• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“স্বাস্থ্য মন্ত্ৰীৰ ঘনিষ্ঠৰ ঔষধ কোম্পানিৰ টেবলেট অনুপযুক্ত বুলি প্ৰতিবেদন দিয়া এনালিষ্টক প্ৰতিশোধমূলক বদলি”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 19, 2018 7:10 pm
Drugs_2

সম্পূৰ্ণ প্ৰতিবেদনটোৰ প্ৰতিলিপি ভিতৰত দিয়া হৈছে।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাস্থ্য বিভাগত ভেজাল ঔষধ যোগান ধৰি আহিছে স্বাস্থ্য মন্ত্ৰীৰ ঘনিষ্ঠৰ ঔষধ কোম্পানিয়ে। চৰকাৰী চিকিৎসালয়বোৰত ঔষধ যোগানৰ ঠিকা লাভ কৰি অহা এই কোম্পানিবোৰৰ সৈতে সুসম্পৰ্ক আছে স্বাস্থ্য মন্ত্ৰীৰ লগতে এন আৰ এইচ্ছমৰো। এটা এনেকুৱা কোম্পানিৰ এবিধ টেবলেট ‘ৰোগীক দিয়াৰ অনুপযুক্ত বুলি প্ৰতিবেদন দিয়া এনালিষ্টক মন্ত্ৰীজনে শাস্তিমূলক বদলি কৰিলে জম্মু আৰু কাশ্মীৰলৈ। আজি তথ্যসহ এই কেলেংকাৰি ফাদিল কৰিছে দুৰ্নীতিবিৰোধী যুৱশক্তি, অসমে।

সংগঠনটোৱে সংবাদমেলত কয়, “মেনেজ মাষ্টাৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা  এতিয়া মাথো ব্যস্ত মেনেজ আৰু বদলিকৰণত।”

Apply Now

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত দুৰ্নীতিবিৰোধী যুৱশক্তি, অসমৰ সভাপতি ধৰ্মকান্ত গগৈয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গুৰুতৰ অভিযোগ আনে।

উল্লেখযোগ্য যে অতি শেহতীয়াকৈ আৰ ডি টি এল (Regional Drug Testing Laboratory)ৰ অধ্যক্ষ তথা ড্ৰাগ এনালিষ্ট ডাঃ পাৰ্থজ্যোতি গগৈক শেহতীয়াকৈ বদলি কৰা বুলি জানিবলৈ দি তেওঁ লগতে কয়, ‘’স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত শাস্তিমূলকভাৱে এন এইচ্ছ এম কৰ্তৃপক্ষই ড০ পাৰ্থজ্যোতি গগৈক জন্মু কাশ্মীৰলৈ বদলি কৰিছে।”

ডাঃ গগৈৰ বদলিৰ অন্তৰালত গগৈয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যন বা এন এইচ্ছ এম (National Rural Health Mission)ৰ সৈতে সুসম্পৰ্ক থকা ইটাছ জি ফাৰ্মাৰ এবিধ ঔষধ চৰকাৰী গৱেষণাগাৰত পৰীক্ষা কৰি সেই ঔষধ মানুহক খুওৱাৰ অনুপযুক্ত বুলি প্ৰতিবেদন দিছিল। জানিব পৰামতে, উক্ত ইটাছ জি ফাৰ্মাৰ সঞ্চালক ৰাজীৱ দেওৰা স্বাস্থ্য মন্ত্ৰী হিমন্তৰ ঘনিষ্ঠ। ঔষধ কোম্পানিটোৱে চৰকাৰী চিকিৎসালয়ত যোগান ধৰি অহা ভেজাল ঔষধৰ তথ্য ফাদিল কৰা বাবেই ডাঃ গগৈক শাস্তিমূলকভাৱে বদলি কৰা হ’ল বুলি দুৰ্নীতিবিৰোধী যুৱ শক্তিয়ে সংবাদমেলত দাবী কৰিছে।

