• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘অসমীয়া-বড়ো’ কাজিয়া বন্ধ হ’লেহে অসমীয়া জাতি শক্তিশালী হ’ব : বিশ্বজিৎ দৈমাৰী

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , August 25, 2018 10:50 pm

3 min read

Bishwajit Daimari

তীৰ্থনাথ শৰ্মা প্ৰেক্ষাগৃহত খিলঞ্জীয়া জনগোষ্ঠীয় গণসচেতনতা মহাসভাৰ দ্বাৰা আয়োজিত আলোচনা সভাত ভাষণ দিছে বিশ্বজিৎ দৈমাৰীয়ে।

111
VIEWS
Share on FacebookShare on Twitter

অসম-অসমীয়াৰ হৈ ৰাজ্যসভাত অকলেই যুঁজ দিয়া বিশ্বজিৎ দৈমাৰী এইবাৰ থিয় দিছে বৃহত্তৰ অসমীয়া জাতিৰ পক্ষত। তেওঁ ভাষিকভাৱে অসমীয়া যিসকলৰ একমাত্ৰ পৰিচয়, তেওঁলোকক আৰু বড়োসকলক ঐক্যৰ হকে আহ্বান জনায়।

“বৃহত্তৰ অসমীয়া জাতিৰ অস্তিত্বৰ জটিল সন্ধিক্ষণত ভাষিক অসমীয়া আৰু বড়োসকলৰ মাজৰ কাজিয়াবোৰ বন্ধ কৰিব লাগে। আমি সকলো খিলঞ্জীয়া অসমীয়া যদি এক হওঁ তেতিয়া অসমীয়া জাতি অতি শক্তিশালী হ’ব।”, এইদৰে কয় ৰাজ্যসভাৰ সাংসদজনে।

শনিবাৰে গুৱাহাটীৰ তীৰ্থনাথ শৰ্মা প্ৰেক্ষাগৃহত খিলঞ্জীয়া জনগোষ্ঠীয় গণসচেতনতা মহাসভা, অসমৰ উদ্যোগত অনুষ্ঠিত এক আলোচনা সভা উদ্বোধন কৰাৰ সময়ত এই মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।

বিশিষ্ট লেখক ভূপেন বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত ‘জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু ভাৰত ৰাষ্ট্ৰক প্ৰকৃত যুক্তৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা’ বিষয়ক এই আলোচনা সভাত দৈমাৰীয়ে ভাষণ প্ৰদান কৰি কয়, “আমি খিলঞ্জীয়াৰ ৰূপতেই এক হ’ব পৰা নাই। অসমক সুৰক্ষিত কৰিবলৈ হ’লে খিলঞ্জীয়া অসমীয়া একত্ৰিত হ’বই লাগিব। ‘অসম চুক্তি’ স্বাক্ষৰিত হ’ল, তাতো ‘খিলঞ্জীয়াক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান’কৰাৰ কথা উল্লেখ আছে। কিন্তু অসমত ‘খিলঞ্জীয়া অসমীয়া’ কোন সেই কথা আজিও স্পষ্ট নহ’ল।”

তেওঁ লগতে একাংশ বিজেপি নেতাই হিন্দু বাংলাদেশী আনি অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাৰ কথা কোৱা বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ কয় যে এই কথাটো সম্পূৰ্ণ অমূলক। বাংলাদেশৰ পৰা অহা লোকৰ চহকী ভাষা, সংস্কৃতি আছে আৰু তেওঁলোকে কেতিয়াও নিজকে অসমীয়া বুলি পৰিচয় নিদিয়ে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয়, “অসমীয়া দুই ধৰণৰ আছে। সেইসকলৰ ভিতৰত এটা অংশৰ বড়ো, কাৰ্বি, মিচিং আদি এটা পৰিচয়ো আছে আৰু তেওঁলোকৰ আনটো পৰিচয় অসমীয়া। আনহাতে এটা অংশ আছে যিসকলৰ অসমীয়াৰ বাদে আন কোনো পৰিচয় নাই। এই দুই ধৰণৰ অসমীয়াৰ বাহিৰে অসমত থকা বাঙালী, বিহাৰী, মাৰোৱাৰী আদি বহিৰাগত কোনো লোকেই অসমীয়া নহয়। তেওঁলোকৰ কোনোৱে নিজকে অসমীয়া বুলি নাভাবে, যদি অসমীয়া বুলি কয় সেয়া ৰাজনৈতিক স্বাৰ্থত ক’ব পাৰে।”

ইপিনে, ভাৰতক প্ৰকৃত যুক্তৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত দৈমাৰীয়ে কয়, “ভাৰতৰ প্ৰতিখন ৰাজ্যৰ ভৌগোলিক অৱস্থিতি একেই নহয়। গতিকে প্ৰতিখন ৰাজ্যৰ বিভিন্ন শিতানৰ খৰচো একেধৰণৰ নহয়। ইয়াৰ উপৰি এই বৈচিত্ৰ্য অনুসৰি ৰাজ্যসমূহৰ কাৰণে বেলেগ বেলেগ ধৰেণে পুঁজি নিৰ্ধাৰণ এখন ৰাষ্ট্ৰৰ পক্ষে সম্ভৱ নহয়। সেয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ প্ৰয়োজন আছে।”

তেওঁ লগতে কয় যে প্ৰতিখন ৰাজ্যৰ ভাষা, সংস্কৃতি, ৰীতি-নীতি সকলো বেলেগ বেলেগ, গতিকে সকলোৰে অস্তিত্ব সুনিশ্চিত কৰিবলৈ সম্পূৰ্ণ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ নিতান্তই প্ৰয়োজন।

খিলঞ্জীয়া জনগোষ্ঠীয় গণসচেতনতা মহাসভা, অসমৰ উদ্যোগত অনুষ্ঠিত এই সভাত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো, বড়ো সাহিত্য সভাৰ সভাপতি টৰেণ বড়ো, অধিবক্তা অৰূপ বৰবৰা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd