• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসমীয়া-বড়ো’ কাজিয়া বন্ধ হ’লেহে অসমীয়া জাতি শক্তিশালী হ’ব : বিশ্বজিৎ দৈমাৰী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 25, 2018 10:50 pm
Bishwajit Daimari

তীৰ্থনাথ শৰ্মা প্ৰেক্ষাগৃহত খিলঞ্জীয়া জনগোষ্ঠীয় গণসচেতনতা মহাসভাৰ দ্বাৰা আয়োজিত আলোচনা সভাত ভাষণ দিছে বিশ্বজিৎ দৈমাৰীয়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-অসমীয়াৰ হৈ ৰাজ্যসভাত অকলেই যুঁজ দিয়া বিশ্বজিৎ দৈমাৰী এইবাৰ থিয় দিছে বৃহত্তৰ অসমীয়া জাতিৰ পক্ষত। তেওঁ ভাষিকভাৱে অসমীয়া যিসকলৰ একমাত্ৰ পৰিচয়, তেওঁলোকক আৰু বড়োসকলক ঐক্যৰ হকে আহ্বান জনায়।

“বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্বৰ জটিল সন্ধিক্ষণত ভাষিক অসমীয়া আৰু বড়োসকলৰ মাজৰ কাজিয়াবোৰ বন্ধ কৰিব লাগে। আমি সকলো খিলঞ্জীয়া অসমীয়া যদি এক হওঁ তেতিয়া অসমীয়া জাতি অতি শক্তিশালী হ’ব।”, এইদৰে কয় ৰাজ্যসভাৰ সাংসদজনে।

Apply Now

শনিবাৰে গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা প্ৰেক্ষাগৃহত খিলঞ্জীয়া জনগোষ্ঠীয় গণসচেতনতা মহাসভা, অসমৰ উদ্যোগত অনুষ্ঠিত এক আলোচনা সভা উদ্বোধন কৰাৰ সময়ত এই মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।

বিশিষ্ট লেখক ভূপেন বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত ‘জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু ভাৰত ৰাষ্ট্ৰক প্ৰকৃত যুক্তৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা’ বিষয়ক এই আলোচনা সভাত দৈমাৰীয়ে ভাষণ প্ৰদান কৰি কয়, “আমি খিলঞ্জীয়াৰ ৰূপতেই এক হ’ব পৰা নাই। অসমক সুৰক্ষিত কৰিবলৈ হ’লে খিলঞ্জীয়া অসমীয়া একত্ৰিত হ’বই লাগিব। ‘অসম চুক্তি’ স্বাক্ষৰিত হ’ল, তাতো ‘খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান’কৰাৰ কথা উল্লেখ আছে। কিন্তু অসমত ‘খিলঞ্জীয়া অসমীয়া’ কোন সেই কথা আজিও স্পষ্ট নহ’ল।”

তেওঁ লগতে একাংশ বিজেপি নেতাই হিন্দু বাংলাদেশী আনি অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ কথা কোৱা বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ কয় যে এই কথাটো সম্পূৰ্ণ অমূলক। বাংলাদেশৰ পৰা অহা লোকৰ চহকী ভাষা, সংস্কৃতি আছে আৰু তেওঁলোকে কেতিয়াও নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয়, “অসমীয়া দুই ধৰণৰ আছে। সেইসকলৰ ভিতৰত এটা অংশৰ বড়ো, কাৰ্বি, মিচিং আদি এটা পৰিচয়ো আছে আৰু তেওঁলোকৰ আনটো পৰিচয় অসমীয়া। আনহাতে এটা অংশ আছে যিসকলৰ অসমীয়াৰ বাদে আন কোনো পৰিচয় নাই। এই দুই ধৰণৰ অসমীয়াৰ বাহিৰে অসমত থকা বাঙালী, বিহাৰী, মাৰোৱাৰী আদি বহিৰাগত কোনো লোকেই অসমীয়া নহয়। তেওঁলোকৰ কোনোৱে নিজকে অসমীয়া বুলি নাভাবে, যদি অসমীয়া বুলি কয় সেয়া ৰাজনৈতিক স্বাৰ্থত ক’ব পাৰে।”

ইপিনে, ভাৰতক প্ৰকৃত যুক্তৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত দৈমাৰীয়ে কয়, “ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ভৌগোলিক অৱস্থিতি একেই নহয়। গতিকে প্ৰতিখন ৰাজ্যৰ বিভিন্ন শিতানৰ খৰচো একেধৰণৰ নহয়। ইয়াৰ উপৰি এই বৈচিত্ৰ্য অনুসৰি ৰাজ্যসমূহৰ কাৰণে বেলেগ বেলেগ ধৰেণে পুঁজি নিৰ্ধাৰণ এখন ৰাষ্ট্ৰৰ পক্ষে সম্ভৱ নহয়। সেয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰয়োজন আছে।”

তেওঁ লগতে কয় যে প্ৰতিখন ৰাজ্যৰ ভাষা, সংস্কৃতি, ৰীতি-নীতি সকলো বেলেগ বেলেগ, গতিকে সকলোৰে অস্তিত্ব সুনিশ্চিত কৰিবলৈ সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ নিতান্তই প্ৰয়োজন।

খিলঞ্জীয়া জনগোষ্ঠীয় গণসচেতনতা মহাসভা, অসমৰ উদ্যোগত অনুষ্ঠিত এই সভাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি টৰেণ বড়ো, অধিবক্তা অৰূপ বৰবৰা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd