৰিছিল। ইউনিয়নে উক্ত বন্ধৰ সময়ছোৱাত অইল টাৰ্মিনেলৰ পৰা কোনো তেল ল’ডিং আন-ল’ডিং বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
আনহাতে, স্বাধীনতা দিৱসৰ বাবে এই আন্দোলন সাময়িকভাৱে স্থগিত ৰাখি অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নে পুনৰ ২০ আগষ্টৰ পৰা অনিৰ্দিষ্টকাললৈ আন্দোলন ঘোষণা কৰিছিল। কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত সমগ্ৰ দেশজুৰি সপ্তাহজোৰা শোক পালনৰ পৰিপ্ৰেক্ষিতত প্ৰবীণ ৰাজনীতিকগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই এই আন্দোলন ২৭ আগষ্টলৈ পিছুৱাই নিয়া হৈছে।
অসম পেট্ৰলিয়াম মজদুৰ ইউনিয়নে পূৰ্বৰ দাবীত অটল থকাৰ লগতে অহা ২৭ আগষ্টৰ পৰা এই আন্দোলন অনিৰ্দিষ্টকাললৈ চলিব বুলি ইউনিয়নটোৰ উজনি অসম শাখাৰ উপ-সম্পাদক ৰঞ্জন চৌধুৰীয়ে জানিবলৈ দিছে।