দুৰ্নীতিবিৰোধী যুৱ শক্তিৰ সভাপতিজনে কয়, “এইগৰাকী সুদক্ষ স্বাস্থ্য বিষয়াক এইদৰে বদলি কৰি বিভাগে এটা কথা স্পষ্টকৈ বুজাই দিলে যে তেওঁলোকে ভেজাল দৰব প্ৰদান কৰা কোম্পানী আৰু এন এইচ্ছ এম কৰ্তৃপক্ষৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে।

বিগত সময়ছোৱাত স্বাস্থ্য বিভাগে এন এইচ্ছ এমৰ জৰিয়তে এনেকুৱা কোম্পানিৰ ঔষধ আনি ৰাজ্যৰ ৰোগীক ভেজাল দৰবৰ যোগান ধৰি আহিছে বুলি অভিযোগ তোলে দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমে।

ইয়াৰোপৰি সভাপতি গগৈয়ে সংবাদমেলত কয় যে বিগত এটা মাহত এই বিষয়টো স্পষ্টকৈ ওলাই পৰিছে যে একমাত্ৰ কমিশ্যনৰ স্বাৰ্থতে এন এইচ্ছ এমৰ কৰ্তৃপক্ষই দৰব কোম্পানীসমূহৰ সৈতে ৰহস্যজনক সম্পৰ্ক ৰক্ষা কৰি আহিছে।”

লক্ষণীয়ভাৱে ইটাজ যি ফৰ্মা নামৰ দৰব যোগান ধৰি থকা কোম্পানীটোৱে যোগান ধৰা ৭০ শতাংশ দৰবেই ভেজাল বুলি তেওঁ গুৰুতৰ অভিযোগ আনে।

আনহাতে, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ ৰাজেন দেওৰা ইটাজ জি ফাৰ্মাৰ সঞ্চালক হোৱাৰ বাবেই ভেজাল দৰব যোগান ধৰা বুলি জনাৰ পাছতো কোম্পানীটোক চৰকাৰে ব্লেক লিষ্টেড কৰা নাই বুলিও তেওঁ অভিযোগ আনে।

তেওঁ লগতে কয়, “ভাৰতৰ অন্য ৰাজ্যত সাধাৰণ ৰোগীসকলৰ স্বাস্থ্যক লৈ যিধৰণে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ পৰিৱৰ্তে অসমত এক শতাংশও তেনে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নাযায়। উদাহৰণ স্বৰূপে ৰাজস্থান চৰকাৰে ব্যৱহাৰ হোৱাৰ পূৰ্বে দৰবসমূহ পৰীক্ষণৰ ব্যৱস্থা কৰাৰ লগতে কোম্পানীসমূহৰ বিৰুদ্ধেও সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰে।

তেনে পৰিপ্ৰেক্ষিতত দুৰ্ভাগ্যজনকভাৱে ৰোগীক ভেজাল ঔষধ যোগান ধৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতো বিভাগীয় মন্ত্ৰী আৰু চৰকাৰে একেবাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি গগৈয়ে অভিযোগ আনিছে।

ঔষধৰ যোগানৰ নামত চলি থকা দুৰ্নীতিৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক হস্তক্ষেপ কৰাৰ দাবী জনোৱাৰ লগতে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে মুখ্য মন্ত্ৰীৰ তদাৰকী কোষ আৰু দুৰ্নীতি নিবাৰক শাখাক দিয়া অভিযোগৰ ক্ষেত্ৰত অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে উক্ত সংবাদমেলৰ জৰিয়তে গগৈয়ে দাবী জনায়।

তেওঁ লগতে বহিৰাগত কোম্পানীৰ পৰা অহা ঔষধসমূহ চৰকাৰীভাৱে পৰীক্ষণৰ ব্যৱস্থা কৰিহে পৰৱৰ্তী পৰ্য্যায়ত সেইসমূহ ৰোগীসকলক যোগান ধৰিবৰ বাবে এন এইচ্ছ এম কৰ্তৃপক্ষক উক্ত সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd