• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতলৈ উভতিব এনএছচিএন-খাপলাঙৰ বিতাড়িত অধ্যক্ষ খাংগো কন্যাক

সুবীৰ ভোমিক by সুবীৰ ভোমিক
August 20, 2018 2:02 pm
k-3-570x320
103
VIEWS
Share on FacebookShare on Twitter

এনএছচিএন-খাপলাঙৰ অধ্যক্ষ পদৰ পৰা বিতাড়িত হোৱা খাংগো কন্যাকে এনএছচিএন-(ইছাক-মুইভা) গোটত যোগদান কৰিব বুলি জানিব পৰা গৈছে। ইছাক-মুইভা গোটৰ এগৰাকী শীৰ্ষস্থানীয় নেতাই কৈছে যে খাপলাং গোটৰ পৰা বিতাড়িত হোৱাৰ পাছৰে পৰা খাংগোৰ সৈতে গোটটোৱে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে।

পৰিচয় প্ৰকাশ কৰাত অনিচ্ছুক ইছাক-মুইভা গোটৰ এগৰাকী শীৰ্ষস্থানীয় নেতাই কৈছে, ‘‘তেওঁক ম্যানমাৰৰ পৰা সুৰক্ষা বেষ্টনিৰ মাজত স্বদেশলৈ ওভোতাই অনা হ’ব। এই কথা স্পষ্ট যে তেওঁ তেওঁৰ সমৰ্থক সকলৰ সৈতে ইছাক-মুইভা গোটত যোগদান কৰিব।’’

খাপলাং গোটৰ কিমান সংখ্যক নেতা বা যোদ্ধাই খাংগোৰ পক্ষত আছে এই তথ্যটো অৱশ্যে স্পষ্ট নহয়।

খাপলাং গোটৰ এটা সূত্ৰত কোৱা হৈছে যে ম্যানমাৰৰ ছাংগিং ডিভিজনৰ টাগাস্থ প্ৰধান কাৰ্যালয়ত থকা এনএছচিএনৰ  অতি কমেও দুগৰাকী কন্যাক কিলোনছেৰে খাপলাং গোটত থাকিবলৈ মনস্থ কৰিছে। তেওঁলোক হৈছে নামলং কন্যাক আৰু পিয়োং কন্যাক।

চোৰাংচোৱা সূত্ৰত প্ৰকাশ পাইছে যে গোটটোৰ দুৰ্ধৰ্ষ কামাণ্ডাৰ নিকি ছুমি আৰু গোটটোৰ প্ৰচাৰ সচিব ইছাক ছুমিয়ে কেইগৰাকীমান ভাৰতীয় নাগা যোদ্ধাসহ খাংগোৰ সৈতে যোগগান কৰিছে।

খাপলাং গোটৰ সৈতে এসময়ত লেনদেন থকা এগৰাকী অৱসৰপ্ৰাপ্ত সামৰিক চোৰাংচোৱা বিষয়াই জনাইছে যে খাংগোৰ সৈতে যথেষ্ট সংখ্যক যোদ্ধাই দলত্যাগ নকৰে বাবে গোটটোৰ শক্তি কমি নাযায়। নিজৰ সমৰ্থকৰ সংখ্যা গোটত যথেষ্ট নোহোৱা বাবে খাংগোৱে গোটটোৰ পৰা ফালৰি কাটি ইছাক-মুইভা গোটত নিজৰ তাকৰীয়া সমৰ্থকসকলৰ সৈতে যোগ দি বৰ্তি থকাৰ প্ৰয়াস কৰিছে বুলি অৱসৰপ্ৰাপ্ত সামৰিক চোৰাংচোৱা বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে।

কিন্তু ইছাক-মুইফা গোটে এই পৰ্যন্ত  খাংগোই গোটটোত যোগদান কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰা নাই।

এই পৰ্যন্ত ভাৰতীয় সেনাই এই বিষয়ত কোনো নিৰ্দেশ লাভ কৰা নাই। সেনা বাহিনীৰ মতে এনএছচিএন-খাপলাং গোটটো এটা যুদ্ধংদেহী গোট, ই ২০১৫ চনত যুদ্ধ বিৰতি ঘোষণা কৰি ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ কৰিছিল।

গতিকে শীৰ্ষ মহলৰ পৰা বিশেষ নিৰ্দেশ নাথাকিলে এই গোটৰ সদস্যসকল ভাৰতীয় সেনা বাহিনীৰ মাৰণাস্ত্ৰৰ স্বাভাৱিক লক্ষ্য।

উল্লেখ্য যে কিংবদন্তী বাৰ্মিজ-নাগা বিদ্ৰোহী এছএছ খাপলাঙৰ মৃত্যুৰ পাছত চীনত প্ৰশিক্ষণপ্ৰাপ্ত গেৰিলা যোদ্ধা খাংগো কন্যাক যোৱা বছৰ খাপলাং গোটৰ অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।

শুকুৰবাৰে গোটটোৰ সাধাৰণ পৰিষদে তেওঁৰ বিৰুদ্ধে মহাভিযোগ উত্থাপন কৰিছিল কিন্ত তেওঁক পৰিষদৰ প্ৰধান কাৰ্যালয় নিৰাপদে ত্যাগ কৰাৰ অৱকাশ প্ৰদান কৰিছিল।

খাপলাঙৰ নাতি উং আঙে তেওঁৰ স্থানত কাৰ্যকৰী অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিছিল।

Recent News

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd