• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃত ভাৰতীয় নাগৰিকক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ অভিযোগ আমছুৰ

ইয়াছিন আলী by ইয়াছিন আলী
August 28, 2018 1:10 pm
1889141_AAMSU

প্রতিনিধিত্বমূলক চিত্র

102
VIEWS
Share on FacebookShare on Twitter

বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু প্ৰত্যক্ষ তত্বাৱধানত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি প্রস্তুতকৰণৰ কাম চলি থকাৰ সময়তে ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি বিভিন্ন সংখ্যালঘু লোকক ডি ভোটাৰ সজাই অমানৱীয় বাবে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে।

এক প্ৰেছ বিজ্ঞপ্তিত আমছুৱে স্পষ্ট ৰূপত উল্লেখ কৰি কয় যে ১৯৯৭ চনৰ ভোটাৰ তালিকাত ডি ভোটাৰ হিচাপে চিহ্নিত নোহোৱা লাখ লাখ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকৰ বিৰুদ্ধে অসম আৰক্ষীৰ সীমান্ত বাহিনীয়ে ডি-ভোটাৰ তথা সন্দেহজনক নাগৰিকৰ নামত মিছা গোচৰ ৰুজু কৰি বিদেশী ন্যায়াধীকৰণে নির্বিচাৰে জাননী প্রেৰণ কৰি সেই সকল ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পেলোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

তেওঁলোকে আৰু কয় যে ৭/৮ বছৰীয়া ল’ৰা-ছোৱালীকো সীমান্ত বাহিনীয়ে ডি ভোটাৰৰ জাননী প্রেৰণ কৰিছে। এই ক্ষেত্ৰত গৃহবিভাগৰ দায়িত্বত থকা অসমৰ মুখ্য মন্ত্ৰীয়ে গ্ৰহণ কৰা নিৰৱতা অৱলম্বনৰ প্ৰতিবাদত যোৱা ইং ২৩ জুলাই, ২০১৮ ইং তাৰিখে সমগ্ৰ অসমতে জিলা আৰু মহকুমা সদৰ ঠাইত অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্রতিমূর্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল।

এই কাৰ্যসূচী আমাৰ বিজনী জিলা সমিতি আমছুৱে বিজনীত গণতান্ত্ৰিক পদ্ধতিত ৰূপায়ন কৰাৰ পিছত বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলেন দেউৰীয়ে নিজাববীয়াকৈ আমছুৰ জিলা সমিতিৰ সভাপতি আবুল কালাম আজাদ, উপ সভাপতি ৰছুল খান, জিয়াউল ৰহমান সাধাৰণ সম্পাদক জাহেদ আলী, সহঃ সম্পাদক ইনামুল হক, প্ৰচাৰ সম্পাদক আব্দুল জলিলৰ নামত আক্ৰোশমূলকভাৱে গোচৰ তৰে।

আৰক্ষী বিষয়াগৰাকীৰ এনে মইমতালি কাৰ্যক আমছুৱে প্ৰেছ বিক্ষপ্তিখনৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। প্ৰশাসনে নিজৰ দুৰ্বলতা ঢাকিবলৈ গৈ আমাৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰি গণতান্ত্ৰিক সংগ্ৰাম স্থবিৰ কৰাৰ যি অপচেষ্টা চলাইছে সেয়া আমছুয়ে কোনো কাৰণতে মানি ল’ব পৰা নাই।

সমগ্ৰ অসমত একে সময়তে উক্ত কাৰ্যসূচী ৰূপায়িত হৈছে কিন্তু এই কাৰ্যসূচীকলৈ কোনো থানাতে গোচৰ নকৰি একমাত্ৰ বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে গোচৰ তৰাত আমছু হতভম্ভ হৈছে বুলিও উল্লেখ কৰে।

আৰক্ষী বিষয়া জনে পূৰ্বতেও সাংবাদিকক ৰাজহুৱা স্থানত দুৰ্ব্যৱহাৰ কৰি ক্ষমতাৰ অপব্যৱহাৰ কৰা উদাহৰণ আছে। ইয়াৰ পৰা প্ৰমাণ হয় যে বিষয়াজনে নিজৰ ইচ্ছা অনুযায়ী আইন-কানুন ব্যৱহাৰ কৰি নিজকে তথাকথিত দক্ষ বিষয়া হিচাপে প্ৰতিষ্ঠিত কৰিব বিচাৰিছে।

সংগঠনটোৱে বিজ্ঞপ্তিৰ জৰিয়তে উক্ত আৰক্ষী বিষয়াৰ মইমতালি অতি শীঘ্ৰে নাকি লগাবলৈ ৰাজ্যৰ ডিজিপিক আহ্বান জনায়। অন্যথা এই কাৰ্যৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ আমছু বাধ্য হ’ব।

সংখ্যালঘু ৰাইজৰ অধিকাৰ কোনোবাই খৰ্ব কৰিব আৰু আমছুয়ে হাত সাবটি বহি থাকিব সেইটো কোনোপধ্যেই হ’ব নোৱাৰে। অনাগত দিনত সংখ্যালঘু ৰাইজৰ স্বাৰ্থত গণতান্ত্ৰিক সংগ্ৰাম বিগত দিনতকৈ তিনিগুন বৃদ্ধি পাব বুলিহে এই বিবৃতিৰ জৰিয়তে আমছুৱে ষ্পষ্ট কৰি দিয়ে।

Recent News

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

ভাৰতৰ সৈতে সিন্ধু জল চুক্তিৰ আলোচনা পুনৰ আৰম্ভ কৰিব বিচাৰে পাকিস্তানেঃ লিখিছে পত্ৰ

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

উচ্চতম ন্যায়ালয়ত ১৪টা প্ৰশ্ন ৰাষ্ট্ৰপতিৰ! শপত গ্ৰহণৰ পিছতে কঠিন পৰীক্ষাৰ সন্মুখীন মুখ্য ন্যায়াধীশ বি আৰ গাভাই

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত বেলট পেপাৰ টেম্পাৰিং কৰাৰ কথা স্বীকাৰ প্ৰবীণ চিপিআই(এম) নেতা জি সুধাকৰণৰ

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

স্বাধীন বেলুচিস্তানৰ ঘোষণা বিদ্ৰোহী নেতাৰ! ভাৰতৰ প্ৰতি বন্ধুত্বৰ বাৰ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd