সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰা শ্বীনা বৰা হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ অধিবক্তাই বৃহস্পতিবাৰে আদালতত জেৰাৰ সময়ত মিখাইলে বিদ্যালয়ত পঢ়ি থকাৰ সময়ত তেওঁৰ কোঠাত ড্ৰাগছ পোৱাৰ পিছত বিদ্যালয়খনৰ শিক্ষকক আক্ৰমণ কৰিছিল বুলি দাবী কৰে।
উল্লেখযোগ্য যে অভিযোগ অনুসৰি ২০১২ চনৰ ২৪ এপ্ৰিলত মাতৃ ইন্দ্ৰানী মুখাৰ্জী আৰু তেওঁৰ প্ৰাক্তন স্বামী সঞ্জীৱ খান্নাই পিটাৰ মুখাৰ্জীৰ সৈতে ষড়যন্ত্ৰ কৰি শ্বীনাক হত্যা কৰিছিল।
ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশিত এটা বাতৰিত কোৱা হৈছে যে ইন্দ্ৰানীৰ অধিবক্তা গুঞ্জন মাংলাই মিখাইলক তেওঁৰ আক্ৰমণৰ অভিযোগ সম্পৰ্কত প্ৰশ্ন কৰে। এই কথা অস্বীকাৰ কৰি মিখাইলে কয়, ‘’ এইটো সঁচা নহয় যে বাংগালোৰৰ মোৰ বিদ্যালয়ৰ গৃহ শিক্ষকে মোৰ কোঠাত ড্ৰাগছ পাইছিল আৰু সেইবাবেই মই তেওঁক আক্ৰমণ কৰিছিলো। এইটো কোৱা শুদ্ধ নহয় যে বাংগালোৰৰ বিদ্যালয়ৰ অধ্যক্ষই পুনৰ এনে ভুল নকৰিবলৈ সকীয়াই দিছিল, অন্যথা তেওঁ উক্ত ঘটনাৰ কথা ইন্দ্ৰানীৰ আগত প্ৰকাশ কৰিব।‘’
বাতৰিটোত লগতে কোৱা হৈছে যে বিদ্যালয় এৰি মুম্বাইলৈ অহাৰ সময়ত তেওঁৰ সৈতে চোহাইল বুদ্ধ আছিল নে সেই বিষয়েও মিখাইলক সোধা হৈছিল। মিখাইলে এয়া অস্বীকাৰ কৰিছে আৰু তেওঁ অকলেই মুম্বাইলৈ অহা বুলি দাবী কৰিছে।
এগৰাকী মুম্বাই আৰক্ষীৰ প্ৰাক্তন বিষয়া চোহাইল বুদ্ধই পিটাৰ মুখাৰ্জী জড়িত থকা ব্ৰডকাষ্ট মিডিয়া গ্ৰুপ এটাত কৰ্মচাৰী হিচাপে নিযুক্ত হৈছিল। মুম্বাই আৰক্ষীৰ এগৰাকী সহকাৰী পৰিদৰ্শক বুদ্ধই ষ্টাৰ টিভিত যোগদান কৰিবলৈ চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল। পিটাৰ মুখাৰ্জী মুখ্য কাৰ্যবাহী হিচাপে থকা কোম্পানীটোত তেওঁ ভাইচ-প্ৰেছিডেন্ট (আভ্যন্তৰীণ সুৰক্ষা) হিচাপে নিযুক্ত আছিল।
অধিবক্তাগৰাকীয়ে দাবী কৰিছে যে এহাল দম্পতীয়ে তেওঁলোকৰ ছোৱালীক হাৰাশাস্তি কৰাৰ বাবে মিখাইলৰ বিৰুদ্ধে আৰক্ষীত অভিযোগ দাখিল কৰিছিল। মিখাইলে সেই দম্পতীক জনাৰ কথা অস্বীকাৰ কৰিছে। ‘’তেওঁলোকৰ ছোৱালীক হাৰাশাস্তি কৰাৰ বাবে মোৰ বিৰুদ্ধে আৰক্ষীক তেওঁলোকে অভিযোগ দিয়াৰ কথা মই মনত পোলাব পৰা নাই,’’-মিখাইলে আদালতত কয়। তেওঁ লগতে এই সন্দৰ্ভত তেওঁক আৰক্ষী থানালৈ লৈ যোৱাৰ কথাও অস্বীকাৰ কৰে।
আনহাতে, ২০১৫ চনত প্ৰথমতে গোচৰটো অনুসন্ধান কৰা খাৰ আৰক্ষী থানাত লিপিবদ্ধ কৰা মিখাইলৰ ভাষ্যত থকা আঁসোৱাহসমূহ মাংলাই আঙুলিয়াই দিয়ে। ইয়াৰে আনটো পৰিপূৰক গোচৰ চিবিআইক দিয়া হৈছে।