শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত হাঁহচৰা ৰাইলুং চেতিয়া গাঁৱৰ এটা পৰিয়ালৰে ১০ জন লোক এক অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱা ঘটনাই হাঁহচৰাৰ লগতে সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে এক তীব্র চাঞ্চল্যৰ।
উল্লেখযোগ্য যে হাঁহচৰা মৌজাৰ চেৰেকাপাৰ পঞ্চায়তৰ অন্তৰ্গত ৰাইলুং চেতিয়া গাঁৱৰ গাঁওবুঢ়া মানস চেতিয়াৰ ভাতৃ দেৱ কুমাৰ চেতিয়াৰ কন্যা পূজা (২১) চলিত বৰ্ষৰ মে’ মাহৰ দ্বিতীয় সপ্তাহত প্ৰথমে এই অচিন ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হয়। এই কথা পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে।
আনহাতে পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি এই বেমাৰৰ লক্ষণ সমূহ হ’ল প্ৰথমে পেট বিষ, জ্বৰ আৰু কিছু পৰিমাণে চকুৰ বৰণ হালধীয়া হোৱাৰ উপৰিও অত্যন্ত দুৰ্বল অনুভৱ হয়।
ইফালে পূজাক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পৰৱৰ্তী সময়ত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
মন কৰিব লগীয়া যে ছাত্ৰী গৰাকী আৰোগ্য লাভ কৰাৰ পাছৰে পৰা ক্ৰমে জুনমণি চেতিয়া(১৮), শ্ৰীৱাণী চেতিয়া(২৩), মানস চেতিয়া(৩১), দিপাঞ্জলী চেতিয়া(৩৫), নিবিড় চেতিয়া (১১),দৰ্শিল চেতিয়া (৬), তুলিকা চেতিয়া (৩৪), মিনতি চেতিয়া গগৈ (৪১)আৰু টংকেশ্বৰ চেতিয়াসহকে ধৰি একেটা পৰিয়ালৰে ৯ জন ব্যক্তি এই ৰোগত ধাৰাবাহিকভাৱে আক্ৰান্ত হয়।
অচিন ৰোগত আক্ৰান্ত লোকৰে পাঁচ জন ডিব্ৰুগড়ত আৰু চাৰিজন শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আনহাতে পৰিয়ালৰ লোকক চিকিৎসকে এই ৰোগৰ কাৰণ অস্বাস্থ্যকৰ পানী সেৱনৰ ফলতেই হোৱা বুলি জানিবলৈ দিয়ে।
আনহাতে পৰিয়ালৰ লোকে শিৱসাগৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ পানীৰ গুণাগুণ পৰীক্ষাৰ নিমিত্তে প্ৰেৰণ কৰে যদিও বৰ্তমানলৈকে পানীৰ গুণাগুণৰ ফলাফল লাভ কৰিবলৈ সক্ষম নহ’ল। আনকি স্থানীয় সচেতন লোকেও বিভাগটোক অনুৰোধ জনোৱাৰ পিছতো বিভাগটোৰ এই ক্ষেত্ৰত গা নলৰিল।
ইফালে এই ক্ষেত্ৰত শিৱসাগৰ জিলা উপায়ুক্ত আৰু জনপ্ৰতিনিধিয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াও লক্ষণীয় হ’ব।