• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিত হিন্দু শৰণাৰ্থীৰ নাম অন্তৰ্ভুক্তি সংবিধানবিৰোধী : তিনিটা জনগোষ্ঠীয় সংগঠনৰ মত

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2018 9:47 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৫১ চনৰ এন আৰ চি খন উন্নীতকৰণৰ নামত খিলঞ্জীয়া লোকক সংখ্যালঘুত পৰিণত কৰি বিদেশীক অসমৰ স্থায়ী নাগৰিকৰ মৰ্যাদা দিবলৈকেহে ভাৰত চৰকাৰে এক ষড়যন্ত্ৰ ৰচনা কৰিছিল। এই অভিযোগ দেউৰী, তাই খামতি আৰু ঠেঙাল কছাৰী জনগোষ্ঠীৰ নেতৃত্বৰ।

এক যুটীয়া বিবৃতিত দেউৰী সংগ্ৰাম সমিতিৰ সভাপতি জি আৰ প্ৰদীপ দেউৰী, তাই খামতি জাতীয় সন্মিলনৰ সভাপতি ৰজত নামচু’ম গোহাঁই, ঠেঙাল কছাৰী জাতীয় সংগঠনৰ উপদেষ্টা দীননাথ বৰাই এইদৰে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

Apply Now

তেওঁলোকে বিবৃতিটোত কয় যে ভাৰতৰ সংবিধানত ‘শৰণাৰ্থী’ক নাগৰিকত্ব দিয়াৰ কোনো ব্যৱস্থা নাই। অথচ ভাৰত চৰকাৰে ১৯৫১ চনৰপৰা ১৯৭১ চনৰ ভিতৰত হিন্দু বিদেশী লোকক দিয়া ‘শৰণাৰ্থীৰ প্ৰমাণ-পত্ৰ’কো নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ নথিৰূপে লোৱাৰ ব্যৱস্থা কৰি ‘শৰণাৰ্থী’ৰ নাম সুকলমে এন আৰ চিত  সুমুৱাইছে।

জনগোষ্ঠীয় সংগঠনকেইটাই দেশৰ ধৰ্মনিৰপেক্ষ সংবিধানৰ মূল কাঠামোত আঘাত কৰি চৰকাৰে সাম্প্ৰদায়িক দৃষ্টিৰে পক্ষপাতমূলকভাৱে হিন্দু বিদেশীৰ নাম নাগৰিকপঞ্জীত ভৰোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। তদুপৰি ভাৰত চৰকাৰৰ এই সাম্প্ৰদায়িক কাৰ্যত আছুৱে কৰা সহযোগিতাকো তেওঁলোকে জাতিদ্ৰোহী আখ্যা দিয়ে।

অসমত খিলঞ্জীয়া মুছলমান আৰু জনগোষ্ঠীসমূহৰ মাজত কোনো বিভেদ নাই বুলি বিবৃতিটোত স্পষ্ট কৰি দি ভাৰত চৰকাৰ, আছু আদিৰ সাম্প্ৰদায়িক কাৰ্যকলাপৰ বাবেই মুছলমান বিশ্বত অসমৰ বিৰুদ্ধে সাম্প্ৰদায়িকতাৰ অভিযোগ আনি বদনাম দিবলৈ বিদেশী বাঙালী মুছলমানে দুঃসাহস কৰিছে বুলি দেউৰী, গোহাঁই, বড়াই লগতে কয়।

আনহাতে, ছুপ্ৰিম ক’ৰ্টৰ পাঁচজনীয়া সংবিধানিক বিচাৰপীঠে মহাসংঘৰ মতিউৰ ৰহমানৰ ৫৬২/২০১২ নং গোচৰৰ ক্ষেত্ৰত ভিত্তি বছৰ চূড়ান্ত নকৰাকৈ দুজনীয়া বিচাৰপীঠৰ দ্বাৰা ১৯৭১ৰ ভিত্তিত নাগৰিকপঞ্জী উন্নীত কৰি অবৈধ বিদেশীক স্বদেশী কৰা কাৰ্য ভাৰতীয় ন্যায় ব্যৱস্থাৰ চূড়ান্ত প্ৰহসন বুলি অভিহিত কৰিছে সংগঠন তিনিটাৰ নেতৃত্বই।

বিবৃতিটোত লগতে তেওঁলোকে মহাসংঘই যোৱা  ৯ আগষ্টত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেচক ভাৰত চৰকাৰৰ সাম্প্ৰদায়িক নীতি সম্পৰ্কে তথা খিলঞ্জীয়াৰ বিৰুদ্ধে ভাৰত চৰকাৰে লোৱা ব্যৱস্থা সম্পৰ্কে জনোৱাটো উচিত পদক্ষেপ হৈছে বুলি মন্তব্য কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd