• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিহত হৈছিল তিনিজনকৈ সাহসী আৰক্ষী বিষয়া : বুলেটপ্ৰুফ জেকেট ক্ৰয়ৰ বহু অনিয়ম ফাদিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 18, 2018 6:53 pm
Bhaskar Kalita_Dulal Bora
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৭ মে’ৰ দিনা বৰডুমচাত আলফাৰ সৈতে হোৱা সংঘৰ্ষত বুলেটপ্ৰুফ জেকেট ভেদি বুকুত গুলী লাগি মৃত্যু হোৱা আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ বুলেটপ্ৰুফ জেকেট অতি নিম্নমানৰ আছিল বুলি দাবী কৰিছে আৰ টি আই কৰ্মী দুলাল বৰাই।

আজি ১৮ আগষ্টত দিচপুৰ প্ৰেছক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰি আৰ টি আই কৰ্মীজনে কয় যে আৰক্ষী বিষয়া ভাস্কৰ কলিতা, নিত্যানন্দ গোস্বামী আৰু গুলজাৰ হুছেইনৰ বুলেটপ্ৰুফ জেকেট অতি নিম্নমানৰ আছিল।

তেওঁ নিজে আৰ টি আই আৱেদন কৰি বুলেট প্ৰুফ জেকেট ক্ৰয়ৰ বহু কেলেংকাৰিৰ কথা গম পোৱা বুলি দাবী কৰে সংবাদমেলত।

সংবাদমেলত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ প্ৰতি অভিযোগৰ আঙুলি তুলি বৰাই কয়, “অসম আৰক্ষীৰ শীৰ্ষ বিষয়া এ কে ঝা আৰু মুকেশ আগৰৱালৰ বাবেই তিনিজনকৈ আৰক্ষী বিষয়াই মৃত্যুক সাবটি ল’ব লগীয়া হ’ল।”

তাৎপয্যপূৰ্ণভাৱে, উক্ত শীৰ্ষ আৰক্ষী বিষয়া দুজনে বুলেটপ্ৰুফ জেকেট ক্ৰয় কৰাৰ নামত চৰকাৰী টকা আত্মসাৎ কৰাৰ দৰে গুৰুতৰ অভিযোগো তোলে আৰ টি আই কৰ্মীগৰাকীয়ে।

উক্ত সংবাদমেলত দুলাল বৰাই কয় যে একো একোটা বুলেটপ্ৰুফ জেকেটত চাৰিখনকৈ বুলেটে ভেদ কৰিব নোৱাৰা প্লেট থকাটো বাধ্যতামূলক আছিল যদিও আৰক্ষীক যোগান ধৰা হৈছিল দুখন প্লেটযুক্ত জেকেট।

তেওঁ লগতে কয়, “বাংগালোৰস্থিত মেচাৰ্ছ টাটা এডভাঞ্চ মেটেৰিয়েলছ লিমিটেড নামৰ প্ৰতিষ্ঠানখনে যোগান ধৰা বুলেটপ্ৰুফ জেকেটে অসম আৰক্ষীক প্ৰতিপক্ষৰ বুলেটৰ পৰা ৰক্ষা কৰিব নোৱাৰে।”

এইবোৰত নিম্নমানৰ বুলেট প্ৰতিৰোধ ব্যৱস্থা থকা বাবেই দক্ষ আৰক্ষী বিষয়া ভাস্কৰ কলিতা, নিত্যনন্দ গোশ্বামী আৰু গুলজাৰ হুছেইনে মৃত্যুক সাবটি ল’বলগীয়া হ’ল বুলি সন্দেহ প্ৰকাশ কৰে দুলাল বৰাই।

ইয়াৰোপৰি তেওঁ সংবাদমেলত জনোৱা অনুসৰি নিৰ্ধাৰিত (NIJ Standard-0101.04 updated revision A & B)  পদ্ধতি মতে তৈয়াৰ কৰা বুলেটপ্ৰুফ জেকেটৰ চাৰিখন প্লেটৰ যদি এখনো নাথাকে তেন্তে সেই জেকেটে কেতিয়াও প্ৰতিপক্ষৰ বুলেট ৰাখিব নোৱাৰে।

আনহাতে, বুলেট ৰোধক এই প্লেটৰ একো-একোখনৰ ওজন প্ৰায় ১.৫ কেজি বুলি তেওঁ সদৰী কৰি লগতে কয়, “এটা জেকেটৰ ওজন ৬ ৰ পৰা ৭ কেজি ওজনৰ হয়। কিন্তু একোটা বুলেটপ্ৰুফ জেকেট মাত্ৰ ৩ কেজি ওজনৰ হোৱাৰ ৰহস্যটো কি?”

উল্লেখ্য যে, ষ্টেণ্ডাৰ্ড চাইজ জেকেট এটা ৬.৮১ আৰু লাৰ্জ চাইজ জেকেট ৭.১২ হ’ব লাগিব বুলি নিবিদা বিচাৰি বিজ্ঞাপন দিয়াৰ পাছতো অসম আৰক্ষীত যোগান ধৰা বুলেটপ্ৰুফ জেকেট ৩ কেজি কেনেকৈ হ’ল, তাৰ এক উচিত তদন্ত দাবী কৰে আৰ টি আই কৰ্মী দুলাল বৰাই।

তদুপৰি ১৫৬০টা কম ওজনৰ বুলেটপ্ৰুফ জেকেট অসম আৰক্ষীক যোগান ধৰাৰ বাবে নিবিদা বিচাৰি মাত্ৰ এটা বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল যদিও ৫খনকৈ ৱৰ্ক অৰ্ডাৰ ইছ্যু কৰাৰ তথ্য পোৱা গৈছে বুলি বৰাই সংবাদমেলত কয়।

তেওঁৰ মতে ‘চৰকাৰী নিয়ম অনুসৰি নিবিদা বিচাৰি প্ৰকাশ কৰা বিজ্ঞাপনৰ বিপৰীতে মাত্ৰ এখন ৱৰ্ক অৰ্ডাৰ হোৱা উচিত।‘

আনহাতে, ১৫৬০টা জেকেট বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল যদিও উল্লেখিত Letter No. S/V-255/2010-11/MPF/84, Letter No. S/V-281/Eqp/SB/107, Letter No. S/V-277/2010Eqp/APHQ/Pt/118, Letter No. S/V-255/2010-11-MPF/83, Letter No. S/V-278/2010Eqp/IBB/Pt-I/48. Dated Ghy, the 26th March, 2012 ৰ জৰিয়তে মুঠ ১২৬০টা জেকেট যোগান ধৰাৰ বাবে ৱৰ্ক অৰ্ডাৰ ইছ্যু কৰে। এই কথাও উক্ত সংবাদমেলত দুলাল বৰাই জনায়।

তাৎপৰ্য্যপূৰ্ণভাৱে বাকী ৩০০টা জেকেট যোগান ধৰাৰ কোনোধৰণৰ তথ্য বিভাগীয় কৰ্তৃপক্ষই যোগান ধৰা নাই বুলিও দুলাল বৰাই কয়। এই ক্ষেত্ৰত তেওঁ চৰকাৰক এক তদন্তৰ দাবী জনায়।

উল্লেখ্য যে (NIJ Standard-0101.04 updated revision A & B) পদ্ধতি মতে তৈয়াৰ কৰা বুলেটপ্ৰুফ জেকেটে তলত দিয়া ধৰণে সুৰক্ষা প্ৰদান কৰিব লাগিব বুলি চৰকাৰে প্ৰস্তুত কৰা নিবিদাত উল্লেখ কৰা হৈছিল :

  1. 9mm bullet fired through Sten Machine Carbine from a distance of 5 meters
  2. 12 bore shot (solid slug) fired through full length shotgun from a distance of 10 meters
  3. 7.62mm NATO ball ammunition fired through 7062mm SLR from a distance of 10 meters.
  4. 762x39mm bullet of Indian Ammunition Factories including Kirkee factory fired through AK series rifles from a distance of 10 meters.
  5. 5.56x45mm mild steel core at the front and lead core at the back fired through INSAS rifles from a distance of 10 meters.

ইয়াৰোপৰি চৰকাৰে নিবিদা দাখিল কৰি উক্ত প্ৰতিষ্ঠানটোৱে অৰ্ডাৰ পোৱাৰ পাছত, ৱৰ্ক অৰ্ডাৰত অতিৰিক্ত কৰ সংযোজন কৰা বিষয়টো সম্পূৰ্ণ ৰহস্যজনক বুলি মন্তৱ্য কৰে দুলাল বৰাই।

তেওঁ লগতে কয় “অতিৰিক্তভাৱে সংযোজন কৰা এই কৰৰ বিপৰীতে ১৫৬০টা বুলেটপ্ৰুফ জেকেটত মুঠ ২৩,৫০,৫১৪ টকা অতিৰিক্তভাৱে খৰচ হয়। সেই সময়ত উক্ত প্ৰবেশ কৰৰ তথ্য জমা দিয়া সন্দৰ্ভত পুংখানুপুংখকৈ তদন্ত কৰাৰ বাবে দাবী জনালো।”

উল্লেখ্য যে, সেই সময়ৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, বৰ্তমানৰ উক্ত শাখাৰ বিষয় আৰক্ষী সঞ্চালক প্ৰধান আৰু আইন শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানৰ বিৰুদ্ধে উচ্চ স্তৰৰ তদন্ত কৰিবৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক তেওঁ দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

কৰমৰ্দন বিতৰ্কৰ মাজতে পানীত পৰিল পাকিস্তানৰ আশাঃ এছিয়া কাপৰ মেচ ৰেফাৰীক বাদ দিয়াৰ দাবী নাকচ ICC-ৰ

September 16, 2025 5:22 pm
বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

মেঘালয়ত মন্ত্ৰীসভাৰ সালসলনি : পদত্যাগ কৰিলে ৮ গৰাকী মন্ত্ৰীয়ে

September 16, 2025 5:53 pm
উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

উমৰাংছ’ত ৰেট হল মাইনিং চলোৱা সকলৰ বিৰুদ্ধে হত্যাৰ অভিযোগত গোচৰ চলাওক : নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়

September 16, 2025 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd